Logo
image

গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ মেচ, টিকটৰ দাম হ্ৰাস

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ নৱেম্বৰঃ গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত ২৮ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ মেচৰ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা টিকটৰ বিক্ৰী আৰম্ভ হ’ব৷ মেচখনৰ টিকট উপলব্ধ হ’ব Bookyshowত৷ শৃংখলাটোৰ বাবে ভাৰতীয় দলত অসমৰ ৰিয়ান পৰাগে স্থান পোৱাৰ সম্ভাৱনা চৰ্চিত হোৱাৰ সময়ত স্বাভাৱিকতেই মেচখনৰ প্ৰতি অনুৰাগীৰ আকৰ্ষণ বৃদ্ধি পাইছে৷ শৃংখলাটোৰ বাবে ৰিয়ানে জাতীয় দলত স্থান পালে এনে কৃতিত্ব অৰ্জন কৰা তেওঁ অসমৰ প্ৰথমজন পুৰুষ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব৷ অসম ক্ৰিকেট সন্থাই জনোৱা মতে বৃহস্পতিবাৰ পুৱা ৯ বজাৰ পৰা টিকটসমূহ BookMyshow যোগে উপলব্ধ হ’ব৷ কেটেগৰী অনুসৰি টিকটৰ মূল্য এনেধৰণৰ– ৱেষ্ট ষ্টেণ্ড ব্লক ই ছেকেণ্ড ফ্ল’ৰ (কেৱল শিক্ষাৰ্থীৰ বাবে) ৫০০ টকা, ৱেষ্ট ব্লক এফ ছেকেণ্ড ফ্ল’ৰ (কেৱল শিক্ষাৰ্থীৰ বাবে) ৫০০ টকা, ৱেষ্ট ষ্টেণ্ড ব্লক ই ফাৰ্ষ্ট  ফ্ল’ৰ ১,৫০০ টকা, ৱেষ্ট ষ্টেণ্ড ব্লক এফ ফাৰ্ষ্ট ফ্ল’ৰ ১৫০০ টকা, ৱেষ্ট ষ্টেণ্ড ব্লক ই গ্ৰাউণ্ড ফ্ল’ৰ ২০০০ টকা, ৱেষ্ট ষ্টেণ্ড ব্লক এফ গ্ৰাউণ্ড ফ্ল’ৰ ২০০০ টকা, ৱেষ্ট ষ্টেণ্ড ব্লক এফ গ্ৰাউণ্ড ফ্ল’ৰ ২০০০ টকা, ইষ্ট ষ্টেণ্ড ব্লক বি ছেকেণ্ড ফ্ল’ৰ ৭৫০ টকা, ইষ্ট ষ্টেণ্ড ব্লক বি ফাৰ্ষ্ট ফ্ল’ৰ ১৫০০ টকা, ইষ্ট ষ্টেণ্ড ব্লক বি গ্ৰাউণ্ড ফ্ল’ৰ ২০০০ টকা, নৰ্থ ষ্টেণ্ড ব্লক জি গ্ৰাউণ্ড ফ্ল’ৰ ৩০০০ টকা, নৰ্থ ষ্টেণ্ড ব্লক জি থাৰ্ড ফ্ল’ৰ ১৫০০ টকা, নৰ্থ ষ্টেণ্ড ব্লক এ থাৰ্ড ফ্ল’ৰ ১৫০০ টকা, ছাউথ ষ্টেণ্ড ব্লক চি থাৰ্ড ফ্ল’ৰ ১৫০০ টকা, ছাউথ ষ্টেণ্ড ব্লক ডি গ্ৰাউণ্ড ব্লকৰ থাৰ্ড ফ্ল’ৰ ৩০০০ টকা, ছাউথ ষ্টেণ্ড ব্লক ডি গ্ৰাউণ্ড ফ্ল’ৰ ৩০০০ টকা, ছাউথ ষ্টেণ্ড ব্লক চি ছেকেণ্ড ফ্ল’ৰ ৪০০০ টকা, ছাউথ ষ্টেণ্ড ব্লক ডি ছেকেণ্ড ফ্ল’ৰ ৪০০০ টকা৷ এই তালিকাৰ পৰা দেখা যায় ছাত্ৰ-চাত্ৰীৰ বাবে টিকটৰ দাম ৫০০ টকা ধাৰ্য কৰা হৈছে৷ সাধাৰণ টিকটৰ মূল্য ৭৫০ টকাৰ পৰা আৰম্ভ হৈছে আৰু সৰ্বোচ্ছ ৪ হাজাৰ নিৰ্ধাৰণ কৰা হৈছে৷ উল্লেখ্য, গুৱাহাটীত অনুষ্ঠিত পূৰ্বৰ আন্তঃৰাষ্ট্ৰীয় খেলখনত টিকটৰ যি নূন্যতম হাৰ আছিল তাতকৈ ২৮ নৱেম্বৰত হ’বলগীয়া খেলখনৰ টিকটৰ মূল্য হ্ৰাস কৰা হৈছে৷ পূৰ্বৰ খেলখনত টিকটৰ নূন্যতম মূল্য আছিল ১৫০০ টকা৷ তাৰ বিপৰীতে এইবাৰৰ খেলখনত টিকটৰ নূন্যতম মূল্য ৭৫০ টকা নিৰ্ধাৰণ কৰা হৈছে৷ তাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীৰ টিকটৰ দাম পূৰ্বৰ তুলনাত ২৫ টকা বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য, পাঁচদিনীয়া টি-২০ শৃংখলাৰ মেচসমূহ অহা ২৩ নৱেম্বৰ, ২৬ নৱেম্বৰ, ২৮ নৱেম্বৰ আৰু ১ ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ ইয়াৰ শৃংখলাৰ তৃতীয়খন মেচ গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷