Logo
image

ফাইনেলত ভাৰতৰ সন্মুখত অষ্ট্ৰেলিয়া

কলকাতা, ১৭ নৱেম্বৰঃ জোছ য়েনছনৰ শ্বৰ্ট বল কাট কৰি বাউণ্ডেৰীৰে মাৰি পঠিয়াইছিল পেট কামিন্‌ছে৷ এইদৰে তিনি উইকেটত জয়ী হৈ অষ্টমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত উপনীত হয় অষ্ট্ৰেলিয়া৷ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১৯ নৱেম্বৰৰ খিতাপৰ যুঁজত অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বী হ’ব টীম ইণ্ডিয়া৷ ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলতো প্ৰতিদ্বন্দ্বিতা হৈছিল এই দুয়োটা দলৰ মাজত৷ এদিনীয়া ক্ৰিকেটত ২১৩ ৰানৰ লক্ষ্য কঠিন বুলি ক’ব নোৱাৰি৷ তথাপি ইডেন গাৰ্ডেনত বৃহস্পতিবাৰে জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ বলাৰৰ সন্মুখত যুঁজ দিবলগীয়া হয় অষ্ট্ৰেলিয়াৰ বেটাৰে৷ ৪৭.২ অভাৰত দলটোৱে জয় সাব্যস্ত কৰে৷ অ’পেনাৰদ্বয় ট্ৰেভিছ হেড আৰু ডেভিড ৱাৰ্নাৰে যিদৰে ইনিংছ আৰম্ভ কৰিছিল তালৈ চাই জোছ য়েনছনৰ শ্বৰ্ট বল কাট কৰি বাউণ্ডেৰীৰে মাৰি পঠিয়াইছিল পেট কামিন্‌ছে৷ এইদৰে তিনি উইকেটত জয়ী হৈ অষ্টমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত উপনীত হয় অষ্ট্ৰেলিয়া৷  অনায়াসে জয়ী হ’ব বুলি ধাৰণ কৰা হৈছিল৷ কিন্তু ইডেন গাৰ্ডেনৰ  উইকেটত আছিল টাৰ্ণ৷ তাৰে সুযোগ লৈ অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰৰ বেটাৰক বিপাঙত পেলাইছিল দক্ষিণ আফ্ৰিকাৰ স্পিনাৰদ্বয় কেশৱ মহাৰাজ আৰু টাব্ৰাইজ ছামছিয়ে৷ পেচ বলাৰ জেৰাল্ড কোৱেট্‌জিৰ প্ৰদৰ্শনো আছিল দুৰ্দান্ত৷ দলক তেওঁ জয়ৰ আশা দেখুৱাইছিল৷  কিন্তু ট্ৰেভিছ হেডৰ অৰ্ধশতকীয় ইনিংছৰ পাছত মিডল অৰ্ডাৰত ষ্টিভেন স্মিথ আৰু জোছ ইংলিছৰ অৱদান আৰু পেট কামিন্‌ছ [অপঃ ১৪], মিছেল ষ্টাৰ্কৰ [অপঃ ১৬] মাজত ৪৬টা বলত যোগ হোৱা অপৰাজিত ২২ ৰানে অষ্ট্ৰেলিয়াক ঈপ্সিত লক্ষ্যত উপনীত কৰায়৷ অষ্ট্ৰেলিয়াৰ ইনিংছত ট্ৰেভিছ হেডে ৪৮টা বলত দুটা ছিক্সাৰ, নটা বাউণ্ডেৰীৰে ৬২, ডেভিড ৱাৰ্নাৰে ১৮টা বলত চাৰিটা ছিক্সাৰ এটা বাউণ্ডেৰীৰে ২৯, ষ্টিভেন স্মিথে ৬২ বলত দুটা বাউণ্ডেৰীৰে ৩০, ইংলিছে ৪৯টা বলত তিনিটা বাউণ্ডেৰীৰে ২৮ আৰু মাৰ্নাছ লাবুচেনে ১৮ ৰান সংগ্ৰহ কৰে৷ দক্ষিণ আফ্ৰিকাৰ ছামছিয়ে ৪২ ৰানত দুটা, কোৱেট্‌জিয়ে ৪৭ ৰানত দুটা উইকেট লাভ কৰাৰ বিপৰীতে এটাকৈ উইকেট পায় ক্ৰমে কেগিছো ৰাবাডা, এইডেন মাৰ্কৰাম, কেশৱ মহাৰাজে৷ পঞ্চমবাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেল খেলি ব্যৰ্থ মনোৰথে উভতিবলগীয়া হ’ল দক্ষিণ আফ্ৰিকা৷ এইদৰে দলটো মুক্ত হ’ব নোৱাৰিলে চ’কাৰ্ছৰ অভিশাপৰ পৰা৷ 

কঠিন পৰিস্থিতিত ডেভিড মিলাৰে খেলা ১০১ ৰানৰ ইনিংছটোৰে প্ৰথমে বেটিং কৰাৰ পাছত দক্ষিণ আফ্ৰিকাই ৪৯.৪ অভাৰত ২১২ ৰানতহেৰুৱাইছিল সকলো উইকেট৷১১.৫ অভাৰত ২৪ ৰানতে অধিনায়ক টেম্বা বাভুমা [০], কুইণ্টন ডে কক [৩], এইডেন মাৰ্কৰাম [১০] আৰু ৰেছি ভান ডাৰ ডুছেনৰ [৬] উইকেট হেৰুৱাইছিল যদিও তাৰ পাছত মিলাৰে হেনৰিচ ক্লাছেনৰ সৈতে পঞ্চম উইকেটত ৯৭  ৰান যোগ দি দলৰ স্ক’ৰ ১১৯ ৰানলৈ আগবঢ়াই নিছিল৷ কিন্তু তেনে সময়তে পাৰ্ট টাইম স্পিনাৰ ট্ৰেভিছ হেডে ক্ৰমাগত দুটা বলত ক্লাছেন আৰু য়েনছেনক আউট কৰি পুনৰ বেকফুটলৈ ঠেলি দিছিল দক্ষিণ আফ্ৰিকাক৷ দলটোৱে ১১৯ ৰানত ছটা উইকেট হেৰুওৱাৰ পাছত মিলাৰ আৰু জেৰাল্ড কোৱেট্‌জিয়ে সপ্তম উইকেটত যোগ দিয়ে ৫৩ ৰান৷ তাৰ ফলতে দলটো উপনীত হৈছিল সন্মানজনক স্থিতিত৷ কোৱেট্‌জিৰ বেটৰ পৰা আহে ১৯ ৰান৷ মিলাৰে ১১৬টা বলত পাঁচটা ছিক্সাৰ,  আঠটা বাউণ্ডেৰীৰে ১০১ আৰু ক্লাছেনে ৪৮টা বলত দুটা ছিক্সাৰ, চাৰিটা বাউণ্ডেৰীৰে ৪৭ ৰান সংগ্ৰহ কৰে৷ কেগিছো ৰাবাডাৰ অৱদান আছিল ১০ ৰানৰ৷ অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে ৩৪ ৰানত তিনিটা, পেট কামিন্‌ছে ৫১ ৰানত তিনিটা, জোছ হেজেলউডে ১২ ৰানত দুটা আৰু ট্ৰেভিছ হেডে ২১ ৰানত দুটা উইকেট লাভ কৰে৷