Logo
image

বিশ্বকাপৰ ফাইনেলত উপস্থিত থাকিব মোদী, অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী

আহমেদাবাদ, ১৮  নৱেম্বৰঃ দেওবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকিব৷ মোদীৰ লগতে অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লছো খেলখনত উপস্থিত থকাৰ সম্ভাৱনা আছে৷ গুজৰাট চৰকাৰৰ ফালৰ পৰা জনোৱা মতে বিশ্বকাপৰ ফাইনেলখনৰ প্ৰতি লক্ষ্য ৰাখি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৪,৫০০ নিৰাপত্তাৰক্ষীক দায়িত্ব দিয়া হ’ব৷ খেলখনলৈ ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকলৰ পৰিয়াল, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ শীৰ্ষ বিষয়ববীয়া আৰু বিভিন্ন ৰাজ্যিক সন্থাৰ বিষয়ববীয়াকো আমন্ত্ৰণ জনোৱা হৈছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এটা বিবৃতিত জনোৱা হৈছে যে এতিয়ালৈকে হৈ যোৱা বিশ্বকাপৰ [১৯৭৫ চনৰ পৰা ২০২৩ চনলৈ] চেম্পিয়ন দলকেইটাৰ অধিনায়কসকলকো এইবাৰৰ টুৰ্নামেণ্টখনৰ ফাইনেলত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে৷ এতিয়ালৈকে এছিয়াৰ তিনিটা দল বিশ্বকাপৰ চেম্পিয়ন হৈছে৷ ভাৰতে ১৯৮৩ আৰু ২০১১ চনত বিশ্বকাপ জয় কৰাৰ বিপৰীতে ১৯৯২ চনত পাকিস্তান আৰু ১৯৯৬ চনত শ্ৰীলংকাই বিশ্বকাপ জয় কৰিছিল৷ ১৯৯২ চনৰ বিশ্ব চেম্পিয়ন পাকিস্তানৰ অধিনায়ক তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান বৰ্তমান কাৰাবন্দী হৈ আছে৷ সেয়েহে তেওঁ বিশ্বকাপৰ ফাইনেলত উপস্থিত থকাৰ সম্ভাৱনা নাই৷ আনহাতে, ১৯৯৬ চনৰ বিশ্ব চেম্পিয়ন শ্ৰীলংকাৰ অধিনায়ক অৰ্জুন ৰণতুংগাই শেহতীয়াভাৱে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁৰ অভিযোগ অনুসৰি শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ কাম-কাজত শ্বাহৰ অনাহক হস্তক্ষেপৰ বাবে দেশখনৰ ক্ৰিকেট দুৰ্দশাগ্ৰস্ত হৈছে৷ উল্লেখ্য, এইবাৰৰ বিশ্বকাপৰ লীগ পৰ্যায়ত শ্ৰীলংকা ৯খন খেলৰ সাতখনতে পৰাস্ত হৈছে আৰু দহটা দলে প্ৰতিদ্বন্দ্বিতা কৰা টুৰ্নামেণ্টখনৰ পইণ্ট তালিকাত দলটো আছিল নৱম স্থানত৷ শ্ৰীলংকা ছেমিফাইনেলত উপনীত হ’ব নোৱাৰাৰ লগতে ২০২৫ চনত পাকিস্তানত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীলৈ যোগ্যতা অৰ্জনতো ব্যৰ্থ হৈছে৷ শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডৰ কাম-কাজত চৰকাৰী হস্তক্ষেপৰ বাবে শেহতীয়াভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলে শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক নিলম্বিত কৰিছে৷ ইপিনে, শ্ৰীলংকা ক্ৰিকেটৰ শেহতীয়া এই অৱস্থাৰ বাবে ৰণতুংগাই জয় শ্বাহক দোষাৰোপ কৰি কৈছে যে দেশখনৰ ক্ৰিকেট বৰ্তমান শ্বাহেহে চলাই আছে আৰু তেওঁৰ অনাহক হস্তক্ষেপৰ বাবে শ্ৰীলংকা ক্ৰিকেটৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিবজনৰ বিৰুদ্ধে ৰণতুংগাৰ এনে মন্তব্যৰ পাছত বিশ্বকাপৰ ফাইনেলত তেওঁ উপস্থিত থকাটোও অনিশ্চিত হৈ পৰিছে৷