Logo
image

উৰণীয়া সেতু যান-জঁট সমস্যাৰ সমাধান হ’ব নোৱাৰে

বিগত কেইটামান বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চহৰ গুৱাহাটীত দেখা গৈছে কেইবাখনো নতুনকৈ নিৰ্মাণ কৰা উৰণীয়া সেতু৷ গুৱাহাটীৰ যান-জঁট সমস্যা সমাধানৰ বাবেই এই উৰণীয়া সেতুবোৰ নিৰ্মাণ কৰা হৈছে বুলি চৰকাৰে দাবী কৰিছে যদিও সেইবোৰ সৰ্বসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ পাছতো বিশেষ পৰিৱৰ্তন দৃষ্টিগোচৰ হোৱা নাই৷ নতুনকৈ নিৰ্মাণ কৰা উৰণীয়া সেতুকেইখন মুকলি কৰাৰ পাছতো গুৱাহাটীৰ যান-জঁট সমস্যা অপৰিৱৰ্তিত থকাৰ পাছত শেহতীয়াকৈ এই সমস্যা সমাধানৰ বাবে চহৰখনৰ মুখ্য ৰাজহুৱা পৰিবহণ সেৱা চিটীবাছৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে৷ এটা কথা স্বীকাৰ্য যে গুৱাহাটীত  চিটীবাছ চলাচলৰ ক্ষেত্ৰত থকা  নিৰ্দেশনাবোৰ মানি নচলা বাবে বহু সময়ত সৰ্বসাধাৰণে দুৰ্ভোগ ভুগিবলগীয়া হয়৷ কিন্তু চিটীবাছৰ সংখ্যা হ্ৰাস কৰি যান-জঁটৰ সমস্যা সমাধান কৰিব বিচৰাটো নিশ্চয় চৰকাৰৰ ইতিবাচক পদক্ষেপ বুলি ক’ব নোৱাৰি৷ চৰকাৰৰ এনে সিদ্ধান্তৰ ফলত সৰ্বসাধাৰণৰ কি দুৰ্গতি হয় সেয়া দৈনিক চিটীবাছত অহা-যোৱা কৰাসকলেহে উপলব্ধি কৰিব পাৰিব৷ ৰাধাগোবিন্দ বৰুৱা পথৰ ওপৰত নিৰ্মাণ কৰা শ্ৰদ্ধাঞ্জলি সেতুখন মুকলি কৰাৰ পাছত গুৱাহাটীত আন এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ দীঘলীপুখুৰী পাৰৰ পৰা বামুণীমৈদামলৈকে মণিৰাম দেৱান পথৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই উৰণীয়া সেতুখনৰ দৈঘ্যৰ্ হ’ব ৬ কিলোমিটাৰ৷ ২০২৬ চনৰ ভিতৰত এই সেতুখন সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে৷ গুৱাহাটীৰ একাদশসংখ্যক উৰণীয়া সেতুখনে চহৰখনৰ নাগৰিকৰ কি উপকাৰ সাধে সেয়া সময়তহে দেখা যাব৷ কিন্তু সেতুখনৰ নিৰ্মাণ চলি থকা সময়ছোৱাত পথটোৰে অহা-হোৱা কৰা লোকসকল কেনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব, সেয়া সহজেই অনুমেয়৷

এটা কথা স্বীকাৰ কৰিবই লাগিব যে গুৱাহাটী যদিও দেশৰ দ্ৰুত উন্নয়নমুখী চহৰবোৰৰ অন্যতম, চহৰখনৰ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত বুলি ক’ব নোৱাৰি৷ ইয়াৰ মূল কাৰণ হৈছে চহৰখনৰ মূল সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সুনিৰ্দিষ্ট আঁচনিৰ লগতে নীতি-নিৰ্দেশনা নাই৷ গুৱাহাটীত শেহতীয়াভাৱে যিমান উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে অথবা নিৰ্মাণকাৰ্য চলি আছে, সেইবোৰে চহৰখনৰ যান-জঁট সমস্যাৰ স্থায়ী সমাধান উলিয়াব পাৰিবনে? এই প্ৰসংগত ভাৰতৰ ‘মেট্ৰ’’ মেনখ্যাত ‘পদ্ম বিভূষণ’ ই শ্ৰীধৰণে গুৱাহাটী সন্দৰ্ভত কৰা এটা মন্তব্য বিশেষভাৱে তাৎপৰ্যপূৰ্ণ৷  গুৱাহাটীত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুবোৰৰ প্ৰসংগত শ্ৰীধৰণে কৈছিল– এখন উৰণীয়া সেতু নিৰ্দিষ্ট এটা সময়ত এটা অঞ্চলৰ যান-বাহন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব পাৰে৷ কিন্তু ই তাৰ স্থায়ী সমাধান হ’ব নোৱাৰে৷ উৰণীয়া সেতু যান-জঁট সমস্যাৰ হ্ৰস্বকালীন সমাধান হ’ব পাৰে৷ এই সমস্যাৰ স্থায়ী সমাধান হ’ব পাৰে মেট্ৰ’ ৰে’ল সেৱা৷ বিশ্বৰ বহুকেইখন বৃহৎ চহৰত মেট্ৰ’ ৰে’ল সেৱাই যান-জঁট সমস্যা দূৰ কৰাত গুৰত্বপূৰ্ণ ভূমিকা লৈছে৷ যান-জঁট সমস্যাৰ লগতে গুৱাহাটীবাসীক দুৰ্ভোগ ভোগোৱা আন বহু সমস্যা আছে আৰু এই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰতো চৰকাৰে সফলতা দাবী কৰিব নোৱাৰে৷ গুৱাহাটীৰ যান-জঁট সমস্যা আঁতৰাবলৈ হ’লে প্ৰথমে চৰহখনত পৰ্যাপ্ত পাৰ্কিং স্থানৰ ব্যৱস্থা কৰিব লাগিব৷ তাৰ লগতে যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত থাকিব লাগিব কঠোৰ নিৰ্দেশনা৷ আৰক্ষীৰ লগতে পৰিবহণ বিভাগে মাজতে গুৱাহাটীত যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা লৈছিল যদিও শেহতীয়াকৈ পুনৰ সেইবোৰ শিথিল হৈ পৰা দেখা গৈছে৷ যান-বাহন আইনবোৰ যদি কঠোৰ কৰা হয় আৰু নিয়ম উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হয়, তেন্তে এনেধৰণৰ সমস্যাবোৰ সমাধান কৰাটো কিছু হ’লেও সহজ হৈ পৰিব৷ গুৱাহাটীৰ যান-জঁট সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিশেষজ্ঞৰ পৰামৰ্শ বিচাৰি সেইমতে আগবাঢ়িলে নি(য় সুফল পোৱা যাব৷ উৰণীয়া সেতু নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয় কৰাৰ পৰিৱৰ্তে সেই ধন আন উন্নয়নমূলক কামত ব্যৱহাৰ কৰিলে উপকৃত হ’ব সৰ্বসাধাৰণ নাগৰিক৷