Logo
image

‘ৰাঘৱ’ক লৈ ট্ৰ’ল কৰাসকল পৰিব বিপদত! আৰক্ষীৰ কাষ চাপিল যতীন বৰা

 ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে মুক্তি লাভ কৰা অভিনেতা যতীন বৰাৰ শেহতীয়া চলচ্চিত্ৰ ‘ৰাঘৱ’ক লৈ অসমবাসীয়ে তীব্ৰ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। 'ৰাঘৱ'ক লৈ ট্ৰ'ল কৰা সকলৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে অভিনেতা তথা প্ৰযোজক যতীন বৰা।মুক্তিৰ পিছৰে পৰা ছবিখনকলৈ একাংশ লোকে সামজিক মাধ্যমত নেতিবাচক মন্তব্য কৰা দেখা গৈছে। সামাজিক মাধ্যমত ৰাঘৱ ছবিক ট্ৰ’ল কৰাক লৈ যতীন বৰা এতিয়া ক্ষুব্ধ  হৈ পৰিছে। বৃহস্পতিবাৰে অভিনেতা যতীন বৰাই ‘ৰাঘৱ’ক লৈ সামাজিক মাধ্যমত অপপ্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ চাইবাৰ শাখাৰ ১৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰে।ইতিমধ্যে  ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা একাংশক অসম আৰক্ষীৰ চাইবাৰ শাখাই তলব কৰাৰ বাবে তালিকা প্ৰস্তুত কৰিছে ।

দৰাচলতে, ‘ৰাঘৱ’ চিনেমাখন মুকলিৰ পূৰ্বৰে পৰাই চৰ্চাত আছিল। কা আন্দোলনৰ সময়ত যতীন বৰাৰ সঘনাই স্থিতি সলনিক লৈ ৰাইজ যেন ক্ষোভিত হৈ আছে। তেওঁলোকে যতীন বৰাক অসমীয়া জাতিৰ বিৰোধী বুলিহে অভিহিত কৰা দেখিবলৈ পোৱা গৈছে।  কিন্তু ইয়াৰ মাজতে অসমকে ধৰি ভাৰতৰ ভালেকেইখন মহানগৰত মুক্তি লাভ কৰা 'ৰাঘৱ' ছবিখনে ছবিগৃহত দৰ্শকৰ পৰা সহাৰি লাভ কৰা দেখা পোৱা গৈছে।