Logo
image

শুৰপোক আৰু হাতীৰ উপদ্ৰৱৰ মাজতে পথাৰত সোণগুটি চপোৱাত ব্যস্ত কৃষক

ডিজিটেল সংবাদ, গুৱাহাটীঃ আঘোন মাহ অহাৰ লগে লগেই সোণোৱালী হৈছে পথাৰ। সোনগুটিৰে সোণোৱালী হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত প্ৰথমবাৰৰ বাবে আবিৰ্ভাৱ হৈছে শুৰপোক। শুৰপোকৰ সমান্তৰাভাৱে পূৰ্বৰে পৰা আছে বনৰীয়া হাতীৰ উপদ্রৱ। ফলত ৰাণীৰ বহু অঞ্চলত ধান ভালকৈ নপকোতেই কৃষক ৰাইজে পথাৰত ধান কটিবলৈ বাধ্য হৈছে। 

সাধাৰণতে ৰাণী অঞ্চলত ধান খেতি চপোৱাৰ সময়ত হাতীৰ উপদ্ৰৱ নতুন কথা নহয় যদিও শুৰপোকৰ আক্ৰমণৰ বাবে বহু কৃষকে আঘোণ মাহ আৰম্ভ নহওতেই আধা পকা ধান কাটিবলৈ বাধ্য হৈছে। তাৰ মাজতো ৰাণীৰ কৃষকসকল এতিয়া ব্যস্ত হেঁপাহৰ খেতিডৰা চপোৱাত। এই সন্দৰ্ভত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ বাসিন্দা তথা ৰাণীৰ আন্ধেৰীজুলি অঞ্চলত শালি ধানৰ খেতি কৰি অহা আদৰ্শ কৃষক বলেশ্বৰ ৰংপী, বিক্ৰমপুৰৰ যুৱ কৃষক জোন ৰাভা, পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথ, মৈৰাপুৰৰ ৰমেশ দাসকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে, সাধাৰণতে ৰাণীৰ খেতি পথাৰত আঘোণ মাহ আৰম্ভ হোৱাৰ পাছতেই ধান কটা পৰ্ব আৰম্ভ হয়। এইবাৰ শুৰপোকৰ আক্ৰমণৰ বাবে বাধ্যত পৰি কিছু আগতীয়াকৈ কাটিব লগা হৈছে । যাৰ বাবে পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোনগুটি চপোৱাত। গীত, নৃত্য, আনন্দ-উল্লাহৰ মাজত  কাঁচিৰ কেচ কেচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোনৰ পথাৰ। 

সপোনৰ সোনগুটিৰে সোণোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যস্ত দাৱনী তথা চহা কৃষকসকল। শুৰপোকে আক্ৰমণ নকৰা হ'লে বিগত বৰ্ষৰ তুলনাত এইবাৰ শষ্য উৎপাদন যথেষ্ঠ পৰিমাণে ভাল হৈছিল বুলি জনাইছে একাংশ কৃষকে। তথাপিও কৃষকে চাৰি -পাঁচ মাহ পূৰ্বে ৰ'দ-বৰষুণক নেওচি কঁপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা চপাই কৃষক ৰাইজ আনন্দিত হোৱা বুলি কয়  বলেশ্বৰ ৰংপী, আদৰ্শ ৰোৱনী হিচাপে পৰিচিত তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি কৃষিকৰ্মৰ লগত জৰিত একাংশ কৃষকে।