Logo
image

বৰ্ষাপাৰাতে শৃংখলা নিশ্চিত কৰাৰ লক্ষ্য ভাৰতৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপৰ্টাৰ, ২৮ নৱেম্বৰঃ ক্ৰমাগত দুখন মেচত জয়েৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-টুৱেণ্টী শৃংখলাত ইতিমধ্যেই ২-০ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে ভাৰতীয় ক্ৰিকেট দলে৷ গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মঙলবাৰে শৃংখলাৰ তৃতীয় টি-টুৱেণ্টীত অৱতীৰ্ণ হ’ব ভাৰত৷ গুৱাহাটীত জয় অৰ্জন কৰিলেই ৩-০ত অগ্ৰগতিৰে পাঁচখনীয়া মেচৰ শৃংখলাটো ভাৰতে হস্তগত কৰাটো নিশ্চিত হ’ব৷ সেইদিশৰ পৰা গুৱাহাটীৰ টি-টুৱেণ্টীখনৰ বিশেষ গুৰুত্ব আছে৷ ইতিমধ্যেই বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া টি-টুৱেণ্টীখনক লৈ অনুৰাগীৰ মাজত উৎসাহ দেখা গৈছে৷ সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় তৰুণ খেলুৱৈৰ দলে শেহতীয়া দুখন মেচত জয়েৰে অনুৰাগীৰ হূদয় জয় কৰিছে৷ মঙলবাৰেও দলটোৱে এখন উপভোগ্য মেচ উপহাৰ দিব বুলি আশা কৰা হৈছে৷ তৃতীয় টি-টুৱেণ্টী এক গুৰুত্বপূৰ্ণ পৰীক্ষা হ’ব ষ্টাইলিছ বেটাৰ তিলক বাৰ্মাৰ বাবে৷ মূল একাদশত  মঙলবাৰে তেওঁ অন্তিম সুযোগ পাব পাৰে৷ বিশ্বকাপৰ ফাইনেলৰ পাছত জিৰণিত থকা শ্ৰেয়স আয়াৰ মূল একাদশলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে৷ দললৈ প্ৰত্যাৱৰ্তন কৰিলে আয়াৰে সহঃঅধিনায়কৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে৷ আয়াৰ মূল একাদশলৈ আহিলে তিলক বাৰ্মাই তেওঁৰ বাবে স্থান এদি দিব লগা হ’ব পাৰে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় বেটাৰে চলিত শৃংখলাত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে৷ বেটিং সহায়ক বৰ্ষাপাৰাতো মঙলবাৰে ভাৰতীয় বেটাৰে দমনীয় প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে৷ আনহাতে, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্টইনিছ আৰু আডাম জাম্পাৰ দৰে জ্যেষ্ঠ খেলুৱৈ  ৯ সপ্তাহ ধৰি ভাৰতত আছে৷ স্বাভাৱিকতেই ভাগৰুৱা হৈ পৰিছে তেওঁলোক৷ জ্যেষ্ঠ খেলুৱৈৰ ক্লান্তি প্ৰত্যাহ৩ান হ’ব পাৰে অষ্ট্ৰেলিয়াৰ বাবে৷