Logo
image

কঠিন হৈ পৰিল পাকিস্তানৰ ছেমিৰ পথ

বেংগালুৰু, ১০ নৱেম্বৰঃ বৃহস্পতিবাৰে বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে নিউজীলেণ্ডৰ অনায়াস জয়ৰ পাছত পাকিস্তানৰ ছেমিফাইনেল খেলাৰ সম্ভাৱনা একেবাৰে ক্ষীণ হৈ পৰিল৷ পাকিস্তানৰ অন্তিম খেল আছে ইংলেণ্ডৰ বিৰুদ্ধে৷ কিন্তু সেই খেলখনত জয়ী হ’লেই নহ’ব৷ পাকিস্তানৰ সন্মুখত আছে যথেষ্ট জটিল সমীকৰণ, সেই লক্ষ্যত উপনীত হোৱাটো দলটোৰ বাবে অসম্ভৱ বুলি ক’লেও হয়তো ভুল কৰা নহ’ব৷ ৮খন খেলৰ পৰা দহ পইণ্টেৰে নিউজীলেণ্ড আছে পইণ্ট তালিকাৰ চতুৰ্থ স্থানত৷ দলটোৰ নেট ৰেট হৈছে +০.৭৪৩৷ তাৰ বিপৰীতে আঠখন খেলত পাকিস্তানৰ সংগ্ৰহ আঠ পইণ্ট৷ নেট ৰেট হৈছে +০.০৩৬৷ দুয়োটা দলৰ মাজত আছে নেট ৰান-ৰেটৰ বৃহৎ পাৰ্থক্য৷ নিউজীলেণ্ডক চেৰ পেলাই অন্তিম চাৰি স্থানত উপনীত হ’বলৈ হ’লে পাকিস্তানে লীগৰ অন্তিম খেলত ইংলেণ্ডক পৰাস্ত কৰিব লাগিব ২৮৭ ৰানত, যিটো প্ৰায় অসম্ভৱ৷ যদি ইংলেণ্ডে প্ৰথমে বেটিং কৰি ৩০০ ৰান সংগ্ৰহ কৰে, তেন্তে পাকিস্তান সেই লক্ষ্যত উপনীত হ’ব লাগিব ৬ অভাৰত৷ আনহাতে, পাকিস্তানী বলাৰ যদি ইংলেণ্ডৰ ইনিংছ ১০০টৰানত সীমিত ৰাখিবলৈ সক্ষম হয়, তেন্তে দলটোৱে সেই লক্ষ্য অতিক্ৰম কৰিব লাগিব তিনি অভাৰত৷ এনে স্থিতিত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত ছেমিফাইনেলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনায়েই প্ৰবল৷