Logo
image

সাম্প্ৰদায়িক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাক জামিন

ডিজিটেল সংবাদ, গুৱাহাটীঃ সাম্প্ৰদায়িক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাক বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে  জামিন মঞ্জুৰ কৰে। এদিনৰ  আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাত বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে অভিযুক্ত কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়।‌ আদালতে দুয়ো পক্ষৰ অধিবক্তাৰ যুক্তি-তৰ্ক শুনাৰ পাছত কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাৰ জামিন মঞ্জুৰ কৰে। 

উল্লেখ্য যে কংগ্ৰেছী বিধায়ক আফতাবুদ্দিনক বুধবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰাই ৫ দিনৰ জিম্মাত বিচাৰি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আৱেদন জনাইছিল। উক্ত আৱেদনৰ ভিত্তিত আদালতে অভিযুক্ত বিধায়ক আফতাবুদ্দিনক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। মন কৰিবলগীয়া যে কংগ্ৰেছী বিধায়ক আফতাবুদ্দিন মোল্লাৰ জামিন বিচাৰি তেওঁৰ অধিবক্তাই কালিও আদালতত আৱেদন কৰিছিল। উক্ত আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কংগ্ৰেছী বিধায়ক আফতাবুউদ্দিন মোল্লাৰ জামিন আবেদন নাকচ কৰিছিল।

উল্লেখযোগ্য যে মঙলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ বিধায়কজনক। দিছপুৰৰ বিধায়ক আৱাসৰ এফ ব্লকত থকা দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিধায়ক আৱাসৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আফতাবুদ্দিন মোল্লাক। হিন্দু ধৰ্মক লৈ ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছিল জলেশ্বৰ সমষ্টিৰ বিধায়ক মোল্লা। হিন্দুক ব্যভিচাৰী আৰু নামঘৰীয়াক ধৰ্ষণকাৰী বুলি কৰা মন্তব্যৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। বিভিন্ন দল-সংগঠন, ব্যক্তিবিশেষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধায়কজনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। দিছপুৰ থানাতো বিধায়কজনৰ বিৰুদ্ধে ভেটাপাৰাৰ দীপক কুমাৰ দাস নামৰ লোকজনে দাখিল কৰিছিল এজাহাৰ। এই এজাহাৰৰ ভিত্তিতে বিধায়ক আফতাবুদ্দিনৰ বিৰুদ্ধে U/S 295A /153A(1)(b)/505(2) ধাৰা সন্নিৱিষ্ট কৰি 2127/23 নম্বৰত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। গুৱাহাটীৰ পূব আৰক্ষী জিলাৰ ডি চি পিৰ কাৰ্যালয়ত আৰক্ষীয়ে বিধায়কজনক সোধা-পোছা কৰাৰ পিছতে অসম আৰক্ষীৰ বিশেষ শাখাৰ থানাত ৰখা হয়। উল্লেখ্য যে হিন্দু ধৰ্মক লৈ আপত্তিজনক মন্তব্য কৰি বিপদত পৰা জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাবুদ্দিন মোল্লা কংগ্ৰেছ দলৰো ৰোষত পৰিছে। দলৰ ফালৰ পৰা ইতিমধ্যে বিধায়কজনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।