Logo
image

কঠোৰ প্ৰশাসন লাগে

সাত নৱেম্বৰত উচ্ছতম ন্যায়ালয়ে আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰি কয় যে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰাটো সকলোৰে দায়িত্ব, ইয়াৰ বাবে আইন-আদালতৰ নিৰ্দেশলৈ বাট চাব নালাগে৷ পিছে, মানুহৰ জ্ঞানচক্ষু গান্ধাৰীৰ দৰে৷ দিল্লীকে ধৰি দেশৰ ক্ৰমবৰ্ধমান বায়ু প্ৰদূষণলৈ লক্ষ্য কৰি ২০১৮ চনতে উচ্ছতম ন্যায়ালয়ে আতচবাজীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ কিন্তু, গান্ধাৰী ৰাইজে কাণতো ঠিলা মাৰি থৈছিল; নিষেধাজ্ঞা ৰাইজৰ কাণত নোসোমাল৷ আনকি দুবছৰীয়া ক’ভিড মহামাৰীয়েও জনসাধাৰণ, উৎপাদক, বিক্ৰেতা, ক্ৰেতাৰ ঘাতক-উল্লাসত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশকো কেৰেপ নকৰা মানুহে উৎসৱৰ দোহাই দি দিন-ৰাতি একাকাৰ কৰি প্ৰায় সপ্তাহজোৰা আতচবাজী ব্যৱহাৰ কৰি শব্দ আৰু বায়ু প্ৰদূষণ বঢ়াই গৈ থাকিল৷ সেয়েহে, উচ্ছতম ন্যায়ালয়ে পুনৰ পূৰ্বৰ নিৰ্দেশ নতুনকৈ জাৰি কৰিবলগীয়া হৈছে৷ উচ্ছতম ন্যায়ালয়ৰ এই নিৰ্দেশ কেৱল দিল্লী অথবা ৰাজস্থানৰ বাবেই নহয়, বৰঞ্চ, সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ জাৰি কৰা হৈছে৷ বিগত বছৰবোৰৰ দৰে অসমতো, বিশেষকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে তৎপৰতা দেখুৱাই এইক্ষেত্ৰত কিছুমান নিৰ্দেশনা জাৰি কৰিছে৷ দেৱালীৰ নিশা আঠ বজাৰ পৰা মাথোন দুঘণ্টাৰ বাবেহে ‘সেউজ আতচবাজী’ ব্যৱহাৰৰ বাবে সময় নিৰ্ধাৰণ কৰি নিষেধাজ্ঞা জাৰি কৰিছে৷ এনে নিৰ্দেশনা আগতেও দিয়া হৈছিল, কিন্তু প্ৰশাসনক উপলুঙা কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ওৰেৰাতি অতি উচ্ছ প্ৰাবল্যৰ শব্দ সৃষ্টিকাৰী, বিষময় ৰাসায়নিক গেছ নিৰ্গতকাৰী ফটকা-আতচবাজীৰে একাংশ উৎসৱ-উন্মাদ মানুহে দেৱালী উদ্‌যাপনৰ নামত প্ৰদূষণ বঢ়াইছিল৷ যিহেতু এইসকলে কতৃৰ্পক্ষৰ নিষেধাজ্ঞা অমান্য কৰাৰ বাবে কোনো জেৰা বা শাস্তিৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল, কোনো দৃষ্টান্তমূলক জৰিমনা আদিও আৰোপ কৰা হোৱা নাছিল, গতিকে এইবাৰো যে নিৰ্দেশ অমান্য নকৰিব তাৰ কোনো নিশ্চয়তা নাই৷ প্ৰশাসনে আগতীয়াকৈ এনে নিষেধাজ্ঞা তথা শাস্তি-জৰিমনাৰ কথাও বিস্তাৰিতভাৱে প্ৰচাৰ কৰা উচিত৷ তদুপৰি, কেৱল ‘সেউজ আতচবাজী’হে বিক্ৰী আৰু ব্যৱহাৰ কৰিব পাৰিব বোলা নিৰ্দেশনাৰ নিৰীক্ষণ কিদৰে কৰা হ’ব, সেই সম্পৰ্কেও কিছু পৰিকল্পনা থকাটো প্ৰয়োজনীয়৷ নহ’লে কাগজে-পত্ৰই থকা এই নিৰ্দেশনাবোৰ কাৰ্যত ‘গালো, বালো, খোলাকটিৰ তাল’হে হয়গৈ৷

বিগত কালছোৱাত বায়ু প্ৰদূষণ কেৱল এখন-দুখন দেশৰ সমস্যা হৈ থকা নাই৷ বৰঞ্চ, সৌ ছেপ্টেম্বৰ মাহত ৱ’ল্ডৰ্ ইক’ন’মিক ফ’ৰামে প্ৰকাশ কৰা তথ্য অনুসৰি [ৱ’ল্ডৰ্ হেল্‌থ অৰ্গেনাইজেচনৰ সমীক্ষা সূত্ৰ] বিশ্বৰ ৯৯ শতাংশ মানুহে প্ৰদূষিত বায়ু সেৱন কৰি আছে, যাৰ ফলত প্ৰতিবছৰে জ্জ নিযুতকৈ মানুহে অকাল মৃত্যুবৰণ কৰিছে৷ আন এক তথ্য অনুসৰি বিশ্বৰ মাথোন ৬খন দেশে বিশ্বৰ মানুহৰ গড় আয়ুসত বহুলাংশে প্ৰতিকূল প্ৰভাৱ পেলাইছে আৰু সেই দেশবোৰৰ মাজত ভাৰতো অন্যতম৷ নিৰৱচ্ছিন্নভাৱে কৰা বায়ু প্ৰদূষণ নিৰীক্ষণৰ তালিকাত বিশ্বৰ মহানগৰীসমূহৰ ভিতৰত দিল্লীৰ স্থান দ্বিতীয়৷ লাহোৰৰ পাছতেই দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্ৰাই বিশ্বত ৰেকৰ্ড স্থাপন কৰিছে৷ ৰাষ্ট্ৰসংঘকে ধৰি আন আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সক্ৰিয়ভাৱে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে৷ ভাৰতো তাৰ ব্যতিক্ৰম নহয়৷ বৰ্তমানৰ ২৫ শতাংশৰ সলনি ২০৩০ চনৰ ভিতৰত ৩৩ শতাংশলৈ বনভূমি সম্প্ৰসাৰণৰ বাবে ভাৰতে শপত লৈছে৷ এনেবোৰ কথা গুৰুত্বসহকাৰে প্ৰশাসনীয় কতৃৰ্পক্ষই জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব লাগে৷ এই বিশাল সমস্যাটো সমাধানৰ ক্ষেত্ৰত একো অৰিহণা যোগাব নোৱাৰিলেও সমস্যাটো বাঢ়ি যোৱাত যাতে কোনোৱে অৰিহণা আগ নবঢ়ায়, তাৰ প্ৰতি কঠোৰভাৱে লক্ষ্য ৰাখিব লাগে আৰু দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা ৰাখিব লাগে৷ উচ্ছতম ন্যায়ালয়ৰ নিষেধাজ্ঞা বাহাল ৰখাত কামৰূপ মহানগৰ প্ৰশাসন কিমানদূৰ সফল হয়, তাক অহা দুদিনৰ গুৱাহাটীৰ আকাশ-বতাহে হিচাপ ৰাখিব৷