Logo
image

বাৰ্মিজ সেনাৰ আত্মসমৰ্পণ ভাৰতৰ সমৰ্থন জুণ্টাক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ নৱেম্বৰঃ ম্যানমাৰৰ সামৰিক জুণ্টা চৰকাৰৰ বিৰুদ্ধে যুদ্ধত নমা দেশখনৰ সশস্ত্ৰ বিদ্ৰোহী গোটে ক্ৰমাৎ সামৰিক বাহিনীক পৰাভূত কৰি আহিছে৷ সম্প্ৰতি সন্মিলিত বিদ্ৰোহী গোটৰ শক্তি ইমানেই বৃদ্ধি পাইছে যে ম্যানমাৰৰ সামৰিক বাহিনীৰ এটা সম্পূৰ্ণ বেটেলিয়নে বিদ্ৰোহীৰ ওচৰত বৃহস্পতিবাৰে অস্ত্ৰ-শস্ত্ৰ আৰু পৰিয়ালসহ আত্মসমৰ্পণ কৰিছে৷ চীনৰ সীমান্তৱতীৰ্ অঞ্চলত থকা ম্যানমাৰৰ সেনাবাহিনীৰ এটা বেটেলিয়নৰ ২৬১জনে বিদ্ৰোহীৰ সৈতে যুদ্ধত পৰাভূত হৈ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে৷ম্যানমাৰৰ উত্তৰ-পূবৰ ছান প্ৰদেশৰ এই বেটেলিয়নটোত আছিল ১২৭জন  যোদ্ধা আৰু ১৩৪জন তেওঁলোকৰ পৰিয়ালৰ সদস্য৷ ইপিনে দেশখনত সশস্ত্ৰ বিদ্ৰোহী গোটৰ শক্তি বৃদ্ধি পাই অহাত উদ্বিগ্ন ভাৰতে সামৰিক জুণ্টা চৰকাৰখনক সাহায্য কৰাৰ পৰিকল্পনা কৰিছে৷ স্বাভাৱিকভাৱে এই সহায় হ’ব সামৰিক৷ অঞ্চলটোৰ ৰণকৌশলগত দিশত ভাৰতৰ এই পৰিকল্পনা অতি অপ্ৰত্যাশিত যেন দেখা গৈছে৷ কিন্তু প্ৰতিৱেশী দেশখনত সশস্ত্ৰ বিদ্ৰোহী গোটে অধিক শক্তি সঞ্চয় কৰিলে আৰু দেশত সেই বিদ্ৰোহী গোটে ক্ষমতা অৰ্জন কৰিলে ভাৰতৰ বাবে হিতে বিপৰীত হ’ব৷ কিয়নো ম্যানমাৰত আশ্ৰয় লৈ থকা সশস্ত্ৰ বিদ্ৰোহী গোটৰ কেইবাটায়ো ভাৰতত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰি থাকে৷ তাৰ ভিতৰত আছে আটাইতকৈ শক্তিশালী এন এছ চি এন, অসমৰ আলফা, মণিপুৰৰ আৰু মিজোৰামৰ একাধিক বিদ্ৰোহী সংগঠন৷ সেই সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ শক্তি বৃদ্ধি পোৱা মানে ভাৰতৰ বাবে বিপদ৷ এই পৰ্যন্ত ভাৰত আৰু ম্যানমাৰৰ মাজত কোনো সামৰিক মৈত্ৰী চুক্তি নাই৷ তথাপি পৰিস্থিতি ভাৰতৰ বাবে বেগতিক হৈ পৰিব পাৰে বুলি আশংকা কৰি নতুন দিল্লীয়ে ম্যানমাৰৰ সামৰিক চৰকাৰখনক সামৰিক দিশত সহায় কৰিবলৈ পৰিকল্পনা কৰিছে৷ উল্লেখ্য ২০২১ চনত এটা অভ্যুত্থানৰ জৰিয়তে গণতন্ত্ৰকামী আং ছান চ্যু চিৰ চৰকাৰখনত উৎখাত কৰি এই সামৰিক চৰকাৰে ক্ষমতা দখল কৰিছিল৷ সেই চৰকাৰখনৰ বিৰুদ্ধে বিগত প্ৰায় এপষেক ধৰি যুদ্ধত অৱতীৰ্ণ হৈছে ম্যানমাৰৰ জনগোষ্ঠীয় সশস্ত্ৰ বিদ্ৰোহী সংগঠন৷ এই বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে ইখনৰ পাছত সিখন যুদ্ধত ম্যানমাৰৰ সেনাবাহিনী পৰাজিত হৈছে আৰু কোনো সময়ত ম্যানমাৰৰ সামৰিক চৰকাৰৰ পতন ঘটিব বুলি আশংকা কৰা হৈছে৷ 

ম্যানমাৰৰ তিনিটা সশস্ত্ৰ গোষ্ঠীৰ জীৱন-মৰণ সংগ্ৰামৰ সৈতে  যোৱা দেওবাৰে আৰু দুটা সশস্ত্ৰ গোষ্ঠীয়ে যোগদান কৰাত ম্যানমাৰৰ সেনাৰ হাতৰ পৰা ইতিমধ্যে তৃতীয়খন প্ৰদেশ দখল কৰিছে সশস্ত্ৰ বিদ্ৰোহী গোষ্ঠীৰ জোঁট ব্ৰাডাৰহুড এলায়েন্সে৷ প্ৰায় এপষেক ধৰি চলি থকা ভাৰতৰ প্ৰতিবেশী দেশখনৰ গৃহযুদ্ধই ইতিমধ্যে ভয়ানক আকাৰ ধাৰণ কৰিছে৷ এই ভয়ংকৰ যুদ্ধত ম্যানমাৰ সেনাই দেশখনৰ সশস্ত্ৰ বিদ্ৰোহী দলক বলে নোৱাৰি বিভিন্ন হয় আত্মসমৰ্পন কৰিছে, নহয় শিবিৰ আৰু যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰিছে৷ বিগত এপষেকৰ যুদ্ধত ব্ৰাডাৰহুড এলায়েন্সৰ সশস্ত্ৰ সংগঠন টাং নেচনেল লিবাৰেচন আৰ্মী [টি এন এল এ], আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মীয়ে (এম এন ডি এ এ) ক্ৰমে ছান আৰু ছাগিয়াং প্ৰদেশৰ দখল কৰাৰ পাছত ব্ৰাডাৰহুড এলায়েন্সত ম্যানমাৰৰ আন দুটা সশস্ত্ৰ গোষ্ঠী চিন নেচনেল আৰ্মী আৰু চাইনালেণ্ড ডিফেন্স ফৰ্চে যোগ দিয়াৰ লগে লগে ভাৰতৰ মিজোৰাম সীমান্তত দেওবাৰে নিশা আৰু সোমবাৰৰ তুমুল যুদ্ধত ম্যানমাৰ সেনা পৰাজিত হোৱাত সশস্ত্ৰ সংগঠনৰ জোঁটে চিন প্ৰদেশো দখল কৰিছে৷ ইয়াৰ ফলত ম্যানমাৰৰ চিন প্ৰদেশৰ ৬০০০ৰো অধিক বাসিন্দাই ঘৰ এৰি পলায়ন কৰি মিজোৰামত  অবৈধভাৱে সোমাই আশ্ৰয় লৈছে৷ মিজোৰামৰ প্ৰশাসনে ম্যানমাৰৰ পৰা পলাই অহা নাগৰিকক বিভিন্ন স্থানত শিবিৰ স্থাপন কৰি আশ্ৰয় দিছে৷ মিজোৰামৰ চাম্পেই জিলাৰ নিকটৱৰ্তী ম্যানমাৰ সেনাৰ দুটা ডাঙৰ শিবিৰ ক্ৰমে ৰিখাওদৰ আৰু খাওমাওয়িত দেওবাৰে নিশা আৰু  সোমবাৰে পুৱাব্ৰাডাৰহুড এলায়েন্সৰ সশস্ত্ৰ বাহিনীয়ে আক্ৰমণ কৰে৷ সম্পূৰ্ণ দিন জুৰি চলা এই যুদ্ধত অৱশেষত ম্যানমাৰ সেনাই পৰাজয় স্বীকাৰ কৰি যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে৷ ফলত বিদ্ৰোহী জোঁটে এই দুয়োটা সেনা শিবিৰ অধিকাৰ কৰাৰ লগতে চিন প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চল নিজৰ দখললৈ নিয়ে৷ ম্যানমাৰৰ মুখ্য কাৰ্যালয়ৰ পৰা অহা সেনাই যুদ্ধবিমান ব্যৱহাৰ কৰি সশস্ত্ৰ বিদ্ৰোহীৰ ওপৰত বোমাবৰ্ষণ কৰিলেও অৱশেষত চিন প্ৰদেশৰ ম্যানমাৰ সেনাই যুদ্ধত পৰাস্ত হৈ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰে৷ বিদ্ৰোহীৰ সৈতে যুদ্ধত পৰাস্ত হৈ ফৰিং চিটিকা দিয়া ৪২জন ম্যানমাৰৰ সেনায়ো মঙলবাৰে জোকাওথাৰ সীমান্ত চেকপোষ্টেৰে ভাৰতীয় ভূখণ্ড অৰ্থাৎ মিজোৰামত প্ৰৱেশ কৰিছিল৷ উল্লেখ্য, যুদ্ধত বিদ্ৰোহীৰ হাতত ৰিখাওদাৰ আৰু খাওমাওয়ি শিবিৰৰ সেনাই পৰাজয় স্বীকাৰ কৰিলেও বিমান আক্ৰমণৰ আতংকতে চিন প্ৰদেশৰ হাজাৰ হাজাৰ বাসিন্দাই মিজোৰামলৈ পলায়ন কৰে৷ উল্লেখ্য, বিগত প্ৰায় আঢ়ৈ বছৰ ধৰি ৩১,৩৬৪জন ম্যানমাৰৰ নাগৰিকে মিজোৰামৰ বিভিন্ন শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ আছে৷ ২০২১ চনৰ ফেব্ৰুৱাৰীত  আং চাং চ্যু চি-ৰ চৰকাৰক উৎখাত কৰি সামৰিক চৰকাৰে অভ্যূত্থানৰ জৰিয়তে ক্ষমতা দখল কৰাৰ পাছতে এই ৩১ হাজৰোধিক ম্যানমাৰৰ নাগৰিক মিজোৰামলৈ পলাই আহিছিল৷

ম্যানমাৰৰ আঢ়ৈ বছৰীয়া সেনাৰ চৰকাৰ এইবাবেই প্ৰথম বৃহৎ সংকটৰ সন্মুখীন হোৱা বুলি ধাৰণা কৰা হৈছে৷ প্ৰায় এপষেক পূৰ্বে ম্যানমাৰৰ তিনিটা বিদ্ৰোহী সংগঠনে ব্ৰাডাৰহুডএলায়েন্স নাম লৈ মা্যনমাৰৰ সামৰিক জুণ্টা চৰকাৰৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে৷ তেতিয়াৰ পৰাই ব্ৰাডাৰহুড এলায়েন্সে অসীম বিক্ৰমেৰে ম্যানমাৰৰ সেনাবাহিনীক প্ৰতিখন যুদ্ধতে পৰাস্ত কৰি গৈছে আৰু ম্যানমাৰ চৰকাৰে বিদ্ৰোহীৰ হাতত হেৰুৱাইছে ইটোৰ পাছত সিটো অঞ্চল৷ প্ৰথমে বিদ্ৰোহীয়ে উত্তৰ আৰু উত্তৰ পশ্চিম ম্যানমাৰৰ ছান আৰু ছাগিয়াং প্ৰদেশ নিজৰ দখললৈ নিয়ে৷ ইতিমধ্যে বিদ্ৰোহী বাহিনীৰ সৈতে লগ লাগিছে গণতন্ত্ৰপন্থী স্বঘোষিত চৰকাৰ নেচনেল ইউনিটী গৰ্ভনমেণ্ট৷ বিদ্ৰোহী দলে যুদ্ধৰ আৰম্ভণিতে ম্যানমাৰ-চীন সংযোগকাৰী মূল পথটোও নিজৰ দখললৈ নিয়ে৷ বিদ্ৰোহীৰ  হাতলৈ যোৱা ছান প্ৰদেশৰ প্ৰধান চহৰ লেছিয়ৰ বিমান বন্দৰটো যোৱা শনিবাৰে ম্যানমাৰ চৰকাৰে বন্ধ কৰি দিয়ে৷ বিদ্ৰোহীয়ে তয়াময়া যুদ্ধত ছাগিয়াং প্ৰদেশৰ কালয় চহৰখনো দখল কৰিছে৷ চীন সীমান্তৱৰ্তী ম্যানমাৰৰ বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিচিত চিনছয়েহাও চহৰ ইয়াৰ পূৰ্বেই দখল কৰিছিল তিনি বিদ্ৰোহীৰ জোঁটে৷ ইতিমধ্যে ৰ লাখৰো অধিক নাগৰিক চৰকাৰ আৰু বিদ্ৰোহীৰ যুঁজত গৃহহাৰা হৈ নিৰাপদ স্থানলৈ পলাই গৈছে৷ সমগ্ৰ দেশতে এই মুহূৰ্তত সৃষ্টি হৈছে গৃহযুদ্ধ৷ এনে পৰিস্থিতিত জুণ্টা চৰকাৰৰ ষ্টেট এডমিনিষ্ট্ৰেচন কাউন্সিলৰ অধ্যক্ষ মিয়ন্ত শোৱে কৈছে–দ্ৰুত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে আমাৰ দেশখন ভাগি টুকুৰা টুকুৰ হৈ যাব৷ স্বৰূপাৰ্থতে তেওঁৰ আশংকা সত্যত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে৷