Logo
image

আই চি ইউৰ পৰা ওলাল জুবিন

ডিজিটেল সংবাদ, গুৱাহাটীঃ ক্ৰমাৎ সুস্থ হৈ উঠিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। শুকুৰবাৰে জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালৰ আই চি ইউৰ পৰা উলিয়াই আনি কেবিনলৈ স্থানান্তৰ কৰা হয়। এতিয়া শিল্পী জুবিন গাৰ্গৰ স্বাস্থ্য সুস্থিৰ বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে। এই সম্পৰ্কে বিশিষ্ট চিকিৎসক তথা নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই কয়, ''শিল্পী জুবিন গাৰ্গ ক্ৰমাৎ সুস্থ হৈ উঠিছে। শুকুৰবাৰে তেওঁক আই চি ইউৰ পৰা কেবিনলৈ অনা হৈছে। শনিবাৰে তেওঁৰ স্বাস্থ্যৰ পুনৰ কেইবাটাও পৰীক্ষা কৰা হ'ব। যদি স্বাস্থ্য পৰীক্ষাৰ সকলো ৰিপোৰ্ট ঠিকে থাকে তেতিয়া তেওঁক দুই এদিনতে ঘৰলৈ যোৱাৰ অনুমতি দিয়া হ'ব। এতিয়া  তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত। তেওঁ লঘু অহাৰ গ্ৰহণ কৰি আছে। এতিয়া জুবিন গাৰ্গক কিছুদিন বিশ্ৰামৰ প্ৰয়োজন।"

উল্লেখ‍্য, বুধবাৰে ষ্টুডিঅ'ত কাম কৰি থাকোতে হঠাত্‍ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ। তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সকলো পৰীক্ষাৰ অন্তত শিল্পীজনৰ মাইল্ড চিজাৰ এটেক হোৱা বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। নেমকেয়াৰ হাস্পতালৰ চাৰিজনীয়া নিউৰ’ বিশেষজ্ঞৰ এটা দলৰ তৎপৰতাত যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীজন ক্ৰমাৎ সুস্থ হৈ উঠিছে। যুৱ প্রজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আই চি ইউৰ পৰা ওলাই অহাৰ খবৰ লাভ কৰি তেওঁক অনুৰাগী, গুণমুগ্ধসকলে আনন্দিত হোৱাৰ লগতে শিল্পীজনৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ুৰ বাবে নেদেখাজনৰ প্ৰাৰ্থনা কৰিছে।