Logo
image

বিশ্বকাপত সৰ্বাধিক ৰানৰ অভিলেখ কোহলিৰ

আহমেদাবাদ, ২০ নৱেম্বৰঃ দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ৫৪ ৰানৰ ইনিংছ খেলি এইবাৰৰ টুৰ্নামেণ্টখনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটাৰত পৰিণত হয় বিৰাট কোহলি৷ এইবাৰৰ বিশ্বকাপৰ এঘাৰটা ইনিংছত কোহলিৰ সংগ্ৰহ ৭৬৫ ৰান৷ এইদৰে বিশ্বকাপ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটাৰৰ তালিকাত দ্বিতীয় স্থানত উপনীত হৈছে কিং কোহলি৷ এইক্ষেত্ৰত তেওঁ অতিক্ৰমী যায় অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙক৷ পণ্টিঙৰ নামত আছে ৪৬টা ইনিংছত ১৭৪৩ ৰান৷ তাৰ বিপৰীতে ৩৭টা ইনিংছত কোহলিৰ সংগ্ৰহ ১৭৯৫ ৰান৷ বিশ্বকাপত সৰ্বাধিক ৰান আছে শচীন তেণ্ডুলকাৰৰ নামত৷ তেণ্ডুলকাৰে ৪৫খন খেলত সংগ্ৰহ কৰিছিল ২২৭৮ ৰান৷ আনহাতে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি  অভিলেখ গঢ়িছে বিৰাট কোহলিয়ে৷ দেওবাৰৰ ফাইনেলখনত ৫৬ টা বলত নিজৰ ৭২ সংখ্যক এদিনীয়া অৰ্ধশতকটো অৰ্জন কৰে কোহলিয়ে৷ দ্বিতীয়বাৰৰ বাবে তেওঁ বিশ্বকাপত ক্ৰমাগত পাঁচবাৰ  ৫০ৰ অধিক স্ক’ৰ কৰিলে৷ বিশ্বকাপৰ ২০১৯ সংস্কৰণতো প্ৰাক্তন অধিনায়কজনে ক্ৰমাগত পাঁচবাৰ ৫০ৰ অধিক স্ক’ৰ কৰিছিল৷ কোহলিৰ আগেয়ে এনে সফলতা লাভ কৰিছিল ২০১৫ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়ান বেটাৰ ষ্টিভ স্মিথে৷ সেইবাৰ অষ্ট্ৰেলিয়াই প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰিছিল৷ বিশ্বকাপৰ এটা সংস্কৰণত ছেমিফাইনেল আৰু ফাইনেল উভয়তে ৫০ৰ অধিক ৰান কৰা বিশ্বৰ সপ্তমজন বেটাৰ হিচাপে পৰিগণিত হয় কোহলি৷ তেওঁৰ আগেয়ে এনে সফলতা লাভ কৰিছিল মাইক ব্ৰেয়াৰলী [১৯৭৯], ডেভিদ বুন [১৯৮৭], জাভেদ মিঞাদাদ [১৯৯২], অৰৱিন্দ ডে ছিলভা [১৯৯৬],  গ্ৰাণ্ট এলিয়ট [২০১৫] আৰু ষ্টিভ স্মিথে [২০১৫]৷ মুম্বাইত নিউজীলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত কোহলিয়ে ১১৭ ৰানৰ ইনিংছ খেলিছিল৷ দেওবাৰে ৬৩ বলত ৫৪ ৰান কৰি আউট হয় কোহলি৷