Logo
image

তিনিওটা ফৰ্মেটৰ নেতৃত্ব এৰিলে বাবৰ আজমে

নতুন দিল্লী, ১৬ নৱেম্বৰঃ বিশ্বকাপত পাকিস্তান দলৰ ব্যৰ্থতাৰ মূল্য দিব লগা হ’ল বাবৰ আজমে৷ প্ৰতিযোগিতাখনত  পাকিস্তানে সন্মুখীন হোৱা ব্যৰ্থতাৰ পাছত ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ নেতৃত্ব ত্যাগ কৰিছে বাবৰে৷ নিজৰ সিদ্ধান্ত ঘোষণা কৰি এক বিবৃতিত বুধবাৰে বাবৰে কয়–‘২০১৯ চনত দলক নেতৃত্ব দিবলৈ পি চি বিয়ে মোক আমন্ত্ৰণ জনোৱাৰ কথা মোৰ স্পষ্টভাৱে মনত আছে৷ যোৱা চাৰি বছৰত খেলপথাৰৰ বাহিৰে-ভিতৰে মই বহু উত্থান-পতনৰ সন্মুখীন হৈছো৷ কিন্তু বিশ্বক্ৰিকেটত পাকিস্তানৰ সন্মান আৰু গৌৰৱ ৰক্ষা কৰাটোৱে সৰ্বান্তকৰণৰে মোৰ লক্ষ্য আছিল৷’ বিবৃতিটোত তেওঁ আৰু কয়–‘বগা বলৰ ফৰ্মেটত খেলুৱৈ, প্ৰশিক্ষক আৰু মেনেজমেণ্টৰ সামগ্ৰিক প্ৰয়াসেৰে আমি এক নং স্থানত উপনীত হৈছিলো৷ মোৰ এই যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ প্ৰতি মই কৃতজ্ঞতা জনাইছো৷ আজি মই পাকিস্তান ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়কৰ দায়িত্বৰ পৰা পদত্যাগ কৰিলো৷ এয়া এক কঠিন সিদ্ধান্ত৷ কিন্তু মোৰ অনুভৱ হ’ল এয়াই সিদ্ধান্ত লোৱাৰ সঠিক সময়৷ মোৰ অভিজ্ঞতা আৰু নিৰ্দেশনাৰে মই নতুন অধিনায়কৰ লগতে দলক সহায় কৰিম৷ মোক এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হোৱাত সুযোগ দিয়াৰ বাবে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক মই ধন্যবাদ জনাইছো৷’ বাবৰৰ নেতৃত্বত পাকিস্তানে অন্তিম মেচত অংশ লৈছিল চলিত বিশ্বকাপত ইডেন গাৰ্ডেনত ইংলেণ্ডৰ বিৰুদ্ধে৷ কিন্তু সেই মেচতো পাকিস্তান পৰাস্ত হয়৷