Logo
image

বিশ্বকাপৰ মহাৰণত আজি ৰোহিত বাহিনীৰ সন্মুখত অষ্ট্ৰেলিয়া

নতুন দিল্লী, ১৯ নৱেম্বৰঃ অপেক্ষা আৰু মাত্ৰ কেইটামান ঘণ্টাৰ৷ বিশ্বকাপৰ মহাৰণত খিতাপৰ যুঁজত নামি পৰিব বিশ্ব ক্ৰিকেটৰ দুই শক্তি ভাৰত আৰু অষ্ট্ৰেলিয়া৷ ক্ৰমাগত দহখন খেলত জয়েৰে প্ৰতিযোগিতাখনৰ ফাইনেলত উপনীত হৈছে ভাৰত৷ প্ৰতিযোগিতাখনত কৰা ধাৰাবাহিক প্ৰদৰ্শনেৰে স্বাভাৱিকতেই দেওবাৰে ফেৱৰিট হিচাপেই খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দল৷ লগতে আছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১৩০,০০০ ঘৰুৱা দৰ্শকৰ সমৰ্থন৷ বিশ্বকাপৰ পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া৷ যিকোনো প্ৰতিকূল পৰিৱেশৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা আছে দলটোৰ৷ সেই দিশৰ পৰা দেওবাৰে এখন ৰোমাঞ্চকৰ মেচ উপভোগৰ অপেক্ষাত বিশ্বৰ ক্ৰিকেটপ্ৰেমী৷ ভাৰতে ইয়াৰ আগেয়ে বিশ্বকাপ জয় কৰিছে ১৯৮৩ আৰু ২০১১ চনত৷ শেষবাৰৰ বাবে ভাৰতে খিতাপ জয় কৰিছিল স্বভূমিত৷ ২০১৩ চনত চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয়ৰ পাছৰ পৰা ভাৰতে কোনো প্ৰধান খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাই৷ ভাৰতৰ শত-সহস্ৰ ক্ৰিকেট অনুৰাগীৰ আশা দেওবাৰে ৰোহিত শৰ্মাৰ দলেই দাঙি ল’ব বিশ্বকাপ৷ ক্ৰিকেট বিশ্বত পুনৰ এবাৰ মাৰিব বিজয়ৰ হাঁহি৷ কিন্তু বিশ্ব ক্ৰিকেটত এক শক্তিশালী প্ৰতিপক্ষ অষ্ট্ৰেলিয়া৷ ক্ৰমাগত আঠখন মেচত জয় অৰ্জন কৰা অষ্ট্ৰেলিয়া দলে অষ্টম বাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলিব৷ দেওবাৰে দৰ্শকে এখন ৰোমাঞ্চকৰ ফাইনেল উপভোগৰ সুযোগ পাব বুলি ব্যক্ত কৰিছে ১৯৮৩ ৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য সুনীল গাভাস্কাৰে৷ তেওঁ কয়–‘আমাৰ দলে এটা পাঁচবাৰৰ চেম্পিয়ন দলৰ বিৰুদ্ধে খেলিম৷ যিটো দলে অসম্ভৱ পৰিস্থিতিৰ পৰা প্ৰত্যাৱৰ্তন কৰিব পাৰে৷ ফাইনেলত কেনেদৰে খেলিব লাগে, ফাইনেলত কেনেদৰে জয় জয় অৰ্জন কৰিব পাৰে এই দলটোৱে ভালদৰে  জানে৷ ভাৰতৰ বাবে এয়া হ’ব সঁচা প্ৰত্যাহ্বান৷’ চলিত প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে ছয় উইকেটত জয় অৰ্জন কৰিছিল৷ অষ্ট্ৰেলিয়াক ১৯৯ ৰানত আউট কৰি দিছিল ভাৰতে৷ ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে নিউজীলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে৷ এই মেচত তেণ্ডুলকাৰক অতিক্ৰমী ৫০ সংখ্যক শতকটো অৰ্জন কৰিছিল বিৰাট কোহলিয়ে৷ প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন আগবঢ়াইছে অধিনায়ক ৰোহিত শৰ্ময়ো৷ লগতে আছে ছখন মেচত ২৩ টাকৈ উইকেট লাভ কৰা মহম্মদ ছামিৰ প্ৰদৰ্শন৷ নিউজীলেণ্ডৰ বিৰুদ্ধে সাতটাকৈ উইকেট লৈ তেওঁ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল৷ আনহাতে প্ৰথম দুখন মেচত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত জয়ৰ পথলৈ প্ৰত্যাৱৰ্তন কৰিছিল অষ্ট্ৰেলিয়াই৷ আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে অবিস্মৰণীয় অপৰাজিত ২০১ ৰানৰ ইনিংছ খেলিছিল৷ প্ৰতিযোগিতাখনত ২২ টাকৈ উইকেট লাভ কৰি লেগ স্পিনাৰ আডাম জাম্পাৰ আত্মবিশ্বাস তুংগত৷ দেওবাৰৰ ফাইনেলখন হ’ব ২০০৩ বিশ্বকাপৰ ফাইনেলৰ পুনৰাবৃত্তি৷ সেইবাৰ ৰিকি পণ্টিং নেতৃত্বাধীন অষ্ট্ৰেলিয়া দলে সৌৰভ গাংগুলী নেতৃত্বাধীন ভাৰতীয় দলক ১২৫ ৰানত পৰাস্ত কৰিছিল৷ দেওবাৰে সেই পৰাজয়ৰে পোতক তোলাৰ অপেক্ষাত ৰোহিত বাহিনী৷