Logo
image

মহানগৰীৰ চচলত আএলিতা আৰ্ট এণ্ড ক্ৰাফটৰ উদ্যাগত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ সফল সামৰণি

ডিজিটেল ডেস্কঃ শিশু দিৱসৰ লগত সংগতি ৰাখি নন্দি মিকিৰ প্ৰাথমিক বিদ্যালয়ত এছিয়া বুকছ অৱ ৰেকৰ্ডছ্ , লণ্ডন বুকছ অৱ ৰেকৰ্ডছ, ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছত নাম অন্তভুৰ্ক্ত কৰিবলৈ সক্ষম হোৱা ভাৰত চৰকাৰৰ এম. এছ. এম. ই. পঞ্জীয়নভুক্ত স্বেচ্ছাসেৱী অনুষ্ঠান আনুপূৰ্বিক আৰ্ট এণ্ড ক্ৰাফট এছছিয়েচনৰ দ্বাৰা পৰিচালিত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত দিনযোৰা এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। চাৰিটা শাখাত সীমাবদ্ধ থকা এই প্ৰতিযোগিতাত ক- শাখাত প্ৰথম স্থান কে. বি. খানাপাৰাৰ উৰসিতা দত্ত,  দ্বিতীয় স্থান গুৰুকূল গ্ৰামাৰ ছেকেণ্ডাৰী স্কুলৰ সনভি মহন্ত , তৃতীয় স্থান গ্ৰীণ মীড'অছ স্কুলৰ নোৱাৰিয়া ইকবাল হাজৰিকা   আৰু উদগনিমূলক বঁটা যথাক্ৰমে চেন্ট ৰ'জ স্কুলৰ নিলাভ হাজৰিকা  আৰু দ্যা নৰ্থ ইষ্ট একাডেমীৰ ৰাহুল ৰয়ে  লাভ কৰে ৷ খ- শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমান্বয়ে কে. বি খানাপাৰাৰ ইমান দাস, শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰিয়া মালৌ, বি. আৰ. দাস স্কুলৰ লালভানু বেগম আৰু উদগনিমূলক বঁটা ক্ৰমান্বয়ে মাৰিয়া পাব্লিক স্কুলৰ অভিজ্ঞা ভৰদ্বাজ, বি. আৰ. দাস স্কুলৰ ছকিনা খাটুনে লাভ কৰে ৷ গ- শাখাত দিশপুৰ চৰকাৰী ছেকেণ্ডাৰী স্কুলৰ অভিজিৎ বিশ্বাসে প্ৰথম স্থান, শংকৰদেৱ বিদ্যা নিকেতনৰ বিকাশ নাথে দ্বিতীয় স্থান আৰু এন. ই. একাডেমীৰ উৎপলাক্ষী তালুকদাৰে তৃতীয় স্থান লাভ কৰে। লগতে উদগনিমূলক বঁটা শংকৰদেৱ বিদ্যা নিকেতনৰ ৰিকিতা অনুপম, ইহিত কাশ্যপে যুটীয়াভাৱে লাভ কৰে । ঘ- শাখাত শংকৰদেৱ বিদ্যা নিকেতনৰ অপৰূপা ভূঞাই প্ৰথম স্থান লাভ কৰে ৷ প্ৰতিযোগিতাত বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী গণেশ ছেত্ৰী, শতদ্ৰু চৌধুৰী আৰু ভৈৰৱ মেধীয়ে বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ৷ আনুপূৰ্বিক আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ পৰিচলানা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভাত অসম চৰকাৰৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া ফটিক চন্দ্ৰ শৰ্মা, নন্দি মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ টেৰণ, দৈনিক পূৰ্বোদয় কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ সন্তোষ দাস, আমাৰ অসম কাকতৰ চীফ ৰিপোৰ্টাৰ   সাম্য ভৰদ্বাজ , প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ উপ-সভাপতি ভূপেন দাস আৰু যুটীয়া সম্পাদক পাৰ্থ প্ৰতিম গৌতম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে ৷ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা প্ৰতিযোগীতাত প্ৰতিজন প্ৰতিযোগিকে অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয় । প্ৰতিযোগিতাৰ সফল ৰূপায়নৰ বাবে বিদ্যালয়ৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা  তালুকদাৰে প্ৰতিযোগী ,বিচাৰকমণ্ডলী , বিশিষ্ট অতিথি আদি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷