Logo
image

‘যেনে কৰ্ম তেনে ফল’

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ নৱেম্বৰঃ ‘As You Show, So shall you reap’– মাজ নিশা আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ এটা বিশেষ টুইট৷ এই টুইটটোৱে ইংগিত দিলে যেন– ‘যেনে কৰ্ম, তেনে ফল৷’ মাজ নিশাৰ ডিজিপিৰ এই বিশেষ টুইটটোৰ সাৰমৰ্ম বুজাত ৰাইজৰ বৰ বেছি সময় অপেক্ষা কৰিবলগীয়া নহ’ল৷ কিয়নো অসম চৰকাৰে অৱশেষত কলংকমুক্ত হোৱাৰ বাবে শেষ অস্ত্ৰ প্ৰয়োগ কৰিলে৷ সুদীৰ্ঘ প্ৰায় সাত বছৰ ধৰি ৰাজ্যৰ প্ৰশাসন যন্ত্ৰত দপ্‌দপাই থকা কুখ্যাত ৰাকেশ পালে জালিয়াতিৰে বাছনি কৰা ৰাজ্যপত্ৰিত বিষয়াৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰে অভিযান৷ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৩৭ বিষয়াক দোষী সাব্যস্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিগত দুই বছৰে প্ৰতিবেদন কাৰ্যকৰীকৰণত হুহকা-পিছলা নীতি গ্ৰহণ কৰিছিল যদিও সৰ্বত্ৰ প্ৰতিক্ৰিয়া আৰু ককৰ্থনাৰ পাছত গৃহ বিভাগে অভিযুক্তৰ বিৰুদ্ধে অভিযানত অন্তিমটো ছীল-মোহৰ মাৰে৷ উল্লেখ্য, ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ অংশুমিতা গগৈৰ এজাহাৰৰ ভিত্তিতে ডিব্ৰুগড় আৰক্ষীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে অতি দক্ষতা আৰু সাহসেৰে ২০১৬ চনৰ ২৭ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল দালাল তথা কণিষ্ঠ অভিযন্তা নৱ কুমাৰ পাটিৰক৷ নৱ কুমাৰ পাটিৰক গ্ৰেপ্তাৰৰ পাছতেই তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সেউজ সংকেতত তিনিদিন পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এপিএছচিৰ সেই সময়ৰ মহাপ্ৰতাপী সদস্য ডঃ চামেদুৰ ৰহমানৰ এ পি এছ অ’ মাবুদ আলী চৌধুৰীক৷ মাবুদ আলীক গ্ৰেপ্তাৰৰ পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে উক্ত বৰ্ষৰ চ্ছ্ৰ নৱেম্বৰত গ্ৰেপ্তাৰ কৰে কুখ্যাত অধ্যক্ষ ৰাকেশ পালক৷ ইয়াৰ পাছত আন এজন সদস্য বসন্ত কুমাৰ দলে আৰু ৰাকেশ পালৰ কু-কাৰ্যৰ সংগী সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱত্ৰকো গ্ৰেপ্তাৰ কৰে৷ পৰৱৰ্তী পৰ্যায়ত তদন্তকাৰী আৰক্ষীয়ে উত্তৰবহী আৰু টেবুলেশ্বন শ্বীট জালিয়াতিৰে বাছনি লাভ কৰা ২০১৩ বৰ্ষৰ এপিএছচি পৰীক্ষাত বাছনি লাভ কৰা ৩৯ জন বিষয়া আৰু ২০১৪ বৰ্ষৰ পৰীক্ষাত বাছনি লাভ কৰা ২১ জন বিষয়াক গ্ৰেপ্তাৰ কৰে৷ একে সময়তে আৰ টি আই কৰ্মী তথা শিক্ষক ওক্ৰাম প্ৰশান্ত সিঙৰ গোচৰৰ ভিত্তিত গুৱাহাটী উচ্ছ ন্যায়ালয়ে এপিএছচিৰ ২০১৩ বৰ্ষত পৰীক্ষাৰ ন্যায়িক তদন্তৰ নিৰ্দেশ প্ৰদান কৰে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এই নিৰ্দেশনাক চৰকাৰে কাৰ্যকৰী কৰিব বিচৰা নাছিল যদিও ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংস্থাটোৰ নিৰবিচ্ছিন্ন হেঁচাত চৰকাৰে প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত ন্যায়িক আয়োগে গঠন কৰে৷ ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ ফালৰ পৰা দিয়া তথ্যপ্ৰমাণ আৰু আয়োগে নিজাববীয়াকৈ উত্তৰবহী পৰীক্ষণ তথা ফৰেনছিক প্ৰতিবেদনৰ ভিত্তিত ২০১৩ বৰ্ষৰ আন ৩৭ জন বিষয়াক দোষী সাব্যস্ত কৰি প্ৰতিবেদন দাখিল কৰে৷ এই প্ৰতিবেদনত ৩৪ জনৰ বিৰুদ্ধে উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটৰ জালিয়াতি ধৰা পেলোৱাৰ বিপৰীতে আন তিনিজন বাছনিকৃত প্ৰাৰ্থীয়ে যোগদান কৰা নাছিল৷ আনকি ন্যায়িক আয়োগে অভিযুক্ত কৰা ২২জন বিষয়াই এপিএছচি পৰীক্ষাত ফেইল কৰিছিল বুলিও প্ৰতিবেদনত উল্লেখ কৰিছিল৷ আ(ৰ্যজনকভাৱে ঘড়ীৰ কাটাত সময় বাগৰি গৈছিল যদিও বিগত প্ৰায় দুবছৰে অজ্ঞাত কাৰণত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা দাগী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ বিপৰীতে কেইবাজনো অভিযুক্ত বিষয়াক গুৰুত্বপূৰ্ণ পদত পোষ্টিং দিয়াৰ লগতে পদোন্নতিৰে পুৰস্কৃতও কৰিছিল৷ অৱশ্যে ইয়াৰ মাজতে আয়োগে দোষী সাব্যস্ত কৰা এপিএছ পুস্কল গগৈ, এচিএছ বিক্ৰমাদিত্য বৰাৰ দৰে বিষয়া আন গোচৰত গ্ৰেপ্তাৰো হয়৷ কিন্তু শেহতীয়াকৈ ন্যায়িক আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী নকৰা সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰাত ৰাজ্য চৰকাৰে পূৰ্বৰ তদন্তকাৰী বিষয়ালৈ দোষ ঠেলি দায় সৰাৰ চেষ্টা চলায়৷ আনকি ইয়াৰ পাছতেই এপিএছচি গোচৰত এডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এছ আই টি গঠন কৰে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে অভিযুক্তৰ মানবীয় দিশটোক লৈ এক স্ববিৰোধী মন্তব্য কৰাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হোৱাই নহয়, চৰকাৰে সৰ্বত্ৰ ককৰ্থনাৰো সন্মুখীন হয়৷ যাৰ পৰিপ্ৰেক্ষিততেই মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে বিবৃতি প্ৰকাশ কৰি অভিযুক্ত বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া বুলি স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হয়৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতেই মঙলবাৰে নিশাৰ পৰা এছ আই টিয়ে এপিএছচি কেলেংকাৰিৰ অভিযুক্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ এই অভিযানত প্ৰথমে দুজন এপিএছ বিষয়াক গ্ৰেপ্তাৰ কৰে যদিও বুধবাৰে নিশালৈ আন কেইবাজনো বিষয়াক বিচাৰি অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷