Logo
image

নিৰ্বাচনৰ পূৰ্বেই শেষ হ’ব ‘ইণ্ডিয়া’, বিজেপিৰ কটাক্ষ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ নৱেম্বৰঃ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই অস্তিত্বহীন হ’ব নেকি ‘ইণ্ডিয়া’ বা ১৫ দলীয় বিৰোধী ঐক্যমঞ্চ৷ আসনক কেন্দ্ৰ কৰি বিৰোধী ঐক্যমঞ্চৰ অন্তৰ্ভুক্ত দলসমূহৰ মাজত চলি থকা সংঘাতে ইতিমধ্যে চূড়ান্ত ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ অসম তৃণমূল কংগ্ৰেছ দলে দুদিন পূৰ্বে কৰিমগঞ্জ লোকসভা সমষ্টিত দলীয় কাৰ্যালয় মুকলি কৰি এই লোকসভা সমষ্টিটো দাবী কৰাৰ পাছতে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই৷ উল্লেখ্য যে টিএমচি দলৰ নেত্ৰী সুস্মিতা দেৱ কৰিমগঞ্জ সমষ্টিৰ পৰা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী হোৱাৰ আশা পালি আছে৷ এই উদ্দেশ্যৰে নেত্ৰীগৰাকীয়ে সমষ্টিটোত আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা৷ তৃণমূল কংগ্ৰেছ দলে ইতিমধ্যে কৰিমগঞ্জকে ধৰি প্তটা লোকসভা সমষ্টি দাবী কৰিছে বিৰোধী ঐক্যমঞ্চৰ পৰা৷ তৃণমূল কংগ্ৰেছৰ সমান্তৰালভাৱে অসম জাতীযপৰিষদেও আসন দাবী কৰিছে৷ যাৰ ফলত এতিয়া চূড়ান্ত সংঘাতে দেখা দিছে ঐক্যমঞ্চ বা ‘ইণ্ডিয়া’ৰ অংশীদাৰী দলৰ মাজত৷ কংগ্ৰেছ আৰু টিএমচি প্ৰত্যক্ষভাৱে ইণ্ডিয়াৰ অন্তৰ্ভুক্ত দল হোৱাৰ পাছতো এই সংঘাতে ৰাজনৈতিক দিশত বিশেষ তাৎপৰ্য বহন কৰিছে৷ দলীয় বাধা-নিষেধ সত্ত্বেও কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই টিএমচিক আক্ৰমণৰ লক্ষ্য কৰি কয়–  ১৪ টা সমষ্টিৰ ভিতৰত ১৪ টাতে ‘ইণ্ডিয়া’ৰ অন্তৰ্ভুক্ত কোনো দলে যদি প্ৰাৰ্থিত্ব দিব পাৰে তেন্তে সেই দলটোকে ১৪ টা সমষ্টি দি দিব লাগে৷ কিন্তু কংগ্ৰেছৰ বাহিৰে কোন দলৰ সেই সাংগঠনিক স্থিতি আছে? সেয়ে কংগ্ৰেছক বাদ দি অন্য দলে এই চিন্তা কৰা অনুচিত৷ নিৰ্বাচন খেলিবলৈ গ’লে সাংগঠনিক স্থিতিৰ প্ৰয়োজন আছে৷ সাংগঠনিক আন্তঃগাঁথনিৰ প্ৰয়োজন আছে৷ যি দলে কালি নিজৰ কাৰ্যালয় মুকলি কৰি আজি প্ৰাৰ্থিত্ব বিচাৰিছে সেয়া লজ্জাজনক৷ অৱশ্যে বিৰোধী ঐক্যমঞ্চৰ মুখপাত্ৰ ৰকিবুল হুছেইনে পুৰকায়স্থৰ এই মন্তব্যক দলৰ মন্তব্য নহয় বুলি স্পষ্ট কৰি দি কয়– এই কথাখিনি কংগ্ৰেছ দলৰ কথা নহয়৷ সেই কথাখিনি পুৰকায়স্থৰ ব্যক্তিগত কথা৷ দলৰ হাইকমাণ্ডে আসনৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল’ব৷ উল্লেখ্য, কংগ্ৰেছ বিধায়ক আফতাবুদ্দিন মোল্লাক গ্ৰেপ্তাৰৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ নেতা-কৰ্মীক আগতীয়া অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য নকৰিবলৈ কাৰ্যতঃ ফটোৱা জাৰি কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ নিৰ্দেশৰ ভিত্তিত দলৰ কোনো নেতা-কৰ্মীক অনুমতি অবিহনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কিন্তু ভূপেন বৰাৰ এই ফটোৱাৰ পাছতো স্বয়ং দলৰ কাৰ্যকৰী সভাপতিজনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি বিতৰ্কৰ সূচনা কৰিছে৷ আনহাতে কংগ্ৰেছ দল তথা ‘ইণ্ডিয়া’ক কটাক্ষ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– নিৰ্বাচনৰ সময়লৈকে নাথাকিব বিৰোধীৰ ইণ্ডিয়া এলায়েন্স৷ অসমতো নিৰ্বাচনলৈকে নাথাকিব বিৰোধী ঐক্যমঞ্চ৷ কংগ্ৰেছ দলে অন্য দলক কেতিয়াও প্ৰাধান্য নিদিয়ে৷ ইতিমধ্যে আগন্তুক লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছক আসন নিদিয়াৰ কথা প্ৰকাশ কৰিছে৷ ৰিপুণ গগৈ, সুস্মিতা দে’ক লেং মাৰিছেই কংগ্ৰেছে৷ সময়ত অখিল গগৈ, লুৰীণজ্যোতি গগৈকো কংগ্ৰেছে লেং মাৰিব৷ কংগ্ৰেছে নিজৰ সহযোগী দলবিলাকক লেং মৰাটো এটা ইতিহাস আছে৷ এইবাৰো তাৰ পুনৰাবৃত্তি হ’ব৷

বিৰোধী ঐক্যক আত্মসহায়ক গোটৰ লগত তুলনা জয়ন্তমল্লৰ

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ বিৰোধী ঐক্য হ’ল ১৮ টা আত্মসহায়ক গোটৰ দৰে৷ তাৰে এটা আত্মসহায়ক গোটে ৮৫৫ জন শ্বহীদ হেৰুৱাইছে আৰু তাৰে এটা আত্মসহায়ক গোটে ৮৫৫ জন শ্বহীদক হত্যা কৰিছে৷ গতিকে তেনেকুৱা দলৰ মাজত মিত্ৰতা কেনেদৰে সম্ভৱ! দুই মেৰু কেতিয়াও সংযোগ হব নোৱাৰে৷ আত্মসহায়ক গোটসমূহৰো এটা আইড’ল’জী থাকে৷ কিন্তু বিৰোধী ঐক্যৰ একো আইড’ল’জী নাই৷ বিৰোধী ঐক্যই যি সভা পাতে বিপিএমজনে মাতিলেও বজালীত ১০০টা আত্মসহায়ক গোট লগ হ’ব এই কটাক্ষ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ৷ আজি পাঠশালাত সাংবাদিকৰে হোৱা কথা বতৰাত তেও কয় ভাৰতত থাকিবলৈ হলে ভাৰতীয় সনাতনী সভ্যতা সংস্কৃতিক সন্মান কৰিব লাগিব নহলে মন্ত্ৰী বিধায়ক যিয়েই নহলেও তেওঁলোকক দেশদ্ৰোহী হিচাবে বিবেচনা কৰা হব কাৰণ ভাৰতীয় সনাতনী সভ্যতাৰ আবেগ অনুভূতিক আঘাত হানিব পৰা কথা কোনোবাই কলে তেওঁৰ বিৰুদ্ধে ভাৰতীয় সংবিধানৰ ধাৰা অনুসৰি অসম আৰক্ষী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব৷ গতিকে কথা কওতে সাবধান লাগে বদৰুদ্দিন আজমলে যাক প্ৰতিনিধিত্ব কৰে তেওঁ সাংসদ হলেও অসমীয়া মানুহে মিয়া মুছলমানক মনেৰে মানি লব নিনিচাৰে, গতিকে শংকৰ সংঘ, সাহিত্য সভাৰ দৰে জাতীয় সংগঠন সমূহে পৰম্পৰাৰ নামত সেৱা গ্ৰহণ কৰা বা সাংসদ বুলি নিমন্ত্ৰণ জনোৱা কাৰ্যত অসমীয়া মানুহৰ মনত দুখ দিয়ে৷ তেনেধৰণৰ কাম জাতীয় সংগঠনবোৰে নকৰিলে ভাল৷ হাইদৰ হুছেইনক নিমন্ত্ৰণ জনালে গাত নালাগে কিন্তু বদৰুদ্দিন আজমলক মাতিলে গাত লাগে৷