Logo
image

সলনি হ'ব নেকি আছুৰ সভাপতি-সম্পাদক?: কি ক'লে শংকৰজ্যোতি বৰুৱাই?

ডিজিটেল সংবাদ, মৰিগাঁওঃ আছুৰ প্ৰতিগৰাকী কৰ্মীয়ে নেতৃত্ব ল'বলৈ সক্ষম আৰু পৰৱৰ্তী নেতৃত্ব কোন হ'ব সেয়া আছুৰ সন্মানীয় প্ৰতিনিধিসকলে নিৰ্বাচন কৰিব। আছুৰ অধিৱেশনৰ পূৰ্বে বহু খবৰ প্ৰকাশিত হৈ থাকে, কিন্তু প্ৰতিনিধি সভাতহে প্ৰকৃততে আলোচনা হ'ব এই সকলোবোৰ বিষয়। অহা ২১ নৱেম্বৰৰ পৰা মৰিগাঁও সদৰত অনুষ্ঠিত হ'বলগীয়া আছুৰ অষ্টাদশ মৰিগাঁও অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ মৰিগাঁৱত উপস্থিত হোৱা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই মন্তব্য কৰে। 

আছুৰ সাধাৰণ সম্পাদকজনৰ লগতে উপদেষ্টা প্ৰকাশ দাস প্ৰমুখ্যে কেইবাগৰাকী কেন্দ্ৰীয় নেতাই মৰিগাঁৱত উপস্থিত হৈ অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লয়। এই পৰিদৰ্শনকালত আছুৰ ভাৰপ্ৰাপ্ত সভাপতি তথা আদৰণি সমিতিৰ সম্পাদক উৎপল শৰ্মা, আদৰণি সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰ, কাৰ্যকৰী সভাপতি অতনু কুমাৰ শৰ্মা, মৰিগাঁও জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপজ্যোতি মেধি , প্ৰচাৰ সমিতিৰ সভাপতি তথা জেষ্ঠ সাংবাদিক ঋতুমণি মহন্ত, বিশিষ্ট সাংবাদিক অজিত শৰ্মা উপস্থিত থাকে। 

ইপিনে আছুৰ মৰিগাঁও অধিৱেশনত সভাপতি-সম্পাদক কোন হ'ব এই সম্পৰ্কত আছুৰ সাধাৰণ সম্পাদক বৰুৱাই কয় যে অধিৱেশনত সভাপতি-সম্পাদক কোন হব সেয়া নিৰ্ণয় কৰিব প্ৰতিনিধি সভাই। প্ৰতিনিধি সভাই দায়িত্ব অৰ্পণ কৰিলে পৰৱৰ্তী সভাপতি উৎপল শৰ্মা আৰু সম্পাদক পদত তেওঁ নিজেই দায়িত্ব ল'ব বুলি মন্তব্য কৰে শংকৰজ্যোতি বৰুৱাই। উল্লেখ যে অহা ২১ নৱেম্বৰৰ পৰা মৰিগাঁও চহৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগা আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি যুদ্ধকালীন গতিৰে চলিছে । মৰিগাঁও স্কুল খেলপথাৰত বিশাল মণ্ডপ নিৰ্মাণ হোৱাৰ লগতে অধিৱেশনৰ ২৭ খন উপ-সমিতিয়ে দিনে-নিশাই অধিৱেশনৰ কাম-কাজ অব্যাহত ৰাখিছে। ৰাজ্যখনৰ ১০ হাজাৰ প্ৰতিনিধিয়ে অংশ ল'ব লগা আছুৰ মৰিগাঁও অধিৱেশনত পূৰ্ণ ৰূপত প্ৰতিফলিত হ'ব মৰিগাঁৱৰ ইতিহাস,  ঐতিহ্য আৰু পৰম্পৰা।