Logo
image

ভৰি ধোৱা পানী খাব লাগে বুলি ক’লেহে...

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ নৱেম্বৰঃ শংকৰ সংঘৰ সমাৰোহত বদৰুদ্দিন আজমলে ভাগ লোৱাৰ বাতৰি প্ৰকাশৰ পাছতে হাহাকাৰ লাগিছে ৰাজ্যতে৷ শংকৰ সংঘৰ ভূমিকাক কঠোৰ সমালোচনা কৰিছে বিভিন্নজনে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শংকৰ সংঘৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত বিজেপি বিধায়ক অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ‘ভৰি ধোৱা পানী খাব লাগিব বুলি ক’লেহে– কামত নামি গ’ল৷ শংকৰ সংঘৰ বিধান মতেই মোৰ বিয়াখন হৈছিল৷ সোণাৰাম চুতীয়াৰ নেতৃত্বত৷ তেওঁ এগৰাকী নমস্য ব্যক্তি৷ শংকৰ সংঘৰ গুৰি ধৰোতা৷ আমি ‘বামুণীয়া’ দেউতাই আপত্তি কৰা নাছিল যদিও ঘৰলৈ আনি হোম পুৰাৰ কথা এবাৰ কৈছিল– হেঁচা নিদিলে৷ হিন্দুয়ে মুছলমানৰ ভৰি ধোৱা পানী খাব লাগিব বুলি ক’বলৈহে পালে– ভৰি ধোৱা আৰম্ভ হৈ গ’ল৷ আজমলৰ চৰণ চুই সেৱা জনোৱা দৃশ্য টিভিত দেখা পাই কোনোবা অসমীয়াই যদি শান্তি পাইছে সেই কথা নাজানো– আমাৰ কিন্তু সহ্য হোৱা নাই৷ শংকৰ সংঘৰ অধিৱেশন যিদৰে আয়োজন কৰে– দেখিলে আমাৰ দৰে জাতীয়তাবাদী মনবোৰে ভাবিব নোৱাৰো– শান্তি অনুভৱ কৰোঁ৷ আজি আজমলৰ চৰণ চুই কি আশাত এনেদৰে আদৰিছে– আমাৰ দৰে মানুহৰ বুজাত অসুবিধা হৈছে৷ দহজন মুখ্যমন্ত্ৰী কিনিব পাৰো বুলি কোৱা কথাষাৰৰ কিবা প্ৰভাৱ পৰিছে নেকি? টিভি চেনেলৰ দৃশ্যই শংকৰ সংঘৰ ভৱিষ্যৎ বহু ক্ষতি কৰিব৷ বহু অসমীয়া মুছলমানেও এনে কথা-কৰ্ম দেখি আচৰিত হৈছে বুলি অনুভৱ কৰোঁ৷ একমাত্ৰ প্ৰচাৰৰ বাবে অথবা সমন্বয় সম্প্ৰীতিৰ কথা কৈ এনেবোৰ সস্তীয়া কাম নকৰিবলৈ শংকৰ সংঘক নিবেদন জনাইছোঁ৷ যদি কোনোবাই দুই-চাৰিজনে তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেহে এনে কৰিছে তেনেহ’লে তেওঁলোকৰ বিৰুদ্ধে তৎকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে শংকৰ সংঘৰ গুৰি ধৰোতা সকলক অনুৰোধ জনাইছোঁ৷” উল্লেখ্য, দিনদিয়েক পূৰ্বে ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কৈছিল– অসমত শাসনভাৰ ল’বলৈ হ’লে মিঞা মুছলমানৰ হাত-ভৰি ধুই পানী খাব লাগিব৷ তাৰ পাছতে গোৱালপাৰাৰ ধূপধৰাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাৰোহত আজমলক কাৰ্যতঃ ভৰিত ধৰি সেৱা জনোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অতুল বৰাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

মুখ্যমন্ত্ৰীক উভতি ধৰিলে আজমলে

বদৰুদ্দিন আজমলে শংকৰ সংঘৰ সমাৰোহত উপস্থিত থকাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছতে আজমলে মুখ্যমন্ত্ৰীক উভতি ধৰিছে৷ তেওঁ কয়– মুখ্যমন্ত্ৰী মোৰ বচ নহয় যে তেওঁক সুধিহে মই ক’ৰবালৈ যাম৷ মই ক’লৈ যাম সেয়া মোৰ ব্যক্তিগত কথা৷