Logo
image

বিশ্ববিদ্যালয়ৰ সংগীতানুষ্ঠানত ব্যাপক ভিৰত পদপিষ্ট হৈ ৪ শিক্ষাৰ্থীৰ মৃত্যু

ডিজিটেল ডেস্কঃ  কেৰালাৰ কোচিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শনিবাৰে কেৰালাৰ কোচিন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ সময়ত পদপিষ্ট হৈ ৪ জন শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে ৬০ জনতকৈ অধিক আহত হয়। 

জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ কমপ্লেক্সটোৰ মুকলি প্ৰেক্ষাগৃহত আয়োজন কৰা নিকিতা গান্ধীৰ এক সংগীতানুষ্ঠানত সংঘটিত হয় এই দুৰ্ঘটনা। উল্লেখযোগ্য যে, কমেও ৬৪ গৰাকী আহত শিক্ষাৰ্থী বৰ্তমান বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আহত আৰু ৪ জন শিক্ষাৰ্থীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে চাৰিজন শিক্ষাৰ্থীক মৃত অৱস্থাত কালামছেৰী মেডিকেল কলেজলৈ অনা হৈছিল।

ঘটনা সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, প্ৰাথমিক তদন্ত অনুসৰি হঠাৎ হোৱা এজাক বৰষুণৰ বাবে মুকলি ঠাইৰ পৰা আন এটা অঞ্চললৈ সকলো দৌৰি গৈছিল যাৰ ফলত বহু কেইজন শিক্ষাৰ্থী মাটিত বাগৰি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ এই ঘটনা সংঘটিত হয়।

ইফালে ঘটনাসন্দৰ্ভত বক্তব্য ৰাখি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ শংকৰণে শনিবাৰে নিশা সংবাদ সংস্থা এ এন আইক কয়, "টেক ফেষ্টৰ অংশ হিচাপে এটা সংগীত অনুষ্ঠানও আয়োজন কৰা হৈছিল। দুৰ্ভাগ্যবশতঃ, ভিৰ যথেষ্ট আছিল আৰু বৰষুণ হৈছিল। ফলত কিছু সমস্যাৰ সৃষ্টি হৈছিল আৰু একাংশ শিক্ষাৰ্থী পদপিষ্ঠ হৈছিল।" 

ঘটনা সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰী পি বিজয়নে প্ৰাণ হেৰুওৱা চাৰিজন শিক্ষাৰ্থীৰ পৰিয়ালৰ সদস্যসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ বাবে তাৎক্ষণিক আৰু বৰ্ধিত চিকিৎসা সুবিধাৰ ব্যৱস্থা কৰাৰ আহ্বান জনায়।