Logo
image

কাৰাগাৰত বন্দী হৈ থকা মনীষ ছিছোদিয়াক অসুস্থ পত্নীক সাক্ষাতৰ অনুমতি

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ ছিছোদিয়াক শুকুৰবাৰে ৰাউজ এভিনিউৰ আদালতে তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়ে। বৃহস্পতিবাৰে আদালতত ছিছোদিয়াই পত্নীক সাক্ষাৎ কৰাৰ অনুমতি বিচাৰি আবেদন দাখিল কৰিছিল৷ অসুস্থ পত্নীৰ যতন লোৱাৰ বাবে পাঁচ দিনৰ সময় বিচাৰি আদালতত আবেদন জনাইছিল ছিছোদিয়াই। আবেদনৰ ভিত্তিত আদালতে শনিবাৰে ছিছোদিয়াক পত্নীক সাক্ষাতৰ অনুমতি দিয়ে৷ বিশেষ ন্যায়াধীশ এম কে নাগপালে ছিছোদিয়াক শনিবাৰে পুৱা ১০ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত তেওঁৰ বাসগৃহত পত্নীক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়ে৷ অৱশ্যে, পত্নীক সাক্ষাতৰ সময়ত সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগিব ছিছোদিয়া৷
 
উল্লেখ্য যে দিল্লী আবকাৰী নীতি কেলেংকাৰি গোচৰত ২৬ ফেব্ৰুৱাৰীত ছিছোদিয়াক চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল। মাৰ্চ মাহত সুৰা কেলেংকাৰিৰ অভিযোগত ইডিয়ে পুনৰ গ্ৰেপ্তাৰ কৰে ছিছোদিয়াক। বৰ্তমান মনীষ ছিছোদিয়া তিহাৰ জে'লত থকাৰ লগতে এই গোচৰৰ তদন্ত চলি আছে। 

যোৱা অক্টোবৰ মাহত সুৰা কেলেংকাৰি সন্দৰ্ভত চি বি আইৰ গোচৰত ছিছোদিয়াক ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে তেওঁৰ ন্যায়িক জিম্মা ২২ নৱেম্বৰলৈ বৃদ্ধি কৰিছিল। ৰাউজ এভিনিউ আদালত আৰু দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰা জামিনৰ আবেদন নাকচ কৰাৰ পাছত ছিছোদিয়াই উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন দাখিল কৰে। যোৱা দুমাহ ধৰি এই আবেদনৰ শুনানি চলি আছে।