Logo
image

ছুপ্ৰিম ক’ৰ্টলৈ অসম চৰকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ নৱেম্বৰঃ খাৰিজ হ’ব পাৰে ঘাতক বন্দনা কলিতাৰ জামিন! এইবাৰ ‘ব্যৰ্থ’ মহানগৰ আৰক্ষীয়ে স্বামী-শাহুৰ হত্যাকাৰী বন্দনা কলিতাৰ জামিনৰ বিৰোধিতাৰে আইনী যুঁজ চলোৱাৰ বাবে কঁকালত বান্ধিছে টঙালি৷ তদন্তকাৰী আৰক্ষীৰ একমাত্ৰ দুৰ্বলতাৰ বাবে বন্দনা কলিতা আৰু দুই সহযোগীয়ে ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পাছতেই সৰ্বত্ৰ ককৰ্থনা আৰু সমালোচনাৰ সন্মুখীন হৈছিল স্মাৰ্ট অসম আৰক্ষী৷ আৰক্ষীৰ এই ব্যৰ্থতাৰ বাবেই কাৰাগাৰৰ পৰা ওলায়েই ছানগ্লাছ লগাই অনুতপ্তহীনভাৱে গুৱাহাটীৰ ৰাজপথত চফৰ দিছিল বন্দনাই৷ নিজকে স্মাৰ্ট আৰক্ষী বুলি জহাই ফুৰা মহানগৰ আৰক্ষীয়ে দেশ কঁপোৱা হত্যাকাণ্ডটোৰ তিনি অভিযুক্তক তিনি মাহো কাৰাবন্দী কৰি ৰাখিবলৈ সক্ষম নোহোৱাত এইবাৰ মুখলজ্জা ঢাকিবলৈ অভিযুক্ত অৰূপ ডেকাৰ ‘ডিফ্‌ল্ট জামিনৰ বিৰোধিতাৰে সৰ্বোচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ উল্লেখ্য, আজিৰ পৰা প্ৰায় ডেৰ বছৰ পূৰ্বে মহানগৰীৰ নাৰেংগীৰ বাসগৃহত স্বামী অমৰজ্যোতি দে’ আৰু চানমাৰিৰ বাসগৃহত শাহু শংকৰী দে’ক অতি পৰিকল্পিতভাৱে দুই প্ৰেমিক বন্ধু অৰূপ ডেকা আৰু ধনটি ডেকাৰ সহযোগত টুকুৰা-টুকুৰকৈ কাটি মৃতদেহৰ অংশ মেঘালয়ৰ পাহাৰৰ পৰা তললৈ পেলাই দিছিল বন্দনা কলিতাই৷ ২০২২ চনৰ ২৬ জুলাইত চানমাৰিৰ যোগমায়া এপাৰ্টমেণ্টত শাহুৱেক শংকৰী দে’ আৰু এই ঘটনাৰ প্ৰায় এমাহৰ পাছত ১৭ আগষ্টত নাৰেংগীৰ অমৰাৱতী এপাৰ্টমেণ্টৰ ফ্লেটত হত্যা কৰিছিল স্বামী অমৰজ্যোতি দে’ক৷ অৱশ্যে চতুৰ বন্দনাই এই হত্যাকাণ্ডৰ প্ৰায় ৬ মাহৰ পাছতহে চলিত বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীত মহানগৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল৷ বন্দনাৰ লগতে সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাক গ্ৰেপ্তাৰ কৰি সংবাদ মাধ্যমকো সম্বোধন কৰিছিল আৰক্ষী আয়ুক্তই৷ নুনমাটি থানাত ৰুজু হোৱা ৪৮০/২২ নম্বৰৰ গোচৰটোত তদন্তকাৰী আৰক্ষীয়ে বিগত ১২ মে’ত আংশিক অভিযোগনামা দাখিল কৰিছিল৷ নিয়ম অনুসৰি ৯০ দিনৰ ভিতৰত আৰক্ষীয়ে গোচৰটোৰ চূড়ান্ত অভিযোগনামা দাখিল কৰিব লাগে যদিও আংশিক অভিযোগনামা দাখিলৰ আইনী আসোঁৱাহৰ যুক্তিৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল অন্যতম অভিযুক্ত অৰূপ ডেকাই৷ অৰূপ ডেকাৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্ছ ন্যায়ালয়ে অৰূপ ডেকাৰ ‘ডিফŒI×’ জামিন মঞ্জুৰ কৰে৷ অৰূপ ডেকাৰ ‘ডিফ্‌ল্ট’ জামিনৰ আধাৰতে পৰৱৰ্তী সময়ত নিম্ন আদালতে ঘাটক বন্দনা কলিতা আৰু ধনটি ডেকাৰো জামিন মঞ্জুৰ কৰে৷ বন্দনা কলিতাৰ জামিনৰ পাছতেই বিভিন্নজনে মহানগৰ আৰক্ষীৰ লগতে গৃহ বিভাগক ককৰ্থনা কৰাত এতিয়া অসম চৰকাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে দিয়া অৰূপ ডেকাৰ ‘ডিফ্‌ল্ট’ জামিনৰ ৰায়ক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ত দ্বাৰস্থ হোৱাৰ পৰিকল্পনা কৰিছে৷ এই লৈ আৰক্ষী তথা অধিবক্তাই জ্যেষ্ঠ আইনজ্ঞৰো পৰামৰ্শ গ্ৰহণ কৰিছে৷ কম সময়ৰ ভিতৰতে সৰ্বোচ্চ ন্যায়ালয়ত অৰূপ ডেকাৰ জামিনৰ ৰায়ৰ বিৰোধিতাৰে আবেদন দাখিল কৰিব বুলিও গৃহ বিভাগৰ এটা সূত্ৰই নিশ্চিত কৰিছে৷ যদিহে অৰূপ ডেকাৰ জামিনৰ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়ক সৰ্বোচ্ছ ন্যায়ালয়ে খাৰিজ কৰে, তেনেহ’লে একে ৰায়ৰ আধাৰতে বন্দনা কলিতাৰো জামিন নাকচৰ আশা দেখিছে ‘ব্যৰ্থ’ মহানগৰ আৰক্ষীয়ে৷