Logo
image

৫০০ কোটি টকা ৰাজসাহায্য লৈ গাইব হৈ গ’ল ফ্লাই বিগ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ নৱেম্বৰঃ প্ৰায় ৫০০ কোটি টকা ৰাজ সাহায্য লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশৰ পৰা অন্তৰ্ধান হৈ পৰিল ফ্লাই বিগ৷ বিমান পৰিবহনসেৱা সংস্থা ফ্লাই বিগ এয়াৰলাইন্‌ছে কোনো আগতীয়া জাননী অবিহনে অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত বিমান সেৱা বন্ধ কৰি দিছে৷ ফ্লাই বিগে অসমত কেন্দ্ৰীয় চৰকাৰৰ ‘উড়ান’ আঁচনিৰ অধীনত শিলচৰ, ধুবুৰী, ডিব্ৰুগড়ৰ মাজত সেৱা আগবঢ়োৱাৰ লগতে চুবুৰীয়া মেঘালয়, অৰুণাচল আৰু ত্ৰিপুৰাৰ সৈতেও গুৱাহাটীক সংযোগ কৰিছিল৷ কিন্তু বিগত জ্জ নৱেম্বৰৰ পৰা আকস্মিকভাৱে বিমান পৰিবহণকাৰী সংস্থাটোৱে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সেৱা বন্ধ কৰি দিয়ে৷  কেন্দ্ৰীয় উড়ান আঁচনিৰ অধীনত ফ্লাই বিগে অসমৰ ধুবুৰীৰ ৰূপসী, ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী, শিলচৰ আৰু গুৱাহাটী বিমানবন্দৰক সামৰি লৈছিল যদিও অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনতো ‘নন উড়ান’ আঁচনিৰ অধীনত তিনিটা বিমান বন্দৰক সংযোগ কৰি সেৱা আগবঢ়াইছিল ফ্লাই বিগে৷ কেন্দ্ৰীয় চৰকাৰৰ উড়ান আঁচনিৰ অধীনত ৭২খন আসনৰ এটিআৰ-৭২ বিমানৰ নিৰ্দিষ্ট আসনৰ বিপৰীতে যাত্ৰী নহ’লে, খালী আসনৰ বিপৰীতে ধন পৰিশোধ অৰ্থাৎ ৰাজসাহায্য প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ আনহাতে, অসম পৰ্যটন উন্নয়ন নিগমৰ ‘নন উড়ান’ আঁচনিৰ অধীনত চলাচল কৰা ফ্লাই বিগ বিমানতো একেদৰে নিৰ্দিষ্ট আসনৰ বিপৰীতে যাত্ৰী নহ’লে উক্ত খালী আসনৰ বিপৰীতে ৰাজ সাহায্য ভৰিবলগীয়া হৈছিল অসম পৰ্যটন উন্নয়ন নিগমে৷ লক্ষণীয়ভাৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ‘উড়ান’ আৰু ‘নন উড়ান’ আঁচনিৰ অধীনত সেৱা আগবঢ়োৱাৰ নামত বিগ চাৰ্টাৰ প্ৰাইভেট লিমিটেডে [ফ্লাই বিগ] বৰ্তমানলৈ প্ৰায় ৫০০ কোটিৰো অধিক টকা ৰাজ সাহায্য হিচাপে আদায় কৰি নিয়ে৷ কোনো আগতীয়া জাননী অবিহনে ফ্লাই বিগে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ কেইবাখনো চহৰত সেৱা বন্ধ কৰি দিয়ে যদিও অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ ‘নন উড়ান’ আঁচনিৰ ফ্লাই বিগৰ সেৱা নিগমেহে নিজেই বন্ধ কৰি দিয়া বুলি দাবী কৰিছে৷ এই সন্দৰ্ভত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই ‘আমাৰ অসম’ৰ আগত কয়– ‘অসম পৰ্যটন উন্নয়ন নিগমৰে ‘নন উড়ান’ আঁচনিৰ চুক্তিৰ অধীনত ফ্লাই বিগে ডিব্ৰুগড় আৰু শিলচৰলৈ গুৱাহাটীৰ পৰা সেৱা আগবঢ়াইছিল৷ এবছৰ পূৰ্বে ডিব্ৰুগড়-গুৱাহাটীৰ মাজত ফ্লাই বিগৰ সেৱা আৰম্ভ হোৱাৰ বিপৰীতে বিগত পহিলা জুনৰ পৰা শিলচৰলৈ এই সেৱা সম্প্ৰসাৰণ কৰা হৈছিল৷ আমি আশানুৰূপ যাত্ৰীয়েই লাভ কৰিছিলোঁ যদিও শেহতীয়াকৈ ডিব্ৰুগড়-শিলচৰলৈ আন আন নিয়মীয়া বিমান সেৱা আৰম্ভ হৈছে৷ ডিব্ৰুগড়লৈ এতিয়া প্ৰায় ১১খন বিমান চলাচল কৰে৷ নিয়মীয়া বিমান চলাচল আৰম্ভ হোৱাৰ বাবেই প্ৰায় ১১ দিন পূৰ্বে অসম পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা ফ্লাই বিগৰ সেৱা বন্ধ কৰি দিয়া হৈছে৷ কিন্তু পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা ফ্লাই বিগক বৰ বেছি ৰাজ সাহায্য দিবলগীয়া হোৱা নাই৷’ অৱশ্যে পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষই এই যুক্তি দিলেও ফ্লাই বিগে অসমৰ পৰা ৰাজ সাহায্য আদায় কৰাই নহয়, অসমত সেৱা আগবঢ়োৱাৰ নামত এপেক্স বেংকৰ পৰা ৩০ কোটি টকা ঋণ লোৱাৰ তথ্য পোহৰলৈ আহিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে কোনো আমানত অবিহনেই প্ৰতিষ্ঠানটোক ৰাজনৈতিক পৃষ্ঠপোষকতাত এপেক্স বেংকে ঋণ দিছিল ৩০ কোটি টকা৷ ইফালে, বিগ চাৰ্টাৰ প্ৰাইভেট লিমিটেডে লীজত বিমান লৈ উড়ান আঁচনিৰ অধীনত অসমত সেৱা আগবঢ়াইছিল যদিও এতিয়া লোকচানত চলি থকা কোম্পানীটোৰ পৰা এপেক্স বেংকে কেনেদৰে ঋণৰ ধন ঘূৰাই আনিব সেয়াহে সন্দেহৰ বিষয় হৈ পৰিছে৷ কিয়নো ফ্লাই বিগৰ নিজৰ স্থাৱৰ সম্পত্তি বুলিবলৈ বিশেষ একো নাই৷ ৩০ কোটি টকা ঋণ লৈ এপেক্স বেংককো ফ্লাই বিগে মৃত্যুৰ মুখলৈ ঠেলি দিব নেকি, এয়া এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা আৰু ফ্লাইবিগৰ সঞ্চালক সঞ্জয় নটৱৰলাল মাণ্ডভিয়াই বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল৷ এই চুক্তিৰ চৰ্ত অনুসৰি কেন্দ্ৰৰ উড়ান আঁচনিৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে ভিয়েবিলিটি গেপ ফাণ্ডিঙৰ অধীনত বিমান চলাচল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ই ৰাজ্যৰ ভিতৰৰ বিমান সংযোগত এক নতুন মাত্ৰা যোগ কৰিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই সেই সময়ত উল্লেখ কৰিছিল৷ ৰাজ্য চৰকাৰে যোৰহাট, তেজপুৰকে ধৰি ৰাজ্যৰ অন্যান্য চহৰতো একে সেৱাৰ সম্ভাৱনীয়তাৰ ওপৰত অধ্যয়ন চলাই থকাৰ কথাও হৈ থকাৰ কথাও মুখ্যমন্ত্ৰী শৰ্মাই জনাইছিল৷ লগতে ৰাজ্যৰ ভিতৰৰ বিমান সেৱা ৰাজ্য চৰকাৰৰ বাজেট প্ৰস্তাৱৰ অংশ বুলি তেওঁ কৈছিল৷ ইয়াৰ পাছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফ্লাই বিগৰ সেৱাৰ শুভাৰম্ভ কৰিছিল৷ ইফালে, বিমান প্ৰতিষ্ঠানটোৱে অহা জানুৱাৰী মাহৰ পৰা দেশজুৰি পুনৰ সেৱা আৰম্ভ কৰিব বুলি জানিবলৈ দিছে৷