Logo
image

বয়স বিতৰ্কৰ মাজতে কাইলৈৰ পৰা আছুৰ মৰিগাঁও অধিৱেশন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু মৰিগাঁৱৰ প্ৰতিনিধি, ২০ নৱেম্বৰঃ আছু নেতাৰ বয়সক লৈ তুমূল বিতৰ্কৰ মাজতে আছুৰ মৰিগাঁও অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ ২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া আছুৰ মৰিগাঁও অধিৱেশনৰ বাবে ইতিমধ্যে বিশাল ৰভা-মণ্ডপ তৈয়াৰ কৰা হৈছে৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ দহ হাজাৰ প্ৰতিনিধিক আদৰিবলৈ প্ৰায় সাজু মৰিগাঁওবাসী৷ কাৰ্যসূচী মতে প্ৰথম দিনা অৰ্থাৎ ২১ নৱেম্বৰৰ পুৱা ৯ বজাত মৰিগাঁও উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰ উদ্বোধন আৰু মূল তোৰণ মুকলি কৰিব ঐতিহাসিক তিৱা ৰাজ দৰবাৰৰ সভাপতি জোৰচিং বৰদলৈয়ে৷ ইয়াৰ পিছতেই শ্বহীদ গজেন ইংতি-পুতুল শইকীয়া সোঁৱৰণী মূল মঞ্চ আৰু মণ্ডপ মুকলি কৰিব মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ লীলাকান্ত বৰঠাকুৰে৷ পুৱা ১০ বজাত পাটেকীবড়ি থানৰ চ’ৰাঘৰৰ আৰ্হিত নিৰ্মিত অতিথি গৃহ মুকলি কৰিব মৰিগাঁৱৰ বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথে,  প্ৰয়াত অধ্যাপক প্ৰদীপ কুমাৰ শইকীয়া সোঁৱৰণী গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰিব চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ কমল চন্দ্ৰ নাথে, পুৱা ১১ বজাত প্ৰয়াত শিক্ষাবিদ দেবেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী বাণিজ্য মেলাৰ দ্বাৰ মুকলি কৰিব মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি তামুলীয়ে৷ ইয়াৰ পিছতে খাদ্য মেলাৰ দ্বাৰ মুকলি কৰিব ক্ৰমে মৰিগাঁও বালিকা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নবীন চন্দ্ৰ কোঁৱৰে৷ দুপৰীয়া ১২ বজাত কুইজ আৰু তৰ্ক প্ৰতিযোগিতা৷ এই প্ৰতিযোগিতা উদ্বোধন কৰিব মৰিগাঁৱৰ ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিষ্ণুপ্ৰসাদ উপাধ্যায় আৰু জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ ভবেন চন্দ্ৰ নেওগে৷ দুপৰীয়া ১ বজাৰ পৰা অধিবেশনৰ প্ৰতিনিধিৰ নাম পঞ্জীয়ন৷ ২ বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰিব আদৰণি সমিতিৰ অন্যতম মুখ্য উপদেষ্টা হৰেন্দ্ৰ বৰাই৷ আবেলি ৪ বজাত ভোজনালয়ৰ দ্বাৰ মুকলি কৰিব আদৰণি সমিতিৰ অন্যতম মুখ্য উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মাই৷ আবেলি ৫ বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰতিষ্ঠিত প্ৰবীণ শিল্পী অশোক ডেকাই৷  নিশা ৯ বজাত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কাৰ্যনিবাহ সভা৷ এই সভাতে নিৰ্ণয় হ’ব আছুৰ পৰবৰ্তী নেতৃত্ব আৰু কৰ্মৰাজি৷ অধিবেশনৰ দ্বিতীয় দিনা অৰ্থাৎ ২২ নৱেম্বৰৰ পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিব আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই৷ ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰিব আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ পুৱা ১১ বজাত সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা৷ এই শোভাযাত্ৰা আনুষ্ঠানিকভাবে উদ্বোধন কৰিব আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ অনুষ্ঠানত উপস্থিত থাকিব আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ হিমা দাস, বিশিষ্ট অভিনেতা নয়ন নীলিম, বিশিষ্ট কণ্ঠ শিল্পী ৰিছা ভৰদ্বাজ৷ বিয়লি ৪ বজাত পঞ্চ শ্বহীদ সোঁৱৰণী প্ৰতিনিধি সভা ক্ষেত্ৰৰ তোৰণ মুকলি কৰিব মৰিগাঁও টাউন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰ্মল চন্দ্ৰ নাথে৷ ইয়াৰ পিছতে প্ৰয়াত দুলাল নাৰায়ণ ডেকা সোঁৱৰণী প্ৰতিনিধি সভাগৃহ দ্বাৰ মুকলি কৰিব মায়ং বৰদিয়াৰ লোকপ্ৰিয় জি এন বি মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণুপ্ৰভা লস্কৰ মেধিয়ে৷ সন্ধিয়া ৫.৩০ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰিব ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ ৫.৩০ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই৷ এই সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট শিল্পী তৰালি শৰ্মা, মানস ৰবীন, আচুৰ্য বৰপাত্ৰ, নিৰ্মালী দাস, প্ৰবীণ বৰা, ৰিছা ভৰদ্বাজ আদি শিল্পীয়ে সংগীত পৰিবেশন কৰিব৷ তৃতীয় তথা অন্তিম দিনা দুপৰীয়া অনুষ্ঠিত হ’ব এখন মুকলি সভা এই সভাত উত্তৰ ছাত্ৰ সংগঠন সমূহৰ নেতৃত্ব বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকিব বুলি অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰ আৰু সাধাৰণ সম্পাদক তথা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই সংবাদ মাধ্যমক অবগত কৰিছে৷ উল্লেখ্য, আছু নেতাৰ বয়সৰ উদ্ধৰ্সীমাক লৈ আছুৰ বাহিৰে ভিতৰে তীব্ৰ বিতৰ্ক অব্যাহত আছে৷  আছুৰ দুলীয়াজান অধিৱেশনত নেতাৰ বয়সৰ উদ্ধৰ্সীমাক লৈ সিদ্ধান্ত কৰা হৈছিল৷ আছুৰ এটা সূত্ৰমতে উক্ত অধিৱেশনতে বিষয়ববীয়াৰ বয়সৰ উদ্ধৰ্সীমা ৪০ বছৰ নিৰ্ধাৰণ কৰা হৈছিল৷ কিন্তু একেখন অধিৱেশনত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই যেতিয়ালৈ ইচ্ছা কৰে তেতিয়ালৈ মুখ্য উপদেষ্টা পদত থাকিব পাৰিব বুলি প্ৰস্তাৱ এটা সৰ্বসাধাৰভাৱে গৃহীত কৰা হৈছিল৷ সেই মৰ্মে ড॰ সমুজ্জ্বল ভট্টাচাৰ্যক বয়সৰ উদ্ধৰ্সীমাৰ আউতিৰ বাহিৰত ৰাখি ৪০ বছৰৰ উদ্ধৰ্ৰ কৰ্ম-কৰ্তাৰ প্ৰৱেশ নিষিদ্ধ কৰিয়েই হয়তো উক্ত অধিৱেশনত উদ্ধৰ্সীমাৰ নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব৷