Logo
image

ফাইনেলত আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান

আহমেদাবাদ, ১৯ নৱেম্বৰঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দেওবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলৰ মাজতে থাকিব আকৰ্ষণীয় সামৰণী অনুষ্ঠান৷ চাৰিটা পৰ্যায়ত যেনে প্ৰি মেচ, প্ৰথমটো ড্ৰীংকছ ব্ৰেক, ইনিংছ ব্ৰেক আৰু দ্বিতীয় ইনিংছৰ ড্ৰীংকছ ব্ৰেকত এই অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে জনোৱা মতে, দিনৰ ১.৩০ বজাত হ’ব ফাইনেলৰ টছ৷ তাৰ পাছত দহ মিনিটৰ বাবে ভাৰতীয় বিমান বাহিনীৰ বিশেষ দল ‘সূৰ্যকিৰণ’-এ প্ৰদৰ্শন কৰিব বিশেষ কৌশল৷ সূৰ্যকিৰণৰ বিশেষ দলটোৱে আহমেদাবাদ বিমান বন্দৰৰ পৰা উৰণ  আৰম্ভ কৰি ষ্টেডিয়ামৰ ওপৰত প্ৰদৰ্শন কৰিব ভাৰ্টিকেল এয়াৰ শ্ব’৷ ড্ৰীংকছ ব্ৰেক আৰু ইনিংছ ব্ৰেকত দেখা যাব হিন্দী ছবি জগতৰ কেইবাজনো বিখ্যাত তাৰকাৰ প্ৰদৰ্শন৷ তেওঁলোকৰ মাজত আছে মিউজিক কম্পোজাৰ-কণ্ঠশিল্পী প্ৰীতম চৌধুৰী, জনিতা গান্ধী, নাকাশ আজিজ, আকাশা যোশী, তুষাৰ যোশী, অমিত মিশ্ৰ আৰু জনপ্ৰিয় গুজৰাটী কণ্ঠশিল্পী আদিত্য গাধাৱি৷ তাৰ লগতে বলীউডৰ জনপ্ৰিয় গীতৰ তালত নৃত্য পৰিৱেশন কৰিব মুম্বাইৰ প্ৰায় ৫০০ নৃত্য শিল্পীয়ে৷ উল্লেখ্য, ১৯৭৫ চনৰ প্ৰথম বিশ্বকাপৰ পৰা এই পৰ্যন্ত যিকেইটা দলে বিশ্ব চেম্পিয়নৰ সন্মান লাভ কৰিছে, সেই দলকেইটাৰ অধিনায়কসকলক বিশ্বকাপৰ ফাইনেললৈ আমন্ত্ৰণ জনাইছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে৷ বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিল আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ শীৰ্ষ বিষয়ববীয়াৰ উপৰি ভাৰতীয় ক্ৰিকেটাৰসকলৰ পৰিয়ালৰ সদস্যকো দেখা যাব বিশ্বকাপৰ ফাইনেলত৷