Logo
image

‘ফাঁচীবজাৰ’ উঠাই নিয়া হ’ব উত্তৰ গুৱাহাটীলৈ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৭ নৱেম্বৰঃ উত্তৰ পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীত জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ব্যৱসায়-বাণিজ্যও অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ মানুহৰ বসতি আৰু ব্যৱসায়-বাণিজ্য বিস্তাৰৰ পৰিপ্ৰেক্ষিত স্মাৰ্ট চিটী গুৱাহাটীত বৃদ্ধি পাব ধৰিছে যান-জঁটৰ সমস্যাই৷ চিৰ পৰিচতি গুৱাহাটী মহানগৰীত যান-জঁটৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা সাধাৰণ লোকৰ সময় অপচয় হোৱাই নহয়, এম্বুলেন্স পৰ্যন্ত আবদ্ধ হৈ পৰা দৃশ্যও সুলভ হৈ পৰিছে৷ বিশেষকৈ উৎসৱ পাৰ্বণৰ সময়ত গুৱাহাটী মহানগৰীৰ যান-জঁটে অভাৱনীয় ৰূপ লোৱা দেখা যায়৷ কোনো পৰিকল্পনা নকৰাকৈ অ-বিজ্ঞানসন্মতভাৱে চৰকাৰী-বেচৰকাৰী অবাধ  নিৰ্মাণকাৰ্যৰ  বাবেই এনে যান-জঁটৰ সমস্যা বৃদ্ধি পোৱা বুলি বিশেষজ্ঞসকলে দাবী কৰি আহিছে৷ অৱশ্যে মহানগৰীত যান-জঁট সমস্যাৰ    সমাধানৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি চৰকাৰে এখনৰ পাছত আন এখন উৰণ সেতু নিৰ্মাণ কৰিছে৷ শেহতীয়াকৈ মালিগাঁৱৰ নীলাচল উৰণ সেতু মুকলি কৰাৰ পাছত দিন চেৰেক পূৰ্বে জু-ৰোডৰ উৰণ সেতুখনো ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে৷ একেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত উত্তৰ-গুৱাহাটী আৰু ভৰলু সংযোগী সেতুখনৰ নিৰ্মাণ অব্যাহত থকাৰ মাজতে এইবাৰ ৰাজ্যৰ সবাতোতকৈ দীৰ্ঘতম এখন উৰণ-সেতুৰ নিৰ্মাণ আৰম্ভ কৰিছে৷ গুৱাহাটীৰ দীঘলীপুখুৰীৰ পৰা বামুণীমৈদাম সংযোগী ৬ কিলোমিটাৰ দৈঘ্যৰ এই উৰণসেতুখনৰ নিৰ্মাণ আৰম্ভ কৰিছে যদিও ২০২৬ চনত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যানজঁটৰ সমস্যা হ্ৰাস পোৱাৰ লক্ষ্যৰে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত ব্যয়বহুল উৰুণ-সেতু নিৰ্মাণ কৰিলেও বাস্তৱত হ্ৰাস পোৱা নাই যান-জঁট৷ ঠায়ে ঠায়ে হোৱা যান-জঁটৰ বাবে সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰাও দেখা গৈছে৷ অৱশ্যে এইবাৰ যান-জঁটৰ সমস্যা সমাধানৰ স্বাৰ্থত সমগ্ৰ উত্তৰ পূৰ্বৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ‘ফাঁচী বজাৰ’খনকে উত্তৰ গুৱাহাটীলৈ উঠাই নিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ বিশেষকৈ ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কতৃপক্ষই দিছপুৰক প্ৰস্তাৱ দিছে৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া উত্তৰ-গুৱাহাটী আৰু ভৰলুমুখ সংযাগী দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লেই ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহক হস্তান্তৰ কৰাৰ পৰিকল্পনা ৰচা বুলি জানিব পৰা গৈছে৷ জি এম ডিএৰ উক্ত প্ৰস্তাৱক চৰকাৰে গুৰুত্ব সহকাৰে লৈ বিবেচনা অব্যাহত ৰখা বুলি দিছপুৰৰ এটা সূত্ৰই নিশ্চিত কৰিছে৷ মূলত কেইবাটাও কাৰণৰ বাবেই ফাঁচী  বজাৰক বজাৰক উত্তৰ-গুৱাহাটীলৈ স্থানান্তৰৰ পৰিকল্পনা কৰা হৈছে৷ প্ৰথম কাৰণটো ফাঁচী বজাৰৰ অধিকাংশ অট্টালিকাই নিৰ্মাণ অবৈধ৷ পূৰণিকলীয়া অট্টালিকাসমূহৰ নিৰ্মাণ বিজ্ঞানসন্মত নহয় আৰু সংশ্লিষ্ট কতৃৰ্পক্ষৰো অনুমতি নাই৷ আনকি বহু ভূমিৰ প্ৰকৃত মালিকীস্বত্বক লৈয়ো বিবাদ আছে৷ অবিজ্ঞানসন্মতভাৱে বিল্ডিং নিৰ্মাণ কৰাত অগ্নিকাণ্ডৰ দৰে দুৰ্য়োগৰ সময়ত প্ৰশাসনে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈ আহিছে৷ দ্বিতীয় কাৰণ হিচাপে চিহ্নিত কৰা হৈছে যান-জঁটৰ সমস্যাক৷ ফাঁচী বজাৰ সমগ্ৰ-উত্তৰ পূৰ্বাঞ্চলৰে বাণিজ্যিক প্ৰাণকেন্দ্ৰ হোৱাত ক্ৰেতা-বিক্ৰেতাৰ সমাগম হোৱাৰ লগতে নিয়ন্ত্ৰণহীনভাৱে যান-জঁটৰ সৃষ্টি হয়৷ বিশেষকৈ ট্ৰাকে ট্ৰাকে মাল-বস্তু সৰবৰাহ হোৱাত যান-জঁটৰ সমস্যাই সকলোকে দুৰ্ভোগ ভোগাই আহিছে৷ তৃতীয়তে ঘন জনবসতিপূৰ্ণ এলেকাটোত বাহনৰ পৰা সামগ্ৰী উঠোৱা-নমোৱা কৰাৰ নামত ছিণ্ডিকেট গঢ় হৈ উঠিছে৷ এনে কাৰণতে উত্তৰ-গুৱাহাটীত ল’জিষ্টিক পাৰ্ক নিৰ্মাণ কৰি ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ী প্ৰতিষ্ঠানসমূহক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়কো উত্তৰ-গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল যদিও অধিবক্তা সমাজৰ প্ৰতিবাদত চৰকাৰে উক্ত সিদ্ধান্ত সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছিল৷ অৱশ্যে জি এম ডি এৰ ফালৰ পৰা এইবাৰ এইবাৰ ফাঁচী বজাৰক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ প্ৰস্তাৱ দিলেও বাস্তৱত ই কাৰ্যকৰী হ’বনে নাই সেয়া সময়েহে ক’ব৷ কিয়নো ফাঁচী বজাৰৰ পৰাই অসমৰ ৰাজনীতিৰ লগতে দিছপুৰ পৰিচালিত হয় বুলিও দীৰ্ঘদিলীয়া অভিযোগ আছে৷ ৰাজ্যৰ পুঁজিপতি ব্যৱসায়ীসকলে ফাঁচী বজাৰত মাটি ক্ৰয় কৰি অট্টালিকা নিৰ্মাণৰে  শ শ কোটি টকা থকাত ব্যৱসায় কৰি সেই ব্যৱসায়ক এতিয়া নতুন এটা অঞ্চললৈ হস্তান্তৰ কৰাৰ বাবে পক্ষপাতি হ’বনে নাই সেয়াও সময়তহে স্পষ্ট হ’ব৷ পুঁজিপতিৰ ব্যৱসায়ীৰ স্বাৰ্থত যান-জঁটত বিধবস্ত ফাঁচীবজাৰ স্থানান্তৰ বা অস্বাভাৱিক নহ’লেও অসম্ভৱ হ’বলগীয়া একো নাই৷