Logo
image

ফাইনেলৰ আম্পায়াৰৰ দায়িত্বত কেটেলবোৰো-ইলিংৱৰ্থ

আহমেদাবাদ, ১৯  নৱেম্বৰঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দেওবাৰে অনুষ্ঠিত হ’বলগা এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ আম্পায়াৰৰ নাম ঘোষণা কৰিছে আই চি চিয়ে৷ দেওবাৰৰ ফাইনেলত অন-ফিল্ড আম্পায়াৰ হিচাপে উপস্থিত থাকিব ইংলেণ্ডৰ ৰিচাৰ্ড কেটেলবোৰো আৰু ৰিচাৰ্ড ইলিংৱৰ্থ৷ উল্লেখ্য, কেটেলবোৰোক আম্পায়াৰ হিচাপে দিয়া কাৰ্যত নিৰাশ হৈছে কিছু ভাৰতীয় অনুৰাগী৷ ভাৰত পৰাস্ত হোৱা কেইবাখনো  গুৰুত্বপূৰ্ণ  মেচত কেটেলবোৰো আম্পায়াৰ হিচাপে উপস্থিত আছিল৷ ২০১৫ চনত এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত পৰাস্ত হোৱা খেলখনতো কেটেলবোৰো আম্পায়াৰ হিচাপে আছিল৷ সেয়ে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ফাইনেলত এজন অন-ফিল্ড আম্পায়াৰ হিচাপে কেটেলবোৰো উপস্থিত থাকিব বুলি জনাৰ পাছত একাংশ ভাৰতীয় অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত শংকা প্ৰকাশ কৰিছে৷ ২০১৪ চনৰ পৰা আই চি চি ইভেণ্টত ভাৰত  পৰাস্ত হোৱা সকলো  খেলত  কেটেবোৰো আম্পায়াৰ হিচাপে উপস্থিত আছিল৷ ২০১৪১ টি-টুৱেণ্টী বিশ্বকাপৰ ফাইনেলৰ আম্পায়াৰো আছিল কেটেলবোৰো৷ ভাৰত সেইবাৰ শ্ৰীলংকাৰ হাতত পৰাস্ত হৈছিল৷ ফাইনেলত তৃতীয় আম্পায়াৰ হিচাপে থাকিব জোৱেল উইলছন৷ চতুৰ্থ আম্পায়াৰ হিচাপে থাকিব ক্ৰিছ গাফানী৷ মেচ ৰেফাৰীৰ দায়িত্বত থাকিব এণ্ডী পাইক্ৰফট৷