Logo
image

জাতীয় পৰিষদ কি বস্তু সোনকালেই গম পাব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ নৱেম্বৰঃ অসম জাতীয় পৰিষদ কি বুজিবলৈ অলপ দিন অপেক্ষা কৰক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ তেওঁ গম পাব অসম জাতীয় পৰিষদ কি বস্তু৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক এইদৰে কাৰ্যতঃ হুংকাৰ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি তথা বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ৷ তেওঁ আৰু কয়–বিজেপিৰ জন্ম যেতিয়া হৈছিল তেতিয়া বিজেপিৰ টিকট দিবলৈ গ’লে ঘৰৰ পিছদুৱাৰেদি মানুহ পলাইছিল৷ আমি জন্মৰ পৰা ১০০ দিনত নিৰ্বাচন খেলি ৭.৫০ লাখ ভোট লাভ কৰিছোঁ৷ অসমৰ জনগনে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কম দিনৰ ভিতৰত গম পাব অসম জাতীয় পৰিষদ কি হয়৷ উল্লেখ্য দিন দিয়েক পূৰ্বে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম জাতীয় পৰিষদক ক্লাবৰ সৈতে তুলনা কৰিছিল৷ কংগ্ৰেছ নেতৃত্বাধীন ১৫ দলীয় মিত্ৰজোঁট বিৰোধী ঐক্য মঞ্চই অনুষ্ঠিত কৰা বৈঠকক ‘পিকনিক’ আখ্যা দিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ জয়ন্ত মল্ল বৰুৱাৰ এনে বক্তব্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰাই নহয়, কাৰ্যতঃ তেওঁক উভতি ধৰে বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷