Logo
image

আজিৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ শৃংখলা

বিশাখাপটনম, ২৩ নৱেম্বৰঃ বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পাছত একে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে আন এক যুঁজৰ বাবে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল৷ বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজিৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখন খেলৰ টুৱেণ্টী২০ শৃংখলাত ভাৰতীয় যুৱ দলক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে৷ বিশ্বকাপৰ খিতাপৰ যুঁজত ভাৰতীয় দলৰ নিৰাশাজনক প্ৰদৰ্শনৰ বিষয়ে সহজে পাহৰিব পৰা নহ’ব৷ আনহাতে, ৯৬ ঘণ্টাৰ ভিতৰত অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দল এটাৰ বিৰুদ্ধে ভাৰতক নেতৃত্ব দিয়াটো সূৰ্যকুমাৰৰ বাবে হ’ব এটা ডাঙৰ প্ৰত্যাহ৩ান৷ সূৰ্যকুমাৰৰ প্ৰিয় ফৰ্মেট হৈছে টুৱেণ্টী২০ আৰু তেওঁৰ লক্ষ্য হ’ব  শৃংখলাটোত নিজৰ স্বাভাৱিক প্ৰদৰ্শন দাঙি ধৰা৷ উল্লেখ্য, অহা বছৰ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ’ব টুৱেণ্টী২০ বিশ্বকাপ আৰু সেই টুৰ্নামেণ্টখনৰ প্ৰতি লক্ষ্য ৰাখি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটো হ’ব যথেষ্ট গুৰুত্বপূৰ্ণ৷ পাঁচখন খেলৰ শৃংখলাটোৰ প্ৰদৰ্শনে যুৱ খেলুৱৈসকলে নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰাৰো সুযোগ পাব৷ যশস্বী জয়ছোৱাল, ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা আৰু মুকেশ কুমাৰৰ দৰে ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পদাৰ্পণ কৰিবলৈ বৰ বেছি সময় হোৱা নাই৷ অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দল এটাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাটো তেওঁলোকৰ বাবে এটা ডাঙৰ পৰীক্ষা হ’ব৷ বিশ্বকাপত ভাগ লোৱা অষ্ট্ৰেলিয়া দলটোৰ সাতজন সদস্যক দেখা যাব টুংৱণ্টী২০ শৃংখলাটোতো৷ তেওঁলোকৰ ভিতৰত অন্যতম হৈছে অ’পেনাৰ ট্ৰেভিছ হেড, গ্লেন মেক্সৱেল, লেগ স্পিনাৰ আডাম জাম্পা আৰু প্ৰাক্তন অধিনায়ক ষ্টিভেন স্মিথ৷ আগশাৰীৰ পেচ বলাৰকেইজনৰ অনুপস্থিতি সত্ত্বেও মেথিউ ৱেডে নেতৃত্বাধীন দলটো যথেষ্ট শক্তিশালী৷ অষ্ট্ৰেলিয়াৰ মাৰ্কাছ ষ্টইনিছ, নাথান এলিচ, টীম ডেভিডৰ দৰে ক্ৰিকেটাৰৰ আই পি এলত খেলাৰ অভিজ্ঞতা আছে আৰু সেইবাবে ভাৰতৰ পৰিৱেশৰ সৈতে তেওঁলোক ভালদৰেই পৰিচিত৷

যোৱা বছৰৰ টুৱেণ্টী২০ বিশ্বকাপৰ ছেমিফাইনেলত হোৱা পৰাজয়ৰ পাছত ৰোহিত শৰ্মা, বিৰাট কোহলি, লোকেশ ৰাহুলৰ দৰে ক্ৰিকেটাৰক ক্ৰিকেটৰ এই চমু সংস্কৰণৰ বাবে বিবেচনা কৰা হোৱা নাই৷ এনে স্থিতিত অহা বছৰ হ’বলগীয়া টুৱেণ্টী২০ বিশ্বকাপৰ বাবে ভাৰতীয় দসলটো নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সুযোগ পাব নিৰ্বাচক কমিটীয়ে৷ টুৱেণ্টী২০ ক্ৰিকেটৰ বিশেষজ্ঞ ৰিংকু সিঙে ভাৰতৰ হৈ এতিয়ালৈকে যিকেইখন খেল খেলিছে, তাত তেওঁ আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ যশস্বী জয়ছোৱাল, তিলক বাৰ্মা আৰু জিতেশ শৰ্মাৰ ক্ষেত্ৰতো একেই দেখা যায়৷ দলত ঈশান কিষাণ থকাৰ বাবে এছিয়ান গেমছৰ সময়ত অভিষেক ঘটোৱা জিতেশ শৰ্মাই সুযোগৰ বাবে অপেক্ষা কৰিবলগীয়া হ’ব পাৰে৷ ভাৰতীয় দলটোৰ যুৱ ক্ৰিকেটাৰসকলৰ প্ৰতিভাক লৈ কোনো সন্দেহ নাই যদিও শৃংখলাটোত কেন ৰিচাৰ্ডছন, নাথান এলিচ, শ্ব’ন এব’ট  আৰু জেছন বেহৰেনড’ৰ্ফৰ দৰে বলাৰৰ সন্মুখত বেটাৰসকলৰ প্ৰদৰ্শন হ’ব লক্ষ্যণীয়৷ আনহাতে, ভাৰতীয় বলিঙতো পেচ বলাৰ প্ৰসিদ্ধ কৃষ্ণ, অৱেশ খান, মুকেশ কুমাৰ আৰু অৰ্শদীপ সিং সন্মুখীন হ’ব লাগিব ডাঙৰ পৰীক্ষাৰ৷ ৰবি বিষ্ণই আৰু আঘাতমুক্ত হৈ দললৈ উভতি অহা অক্ষৰ পেটেলক শৃংখলাটোৰ অধিক খেলত সুযোগ দিয়া হ’ব পাৰে৷