Logo
image

লাখ টকাৰ ওপৰত বিক্ৰী হৈছে ভাৰত-নিউজীলেণ্ডৰ খেলৰ টিকট

মুম্বাই, ১৫ নৱেম্বৰঃ ৱাংখেড়ে ষ্টেডিয়ামত আজি হ’বলগীয়া বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলক লৈ ক্ৰিকেটপ্ৰেমীৰ মাজত দেখা গৈছে ব্যাপক উন্মাদনা৷ খেলখনৰ টিকট বিচাৰি ক্ৰিকেটানুৰাগী হাবাঠুৰি খাবলগীয়া হোৱাৰ সময়তে তাৰ সুযোগ লৈ টিকট ক’লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এনেদৰে ক’লা বজাৰত টিকট বিক্ৰী কৰা এজন লোকক মুম্বাই পুলিছে গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম হৈছে ৰোছন গুৰুবক্ষনী৷ ভাৰত আৰু নিউজীলেণ্ডৰ খেলৰ এটা টিকট তেওঁ এক লাখ ২০ হাজাৰ টকাত বিক্ৰী কৰাৰ চেষ্টা চলোৱাৰ সময়তে তেওঁ আৰক্ষীৰ হাতত ধৰা পৰে৷ ধৃত লোকজনৰ পৰা আৰক্ষীয়ে আৰু দুটা টিকট জব্দ কৰিছে৷ বিশ্বকাপৰ টিকট ক’লা বজাৰত বিক্ৰী হোৱা ঘটনাৰ তদন্তৰ দায়িত্বত থকা আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোত ৰোছনৰ সৈতে আন এজন লোক জড়িত আছে আৰু তেওঁকো গ্ৰেপ্তাৰ কৰাৰ বাবে অভিযান চলাই থকা হৈছে৷ দুয়োজন ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে  গোচৰ ৰুজু কৰিছে৷ ইপিনে, বিশ্বকাপৰ টিকট ক্ৰয় কৰাৰ ক্ষেত্ৰত সতৰ্ক থকাৰ বাবে মুম্বাইৰ উপ আৰক্ষী আয়ুক্তই আহ্বান জনাইছে৷