Logo
image

অহা বছৰ ভূপেন বৰাৰ ৰাজনীতি শেষ

‘আমাৰ অসম’ৰ ডিমৌৰ প্ৰতিবেদক, ২১ নৱেম্বৰঃ অসম চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনত নাৱাৰ্ডৰ আঠ কোটি টকা আঁচনিৰে শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ পানীদিহিঙৰ ককিলামাৰীৰ লাইবিলৰ পৰা টেঙাপানীলৈকে ৫৬১মিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ কামৰ আজি শুভাৰম্ভ কৰে অসম চৰকাৰৰ জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ ধাইবাৰী শনিবৰীয়া বজাৰৰ মথাউৰিৰ কাষত আয়োজিত অনুষ্ঠানত মন্ত্ৰীজনৰ সৈতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, জলসম্পদ বিভাগৰ উজনি মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা সমীৰণ ডেকা, অধীক্ষক অভিযন্তা প্ৰভাত চন্দ্ৰ ৰাভা, কাৰ্যবাহী অভিযন্তা দিনেশ বুঢ়াগোহাঁই, সহকাৰী কাৰ্যবাহী অভিযন্তা বিনোদ ইংতিং, সহকাৰী অভিযন্তা ভাস্কৰজ্যোতি কলিতা উপস্থিত থাকে৷ মন্ত্ৰীজনে খহনীয়া প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰি শনিবৰীয়া বজাৰ প্ৰেক্ষাগৃহত আয়োজিত জনসভাত অংশ লৈ ৰাইজক উদ্দেশ্যি কয় যে যোৱা থাওৰা সমষ্টিৰ উপ-নিবাৰ্চনত এই অঞ্চলৰ ভয়াৱহ সমস্যাৰূপে চিহ্নিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ই ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ আজি আঢ়ৈ বছৰৰ পাছত আমাৰ চৰকাৰে খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে৷ এই আঁচনিৰ জৰিয়তে মথাউৰিৰ ৫৬১মিটাৰ অংশত জি’অ বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰা হ’ব আৰু আগন্তুক দিনত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ অন্য অংশৰ লগতে দিহিঙৰ খহনীয়া ৰোধৰ বাবেও আঁচনি ৰূপায়ণ কৰা হ’ব৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে, ইতিমধ্যেই থাওৰা সমষ্টিত জলসম্পদ বিভাগে মুঠ ৩৪ কোটি টকা ৰূপায়ণ কৰিছে৷ জনসভাত  মন্ত্ৰী পীয়ূষ হাজৰিকাই কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাক তীব্ৰ কটাক্ষ কৰি কয় যে, ২০২৪ চনৰ লোকসভা নিবাৰ্চনত ভূপেন বৰাৰ ৰাজনৈতিকভাৱে মৃত্যু হ’ব৷ তেওঁ  ক্ৰমাগতভাৱে চতুৰ্থবাৰলৈ পৰাজয়ৰ ৰেকৰ্ড গঢ়িব৷ কাজিৰঙা সমষ্টিত নিবাৰ্চন খেলাৰ লোভ প্ৰকাশ কৰাৰ সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যেঃ ‘লোভেই পাপ, পাপেই মৃত্যু’৷ কাজিৰঙাত এইবাৰ বিজেপি দলৰ প্ৰাথীৰ্য়ে চাৰিলাখ ভোটত জয়যুক্ত হ’ব৷ ইফালে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈয়ে নিবাৰ্চন খেলিব বুলি কংগ্ৰেছ দলে প্ৰচাৰ কৰাৰ বিষয়ে কয় যে যোৱাবাৰ বিজেপি দলৰ প্ৰাথীৰ্য়ে আশী হাজাৰ ভোটত জয়ী হৈছিল আৰু এইবাৰ বিজেপি দলৰ প্ৰাথীৰ্য়ে দুই লাখ ভোটত জয়ী হ’ব৷ ৰাইজৰ দলে আজিৰে পৰা ‘ৰাইজৰ মাজলৈ ৰাইজৰ দল’ কাৰ্যসূচী উলিওৱা সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাই কটাক্ষ কৰি কয় যেঃ ৰাইজৰ দল কেৱল অখিল গগৈ আৰু কেইজনমান মুষ্টিমেয় ব্যক্তিৰহে দল৷ এই দলে উলিওৱা কাৰ্যসূচী ৰাইজে কেনেদৰে গ্ৰহণ কৰে সেয়া আগন্তুক দিনত স্পষ্ট হ’ব৷ কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, কংগ্ৰেছে যিমানেই চাঙে চাঙে গ’লেও ৰাইজে কংগ্ৰেছক আদৰি নলয়৷ কংগ্ৰেছ দলটোৱেই হৈছে মিছা কথা কোৱা দল৷ এসময়ত আমিও কংগ্ৰেছ দলত আছিলোঁ আৰু বিধায়ক হৈ ৰাইজক প্ৰতিশ্ৰুতি দিয়ো সেইবোৰ পূৰণ কৰিব নোৱৰাত আমি ৰাইজৰ পৰা পলাই ফুৰিছিলোঁ৷ এতিয়া আমি বিজেপি দললৈ আহিয়েই ৰাইজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিছোঁ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমাৰ্ই এক লাখ নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল তাৰ অংশৰূপে ইতিমধ্যেই ৮৭হাজাৰ নিৱনুৱাক চাকৰি দিয়া হৈছে আৰু অতি কমদিনৰ ভিতৰত ৪৫হাজাৰ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি আজি মন্ত্ৰীজনে ঘোষণা কৰে৷ অৰুণোদয় আঁচনিৰ সন্দৰ্ভত মন্ত্ৰীজনে কয় যে ইতিমধ্যে মহিলাসকলৰ  বাবে ২১শ কোটি টকা আগবঢ়োৱা হৈছে আৰু অতি কমদিনৰ ভিতৰতে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক এঘাৰ হাজাৰকৈ টকা অনুদান আগবঢ়োৱা হ’ব৷ তেওঁ লগতে ঘোষণা কৰে যে, অসমৰ ৪০ লাখ পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ’ব৷ আগন্তুক লোকসভা নিবাৰ্চন সন্দৰ্ভত এক প্ৰকাৰ প্ৰচাৰ কাৰ্যসূচী শুভাৰম্ভ কৰি মন্ত্ৰীজনে কয় যে এইবাৰ অসমৰ চৈধ্যটা সমষ্টিৰ ভিতৰত বাৰটা সমষ্টিয়ে বিজেপি দলে লাভ কৰিব৷ মাত্ৰ দুটা সমষ্টিতহে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে লাভ কৰিব পাৰে৷ তেওঁ আগন্তুক নিবাৰ্চনত যোৰহাট সমষ্টিৰ বিজেপি প্ৰাথীজনক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ৩ান জনায়৷ আজি জনসভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ প্ৰদান কৰি কয় যে, ইতিমধ্যে অসমত প্ৰতিটো পৰিয়াললৈ বিজুলী যোগান ব্যৱস্থা কৰাৰ লগতে জলজীৱন আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰা হৈছে৷ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে প্ৰতিটো পৰিয়ালৰ আয়ুষ্মান ভাৰতৰ যোগেদি পাঁচলাখ টকাকৈ অনুদান আগবঢ়োৱা ব্যৱস্থা কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তেও পাঁচলাখ টকা চিকিৎসা সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে৷ সাংসদ তপন কুমাৰ গগৈয়ে আগন্তুক লোকসভা নিবাৰ্চনত যোৰহাটৰ বিজেপি দলৰ প্ৰাথীৰ্জনক জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়৷ জনসভাত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে কয় যে ব্ৰহ্মপুত্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে আজি অসম চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে নৈপৰীয়া জনসাধাৰণৰ যথেষ্ট উপকাৰসাধন হ’ব৷ তেওঁ কয় যে ইতিমধ্যে দিহিঙ নৈৰ ওপৰত ইটাখুলিত এখন দলং নিমাৰ্ণ কৰি থকা হৈছে আৰু দিচাং নৈৰ ওপৰতো বলমা ঘাটত এখন পকী দলং নিমাৰ্ণ কৰা হৈছে৷ এটা বছৰৰ ভিতৰতে দুখন দলং সম্পূৰ্ণ হ’লে ডিব্ৰুগড় আৰু শিৱসাগৰলৈ দিহিংমুখৰ ৰাইজ যাতায়াতৰ ক্ষেত্ৰত উপকৃত হ’ব৷ বিধায়কজনে নিতাইপানীদিহিং ভীমবৰ দেউৰী পথটো অসম মালা আঁচনিৰ অধীনত অসমৰ মুখ্যমন্ত্ৰীজনৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰীজনক আহ্বান জনায়৷ ভাৰতীয় জনতা পাৰ্টী শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱ চেতিয়াই আঁতধৰা জনসভাত জিলা সভাপতি ময়ুৰ বৰগোহাঁই, জিলা প্ৰভাৰী অজয় ৰাজকোঁৱৰ, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিৰণজিৎ বীৰেশ্বৰ দেউৰী, ৰাজ্যিক মহিলা মচাৰ্ৰ উপ-সভানেত্ৰী দিপিকা কাকতি দুৱৰী, অসম চৰকাৰৰ চাহ নিগমৰ উপাধ্যক্ষ শিৱ প্ৰসাদ বদ্ৰা, বিজেপিৰ পানীদিহিং মণ্ডলৰ সভাপতি প্ৰদীপ গগৈ, ডিমৌ মণ্ডলৰ সভাপতি সুধীৰ মুণ্ডা, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউট, ডিমৌ পৌৰসভাৰ পৌৰনেত্ৰী পল্লৱিতা গগৈ, আদি উপস্থিত থাকে৷ আজি জনসভাত দেউৰী, নেপালী, মিচিং, সোণোৱাল কছাৰীকে ধৰি ডেৰশ ৰাইজ উপস্থিত থাকে৷ ইফালে উক্ত জনসভাতে ভৱেন দেউৰীযে বিজেপি দলত যোগদান কৰে৷