Logo
image

গেৰুৱা শিবিৰলৈ যোৱাৰ পৰিকল্পনা!: নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাৰ পদত্যাগ

ডিজিটেল সংবাদ, নগাঁওঃ কংগ্ৰেছত চলি থকা আভ্যন্তৰীণ কন্দলক প্ৰতীয়মান কৰি নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই শুকুৰবাৰে দলৰ পৰা পদত্যাগ কৰে। সুৰেশ বৰাৰ পদত্যাগক লৈ নগাঁৱৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা হোৱাৰ লগতে নগাঁৱৰ কংগ্ৰেছত ধুমুহাৰ সৃষ্টি হৈছে। কংগ্ৰেছৰ সাম্প্ৰতিক দুঃসময়ত সুৰেশ বৰাই নগাঁও জিলা কংগ্ৰেছৰ দ্বায়িত্ব লৈ জিলাখনত কংগ্ৰেছ দলক শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। 

জানিব পৰা মতে, পুৱাৰ ভাগত সুৰেশ বৰাই বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ দলীয় নেতা-কৰ্মীসকলৰ লগত এক বৈঠকত মিলিত হয়। এই বৈঠকতে সুৰেশ বৰাই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বৈঠকৰ পিছতে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি পদৰ লগতে কংগ্ৰেছৰ সাধাৰণ সদস্য পদ ত্যাগ কৰে। জিলা কংগ্ৰেছৰ এক সুত্ৰই জনোৱা মতে, সুৰেশ বৰাই তেওঁৰ পদত্যাগ পত্ৰ ই-মেইলযোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ প্ৰেৰণ কৰিছে।

নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই কি কাৰণে পদত্যাগ কৰিলে সেই কথা জানিব পৰা নাই। উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে নগাঁও জিলা কংগ্ৰেছতো উপ-দলীয় সংঘাত অৰ্থাৎ লবীকেন্দ্ৰিক ৰাজনীতি অব্যাহত আছে। এই লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবে নগাওঁ জিলা কংগ্ৰেছ কেইবাটাও শিবিৰত বিভক্ত হৈছে। এতিয়া সুৰেশ বৰাৰ পদত্যাগে নগাঁও জিলা কংগ্ৰেছৰ সন্মুখত এক নতুন বিপদ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।