Logo
image

অ’ ছামি, নকৰা নৈৰাশ...

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ নৱেম্বৰঃ ভগৱৎ চন্দ্ৰশেখৰ, এৰাপল্লী প্ৰসন্ন, শ্ৰীনিবাস ভেংকটৰাঘৱন, বিষেন সিং বেদীৰ পৰা অনিল কুম্বলে, ৰবিচন্দ্ৰন অশ্বিনলৈ দেশত ‘স্পিন গ্ৰেট’ৰ এখন দীৰ্ঘায়িত তালিকা, যাৰ হাতত অধিনায়কে বল তুলি দিলে বিপক্ষৰ বেটাৰ সন্ত্ৰস্ত হৈ পৰিছিল৷ এই চহকী স্পিন সংস্কৃতিৰ ঐশ্বৰ্যশালী ভাৰতে দেশৰ ক্ৰিকেট ঐতিহ্যত নাটকীয় পৰিৱৰ্তন সাধি প্ৰথমবাৰৰ বাবে পৰম্পৰাগত স্পিন অস্ত্ৰক একপ্ৰকাৰ পৰিহাৰ কৰি ত্ৰিমুখী পেচ ‘এটেকে’ৰে তৃতীয়টো বিশ্বকাপ অৰ্জনৰ লোভনীয় সপোন দেখিছে৷ ১৪০ কোটি ভাৰতবাসীৰ এই মুহূৰ্তৰ অমূূল্য সেই সপোন ৰূপায়িত কৰাৰ বাবে তিনি পেচাৰ মহম্মদ ছামি, যশপ্ৰীত বুমৰা আৰু মহম্মদ ছিৰাজৰ নিৰ্ভৰযোগ্য কান্ধত দায়িত্ব সঁপি দিছে দেশবাসীয়ে এসময়ৰ মতেৰাৰ অতি ‘ফ্লেট’ উইকেটত৷ তাহানিৰ মতেৰা আৰু আজিৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ প্ৰাণহীন পিট্‌চে সদায়েই স্পিনাৰক সাদৰেৰে ওলগ জনায়, পেচাৰক কেতিয়াও নহয়৷ বিশ্বকাপৰ এই ফাইনেল যদি অষ্ট্ৰেলিয়াৰ পাৰ্থ বা বাৰ্বাডোজৰ সেউজ ঘাঁহৰ উইকেটত হ’লহেঁতেন, তেতিয়া নিৰ্ঘাত ছামি, বুমৰা বা ছিৰাজৰ বাউন্সাৰে অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিড ৱাৰ্নাৰ কিম্বা বিস্ফোৰক গ্লেন মেক্সৱেলৰ হেলমেট স্পৰ্শ কৰি বল উইকেটকীপাৰৰ গ্লাভছবন্দী হ’লেহেঁতেন৷ কিন্তু আহমেদাবাদৰ পিট্‌চত, য’ত ইতিপূৰ্বে পাকিস্তান-ভাৰতৰ এখন লীগ মেচ হৈ গৈছে আৰু বেটিং-নিৰ্ভৰ টীম ইণ্ডিয়াৰ বাবে আয়োজক দেশৰ সুবিধা গ্ৰহণ কৰি ভাৰতীয় বৰ্ডে সেই পুৰণি পিট্‌চতে ফাইনেল খেলোৱাৰ পৰিকল্পনা কৰিছে৷ আশা–যদি ভাৰতে প্ৰথমে বেটিং কৰে তেন্তে অবিশ্বাস্য ফৰ্মত থকা অপেনাৰ, টপ অৰ্ডাৰ আৰু আপাৰ মিডল অৰ্ডাৰে সংগ্ৰহ কৰিব ৩৫০ ৰো অধিক ৰান, যি ৰানৰ এভাৰেষ্টৰ চাপত পৰি ছিন্ন ভিন্ন হৈ পৰিব ৫ বাৰ বিশ্বচেম্পিয়নৰ উত্তৰাধিকাৰ বহন কৰিও সেই খ্যাতি এতিয়া কঢ়িয়াই আনিব নোৱাৰা অজি-বাহিনী৷

আহমেদাবাদৰ এই ষ্টেডিয়াম বিশ্বৰ সৰ্ববৃহৎ সঁচা, কিন্তু এই ষ্টেডিয়ামৰ পিট্‌চ যে প্ৰাণহীন সেয়া তিক্ত সত্য৷ অন্ততঃ পেচ নিৰ্ভৰ অষ্ট্ৰেলিয়াৰ বাবে এই পিটচ্‌ মাৰাত্মক হ’ব৷ য’ত পাছত বেটিং কৰা দলৰ বেটাৰ ত্ৰাসিত হৈ থাকিব লাগিব স্পিন আক্ৰমণৰ বাবে৷ পিছে ঐতিহ্যৰ বিপৰীতে এইবাৰ টীম ইণ্ডিয়াই বিশ্বকাপ-স্বপ্ন পূৰণৰ বাবে নিৰ্ভৰ কৰিছে ত্ৰিমুখী আৰু বিষময় পেচ  বলিঙৰ ওপৰত৷ দুৰ্দান্ত প্ৰত্যাশা কৰা হৈছে, এই প্ৰাণহীন পিট্‌চত প্ৰাণসঞ্চাৰ কৰিব মহম্মদ ছামিৰ নেতৃত্বত তিনি পেচাৰে, যি প্ৰতিপক্ষক মষিমূৰ কৰিব নিজৰ বাবে থকা ১৮০ টা বলত৷ এসময়ত দুৰাকাংক্ষা যেন লাগিলেও আজিৰ টীম ইণ্ডিয়াত সেয়াই দুৰ্দান্ত প্ৰত্যাশা আৰু বাস্তৱ সত্য৷ মাজৰ ১২০ টা বল দুই স্পিনাৰ ৰবীন্দ্ৰ জাডেজা আৰু কুলদ্বীপ যাদৱে চম্ভালি ল’লেও টীম ইণ্ডিয়াৰ আক্ৰমণৰ প্ৰকৃত নায়ক তিনি পেচবলাৰহে৷ কল্পনা কৰিবলৈও টান– এসময়ত মেলকম মাৰ্শ্বাল, মাইকেল হ’ল্ডিঙে যিদৰে কেৰিবিয়ান পেচ বেটাৰীক বেটাৰৰ ভীতি বিহ্বলতাৰ চূড়ালৈ লৈ গৈছিল, যিদৰে ৱাছিম আক্ৰাম, ৱাকাৰ ইউনুছ, আকিব, জাভেদে পাকিস্তানী পেচ আক্ৰমনক প্ৰতিপক্ষৰ ত্ৰাসত পৰিণত কৰিছিল, যিদৰে গ্লেন মেকগ্ৰাথ, ব্ৰেট  লীয়ে অষ্ট্ৰেলিয়াৰ পেচ শক্তিক সকলো দলৰ বাবেই ‘আমপ্লেয়েবল’ কৰি তুলিছিল, সেইদৰে মহম্মদ ছামি, যশপ্ৰীত বুমৰা আৰু মহম্মদ ছিৰাজে ভাৰতৰ পেচ আক্ৰমণ এতিয়া অৱিশ্বাস্য উচ্ছতালৈ লৈ গৈছে৷ ভাৰতৰ এই ত্ৰিমুখী পেচ ‘এটেকে’ চলিত বিশ্বকাপৰ এতিয়ালৈকে খেলা ১০খন মেচত প্ৰতিপক্ষক ৭বাৰ অলআউট কৰিছে, যিটো এসময়ত টীম ইণ্ডিয়াৰ বাবে আছিল কষ্টাৰ্জিত স্বপ্ন ৷ আৰু ভাৰতৰ এই ভয়ংকৰ বিষযুক্ত পেচ আক্ৰমণৰ নেতৃত্ব লৈছে প্ৰথম ৪খন মেচত ৰিজাৰ্ভ বেঞ্চত বহি থকা মহম্মদ ছামিয়ে৷ এতিয়ালৈকে খেলা ৬খন মেচত ছামিয়ে উইকেট লৈছে ২৩টা, যিটো চলিত বিশ্বকাপৰ সৰ্বোচ্ছ সংগ্ৰহ৷ তাত ছামিৰ আছে তিনিটা ‘ফাইফাৰ’ [ফাইভ-ফৰ] বা ৫উইকেট৷ যশপ্ৰীত বুমৰাৰ সংগ্ৰহ ১৮টা আৰু মহম্মদ ছিৰাজৰ সংগ্ৰহ ১৩টা উইকেট৷ বিশ্বকাপৰ ১০খন মেচত এতিয়ালৈকে পেচ বলাৰৰ সংগ্ৰহ হাৰ্ডিক পাণ্ডিয়াৰ ৫টা উইকেট ধৰি ৫৯টা৷  আনহাতে স্পিন ঐতিহ্যৰ ‘লিগেচি’ এতিয়াও বৰ্তি থকা স্পিনাৰৰ সংগ্ৰহ এই পৰ্যন্ত ৩৩টা উইকেট৷ সেয়ে বেটিং নিৰ্ভৰ হ’লেও ভাৰতে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ সপোন দেখিছে ছামিবাহিনীৰ পেছ আক্ৰমনক লৈ৷ সম্ভৱত ছামিয়ে দেশবাসীক নিৰাশ নকৰিব৷ এইমুহূৰ্তত দেশবাসীৰ মহম্মদ ছামিক আকূল আহ্বান– ছামি, তুমি আমাক নিৰাশ নকৰিবা৷