Logo
image

ডীপফেইক নহয়, নিজকে চিনি নাপালে স্বয়ং মোদীয়েও

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ নৱেম্বৰঃ ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পৰা আজিকোপতি নৰেন্দ্ৰ মোদীয়ে এখনো সংবাদমেল অনুষ্ঠিত কৰা নাই৷ বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনত এয়া এক বিৰল অভিলেখ৷ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে সংবাদমেল নাপাতে, দেখিবলৈ ভাল৷ কিন্তু ভাৰতৰ দৰে এখন দেশৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত চাৰে ৯ বছৰত এখনো সংবাদমেল অনুষ্ঠিত নকৰাটো কেনে বিসদৃশ কথা, সেয়া গণতান্ত্ৰিক দেশৰ নাগৰিকক বুজাই ক’ব নালাগে৷ ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সাক্ষাৎকাৰ দিছিল৷ পিছে কোনো সাংবাদিকক নহয়, দিছিল বলীউডৰ অভিনেতা অক্ষয় কুমাৰক৷ অক্ষয় কুমাৰৰ এটা প্ৰশ্ন আজি প্ৰায় ৫ বছৰে কোনেও পাহৰা নাই–তেওঁ মোদীক সুধিছিলঃ আপুনি আম চুহি খায় নে বাকলি গুছাই খায়? সংবাদ মাধ্যমৰ বাতৰিত চৰকাৰত জোকাৰণি উঠা এখন দেশত এয়া কেনে পৰিহাসৰ কথা? পিছে প্ৰধানমন্ত্ৰী মোদী যে সাংবাদিকৰ মুখামুখি নহয়, তেনে নহয়৷ তেওঁ প্ৰতি বছৰে দীৱালি মিলন মেলাত ৰাজধানীত আগশাৰীৰ সাংবাদিকৰ মুখামুখি হয় বিজেপিৰ মুখ্য কাৰ্যালয়ত৷ পিছে সেই সংবাদমেললৈ সংবাদপত্ৰৰ সাংবাদিকে হাতত কাগজ-কলম আৰু টিভিৰ সাংবাদিকে বুম-কেমেৰা নিব নোৱাৰে৷ সাংবাদিকে কোনো প্ৰশ্নও কৰিব নোৱাৰে৷ যি কয়, সেয়া প্ৰধানমন্ত্ৰী মোদীয়েই কয়৷

এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাছিল৷ মোদীৰ দীৱালি মিলন মেলা এইবাৰ অনুষ্ঠিত হৈছিল শুকুৰবাৰে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত৷ চিৰাচৰিত ঢঙত প্ৰধানমন্ত্ৰী মোদী মুখামুখি হৈছিল সাংবাদিকৰ, য’ত পূৰ্বৰ দৰেই ‘নিৰস্ত্ৰ’ আছিল সাংবাদিক৷ এই সাক্ষাতত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজধানীৰ প্ৰতাপী সাংবাদিকক কিছু ‘জ্ঞান’ দিলে, য’ত মূল বিষয় আছিল ‘ডীপফেইক’৷ সন্দেহ নাই, অতি সম্প্ৰতি ‘ডীপফেইক’ দেশৰ চেলেব্ৰিটীৰ বাবে ভয়ংকৰ সমস্যাত পৰিণত হৈছে৷ ‘আৰ্টিফিচিয়েল ইণ্টেলিজেন্স’ৰ জৰিয়তে কাৰোবাৰ শৰীৰৰ সৈতে চেলেব্ৰিটীৰ মুখ সংযোগ কৰি তৈয়াৰ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত পাকঘূৰণি খাই আছে আৰু সেয়া দেখি মূৰ ঘূৰাই গৈছে চেলেব্ৰিটীৰ৷ শেহতীয়াকৈ এনে ‘ডীপফেইক’ৰ বলি হৈছে কাজল, কেটৰিনা কাঈফ, ৰশ্মিকা মন্দানাৰ দৰে অভিনেত্ৰী৷ প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে সাংবাদিকসকলক এই ‘ডীপফেইক’ৰ বিষয়ে দেশৰ জনতাক সচেতন কৰাৰ পৰামৰ্শ দিলে৷ সিমানলৈকে ঠিকেই আছিল৷ কিন্তু নৰেন্দ্ৰ মোদী মোদীয়ে তেওঁৰ বক্তব্যত ক’লে–আজিকালি দেখিছো, মই গৰবা নাচি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ঘূৰি আছে৷ কিন্তু মই শৈশবৰ পৰা আজিলৈ কেতিয়াও গৰবা নচা নাই৷ সেইটো ‘ডীপফেইক’ ভিডিঅ’৷

পিছে মোদীয়ে তাতে ভুল কৰিলে৷ সেইটো ‘ডীপফেইক’ ভিডিঅ’ নহয়৷ যিটো ভিডিঅ’ ছ’চিয়েল মিডিয়াত ঘূৰি আছে, সেইটো সঁচা ভিডিঅ’৷ ভিডিঅ’ত মোদী যেন লগা এজন মানুহে গৰবা নৃত্য কৰি আছে৷ সেয়া মোদীৰ ‘ডীপফেইক’ ভিডিঅ’ নহয়৷ গৰবা নাচি থকা ব্যক্তিজন হৈছে এজন স্বল্পখ্যাত অভিনেতা, নাম বিকাশ মাহান্তে, যাৰ চেহেৰা মোদীৰ সৈতে অবিকল৷ সেই নৃত্য তেওঁ কৰিছিল লণ্ডনত যোৱা ৭ নৱেম্বৰত দীৱালী মেলাত৷ সেই ভিডিঅ’টোকে অনেকে মোদী বুলি ভাবিছে আৰু মোদীয়ে তাকে প্ৰকৃত সত্য নজনাকৈ ‘ডীপফেইক’ বুলি দাবী কৰিছে৷ একেজন বিকাশ মাহান্তেৰ মুম্বাইৰ নৱৰাত্ৰিত গৰবা নৃত্য কৰা এটা ভিডিঅ’ও সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ মুম্বাইৰ মালাড়ৰ বিকাশ মাহান্তেই ‘মোদী কি গাঁও’ নামৰ তথ্যচিত্ৰত নৰেন্দ্ৰ মোদীৰ ভুমিকাও ৰূপায়ণ কৰিছে৷ ‘হেপী নিউ ইয়েৰ’ ছবিতো অভিনয় কৰা বিকাশ মাহান্তেই কেইবাখনো ছিৰিয়েলতো অভিনয় কৰিছে৷ তেওঁৰ মোদীৰ সৈতে দেখাত ইমানেই সাদৃশ্য আছে, যিজনক স্বয়ং মোদীয়েও চিনি নাপালে৷