Logo
image

বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ নকৰিলে ৰামদেৱক কোটি টকা জৰিমনা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২২ নৱেম্বৰঃ আধুনিক ঔষধ আৰু চিকিৎসা পদ্ধতিৰ বিৰোধিতা কৰি বিজ্ঞাপন তৈয়াৰ আৰু প্ৰচাৰ কৰাৰ অভিযোগত উচ্ছতম ন্যায়ালয়ে যোগগুৰু বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলিৰ বিৰুদ্ধে কঠোৰ মনোভাৱ পোষণ কৰিছে৷ যদিহে এই বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ প্ৰচাৰ বন্ধ নকৰে তেন্তে ৰামদেৱৰ পতঞ্জলিৰ ওপৰত ১ কোটি টকাৰ জৰিমনা আৰোপ কৰিব সৰ্বোচ্ছ ন্যায়ালয়ে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্বনে তৰা গোচৰৰ শুনানিৰ পৰ্যায়তে এই নিৰ্দেশ জাৰি কৰিছে  উচ্ছতম ন্যায়ালয়ে৷ আধুনিক ঔষধ আৰু চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত এনেদৰে প্ৰচাৰ হোৱা ভুৱা বিজ্ঞাপনৰ বিষয়েকেন্দ্ৰীয় চৰকাৰৰ মতামত কি সেয়া আদালতত দাখিল কৰিবলৈ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছে৷ উল্লেখ্য, ৰামদেৱৰ পতঞ্জলি কোম্পানীয়ে তেওঁলোকৰ উৎপাদিত ঔষধ সন্দৰ্ভত এনে কিছুমান বিজ্ঞাপন তৈয়াৰ কৰি প্ৰচাৰ কৰিছে, য’ত আধুনিক চিকিৎসা পদ্ধতিক অকামিলা বুলি প্ৰতিপন্ন কৰা হৈছে৷ তেনে বিজ্ঞাপন বন্ধ নহ’লে প্ৰতিটো বিজ্ঞাপনৰ বিৰুদ্ধে ১ কোটি টকাকৈ জৰিমনা বিহিব উচ্ছতম ন্যায়ালয়ে৷