Logo
image

বিজেপিয়ে ধৰ্মনিৰপেক্ষ দেশত ঘৃণা বিয়পাইছেঃ ৰিপুণ বৰা

ডিজিটেল সংবাদ, নগাঁওঃ "বিজেপি চৰকাৰে দুখীয়া চৰিত্ৰৰে ৰাইজক প্ৰতাৰণা কৰিছে। বিজেপি চৰকাৰৰ দিনত অত্যাধিক মূল্যবৃদ্ধি হৈছে। মহিলাক অৰুণোদয় দি ডকাইতি কৰিছে। মাহে বাৰশ টকা দি সকলো উলিয়াই লৈ গৈছে।"- মঙলবাৰে নগাঁৱত এই মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই।  

নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত তৃণমূল কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত এক কৰ্মী সভাত ভাষণ দি ৰিপুণ বৰাই কয় যে বৃটিছ চৰকাৰে মানুহক কানি খোৱাই এলেহুৱা কৰিছিল। ঠিক তেনে নীতিৰে চৰকাৰে বিনামূলীয়া চাউল দি সৰ্বসাধাৰণ ৰাইজক পংগু কৰিছে। ৰাইজক কাম কৰিবলৈ সুযোগ দিয়া নাই। বিজেপিয়ে দেশজুৰি সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বুলি উল্লেখ কৰি বৰাই লগতে কয় যে ধৰ্মনিৰপেক্ষ দেশত বিজেপিয়ে এক প্ৰকাৰ চৰকাৰীভাৱে ঘৃণা বিয়পাইছে। বিজেপি পুনৰ শাসনলৈ আহিলে দেশৰ সংবিধানখনেই সলাই পেলাব।  

তেওঁ আৰু কয়, "উচ্ছেদৰ নামত ৰাজ্যজুৰি বুলড'জাৰ চলাই বৰ্বৰতাৰ পৰিচয় দি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে দেশৰ ২৬টাকৈ ৰাজনৈতিক দল একত্ৰিত হৈ 'ইণ্ডিয়া' গঠন কৰিছে। অসমত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনত অত্যাচাৰী শাসন চলাইছে। এনে অত্যাচাৰী শাসনৰ পৰা পৰিত্ৰাণ পাবলৈ বিজেপিক অনাগত নিৰ্বাচনত ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই পেলাব লাগিব।" তদুপৰি তেওঁ এআইইউডি এফৰ সভাপতি বদৰুদ্দিন আজমলক চোকা সমালোচনা কৰি কয়, "ইডিএফে বিজেপিৰ বি টীম হৈ কাম কৰিছে। আজমলক মুছলমানৰ পক্ষে ক'বলৈ শিকাই দি হিন্দুৰ সমৰ্থন আদায় কৰিছে মুখ্যমন্ত্ৰী ড° শৰ্মাই।" মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু  আজমলক  চাচা-ভতিজা বুলি কটাক্ষ কৰি বৰাই কয়, ''তেওঁলোকে ভাই-ভাইৰ মাজত কাজিয়া লগাই দেশত অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।" 

দলটোৰ জিলা সভাপতি ময়ুৰ মজুমদাৰে সভাপতিত্ব কৰা কৰ্মী সভাখনত তৃণমূল কংগ্ৰেছৰ মহিলা নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেৱে উদাত্ত ভাষণ দি কয়, ''বিজেপি দল মিথ্যাচাৰী দল। কাৰণ তেওঁলোকে নিৰ্বাচন আহিলে জনগণক সকলো সুবিধা দিব বুলি কয়। কিন্তু নিৰ্বাচন গ'লে সকলো প্ৰতিশ্ৰুতি পাহৰি যায়। দুৰ্নীতি-অনিয়মৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰা বিজেপি চৰকাৰৰ দিনত অসমকে ধৰি বিজেপিশাসিত প্ৰায়বোৰ ৰাজ্যত ডাঙৰ ডাঙৰ দুৰ্নীতি হৈছে। গণতান্ত্ৰিক ৰাষ্ট্ৰখনত সৰ্বসাধাৰণ ৰাইজতো বাবেই সংবাদ মাধ্যমৰ বাক স্বাধীনতাও নাইকীয়া হৈছে।"

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক কৰ্মী উপস্থিত থকা সভাত তৃণমূল কংগ্ৰেছৰ আন এগৰাকী নেত্ৰী পলাক্ষী দাসে কয় যে নৱ প্ৰজন্ম বিজেপিৰ প্ৰতি মোহভংগ হৈছে। এই দলটোৱে কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰি ভাল পায়। সেয়ে মেৰু বিভাজনৰ ৰাজনীতি বন্ধ কৰিবলৈ তৃণমূল কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ তেওঁ আহ্বান জনায়। 

উক্ত সভাত দলটোৰ ৰাজ্যিক কোষাধ্যক্ষ গণ চেতীয়া, উপ-সভাপতি ছাদিক আহমেদ, যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি মেহমুদ আলীকে প্ৰমুখ্যে দলটোৰ ভালে কেইগৰাকী ৰাজ্যিক পৰ্যায়ৰ নেতা উপস্থিত থাকে। ইপিনে উক্ত সভাত শতাধিক পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছক যোগদান কৰে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাক একাংশ কৰ্মীয়ে মটৰ চাইকেল ৰে'লীৰে সভালৈ আদৰি আনে। উল্লেখ্য যে ৰে'লীৰ অধিকাংশ বাইক আৰোহীয়ে হেলমেট পৰিধান নকৰা বিষয়টোৱে চৰ্চা লাভ কৰিছে।