Logo
image

ইজৰাইলৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱক সমৰ্থন ভাৰতৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ নৱেম্বৰঃ পেলেষ্টাইনৰ বিৰুদ্ধে ইজৰাইলে চলাই থকা আক্ৰমণ বন্ধ কৰাৰ বাবে ৰাষ্ট্ৰসংঘই উত্থাপন কৰা যুদ্ধ বিৰতিৰ প্ৰস্তাৱত সমৰ্থন নজনাই ভোটদানৰ পৰা অনুপস্থিত থকা ভাৰতে এইবাৰ ইজৰাইলে পেলেষ্টাইনৰ ৱেষ্টবেংকত অবৈধভাৱে দখল দিয়া কাৰ্যৰ বিৰুদ্ধে উত্থাপিত ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত সমৰ্থন জনাইছে৷ পেলেষ্টাইনৰ খণ্ডিত ভূখণ্ড ৱেষ্টবেকত ইজৰাইলে ছেটেলমেণ্ট বা বসতিস্থল স্থাপন কৰি ইহুদীক বসবাসৰ অবৈধ সুযোগ দিয়া কাৰ্য নিন্দা কৰি ৰাষ্ট্ৰসংঘই এটা প্ৰস্তাৱ উত্থাপন কৰিছিল৷ ৰাষ্ট্ৰসংঘৰ সেই প্ৰস্তাৱত ভাৰতে সপক্ষে ভোটদান কৰে৷ এই প্ৰস্তাৱৰ সপক্ষে ভাৰতসহ মুঠ ১৪৫খন দেশে ভোটদান কৰে৷ আনহাতে আমেৰিকা, ইজৰাইল, কানাডা, হাংগেৰী, মাৰ্ছাল আইলেণ্ড, ফেডাৰেটেড ষ্টেট, মাইক্ৰনেছিয়া আৰু নাউৰুৱে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে৷ ভোটদানৰ পৰা অনুপস্থিত থাকে ১৮খন দেশ৷ পেলেষ্টাইন দেশখনৰ দুটা বিচ্ছিন্ন ভূখণ্ড হৈছে গাজা ষ্ট্ৰিপ আৰু ৱেষ্টবেংক৷ ইয়াৰে গাজা ষ্ট্ৰিপ বিগত এটা দশকতো অধিক দিন ধৰি হামাছৰ শাসনাধীন৷ আনহাতে আপেক্ষিকভাৱে শান্ত ৱেষ্টবেংকৰ ৪২ শতাংশ অঞ্চল শাসন কৰে ফটো চৰকাৰে৷ এই ৱেষ্টবেংকৰ বৃহৎ ভূখণ্ডৰ ইজৰাইলে অতি কৌশলেৰে ইহুদীৰ ছেটেলমেণ্ট তৈয়াৰ কৰি লাহে লাহে নিজৰ দখললৈ নি আছে৷ পেলেষ্টাইনৰ সাৰ্বভৌম ভূমিখণ্ডৰ উপৰি ইজৰাইলে ছিৰিয়াৰ গ’লান হাইটছ, পূব জেৰুজালেমতো তেনে ছেটেলমেণ্ট স্থাপন কৰিছে৷ ১৯৬৭ চনত উভয়পক্ষৰ বুজাবুজিত পেলেষ্টাইনৰ সামান্যসংখ্যক ইহুদী ছেটেলমেণ্ট স্থাপন কৰা হৈছিল৷ লাহে লাহে ইজৰাইলে বলপ্ৰয়োগ কৰি আৰু বিভিন্ন কৌশলেৰে ৱেষ্টবেংকত ছেটেলমেণ্টৰ সংখ্যা বঢ়াবলৈ ধৰে৷ ২০২৩ জানুৱাৰীৰ ৱেষ্টবেংকত ইহুদী ছেটেলমেণ্টৰ সংখ্যা চৰকাৰীভাৱে ১৪৪ হয়গৈ৷ ইয়াৰ উপৰি বলপূৰ্বকভাৱে স্থাপন কৰা আন কেতবোৰ ইহুদী ছেটেলমেণ্টো ৱেষ্টবেংকত আছে৷ এই ছেটেলমেণ্টৰ শাসন ইজৰাইল চৰকাৰৰ অধীনত৷ ৱেষ্টবেংকৰ ছেটেলমেণ্টত ৪,৫০,০০০ ইহুদী আছে আৰু পূৱ জেৰুজালেমত আছে অতিৰিক্ত ২,২০,০০০ ইহুদী৷ তদুপৰি ২৫,০০০ ইহুদী আছে গ’লান হাইটছত৷ ইজৰাইল চৰকাৰে তেওঁলোকক ইজৰাইলৰ ভূখণ্ডৰ ভিতৰত থাকিলে পাবলগীয়া সকলো সা-সুবিধা দিয়াৰ উপৰি মুকলিভাৱে অস্ত্ৰৰো যোগান ধৰে৷ ইহুদীৰ ছেটেলমেণ্ট থকা অঞ্চললৈ পেলেষ্টাইনী যাব নোৱাৰে৷ সম্প্ৰতি গাজাত ইজৰাইলে আক্ৰমণ কৰাৰ লগে লগে ৱেষ্টবেংকৰ ছেটেলমেণ্টত থকা ইহুদীয়ে পেলেষ্টাইনীক মাৰিবলৈ আৰম্ভ কৰিছে৷ ৰাষ্ট্ৰসংঘই ইজৰাইলৰ এই ছেটেলমেণ্টৰ বিৰুদ্ধেই নিন্দা কৰি প্ৰস্তাৱ উত্থাপন কৰিছিল৷  ভাৰতে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাটো তাৎৰ্যপূৰ্ণ বিবেচিত হৈছে৷ কিয়নো ইজৰাইলৰ বিৰুদ্ধে যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভাৰত ভোটদান নকৰি অনুপস্থিত আছিল৷ তদুপৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই যুদ্ধত তেওঁৰ দেশ ভাৰত ইজৰাইলৰ পক্ষত থকা বুলি মুকলিকৈ ঘোষণা কৰিছিল৷ অথচ ভাৰতে বিগত ৭ দশক ধৰি সাৰ্বভৌম পেলেষ্টাইনৰ পক্ষত বা দ্বি-ৰাষ্ট˜ৰ তত্বত সমৰ্থন যোগাই আহিছিল৷ ভাৰতৰ ইজৰাইলৰ পক্ষ লোৱা আৰু যুদ্ধবিৰতিৰ প্ৰস্তাৱত অনুপস্থিত থকাৰ  বিষয়টোক লৈ দেশে-বিদেশে প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ এইবাৰ ৰাষ্ট˜সংঘৰ প্ৰস্তাৱৰ সপক্ষে ভোট দি ভাৰতে ভাৰসাম্য আনিলে৷