Logo
image

নিজৰ কৰ্তব্য সম্পন্ন কৰি পূজাত বহিল বিশেষজ্ঞ ডিক্স

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ নৱেম্বৰঃ নিজৰ কাম সম্পাদন কৰি ঠাইতে পূজাত বহিল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সুৰংগ খনন বিশেষজ্ঞ আৰ্নল্ড ডিক্স৷ মঙলবাৰে পুৱাই আৰ্নল্ড ডিক্সৰ নিৰ্দেশত সুৰংগৰ আবৰ্জনাৰ মাজেৰে ‘ৰেট হোল মাইনিং’ পদ্ধতিৰে এটা সৰু সুৰংগ খন্দাৰ কাম সম্পূৰ্ণ হয়৷ সেই সুৰংগৰে এডাল আঢ়ৈফুট পৰিধিৰ তীখাৰ পাইপ শ্ৰমিকসকল আবদ্ধ হৈ থকা স্থানলৈ ভৰাই দিয়া হৈছিল৷ পাইপ ভৰোৱাৰ কাম প্ৰায় শেষ পৰ্যায়ত উপনীত হোৱাত উদ্ধাৰ নিশ্চিত জানি অষ্ট্ৰেলিয়াৰ সুৰংগ খনন বিশেষজ্ঞ আৰ্নল্ড ডিক্সে ঘটনাস্থলীৰ কাষতে অস্থায়ীভাৱে নিমাণ কৰি লোৱা মন্দিৰত পূজাৰীৰ সৈতে পূজাত বহে৷ তেওঁ সেই মন্দিৰত দীৰ্ঘ সময় সুৰংগত আবদ্ধ শ্ৰমিকসকলৰ নিৰাপদ উদ্ধাৰৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰে৷ বিদেশী খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰ্নল্ড ডিক্সে এনেদৰে পূজাত বহি দীৰ্ঘসময় পূজাৰীৰ সৈতে ভগৱানক আৰাধনা কৰা দেখি স্থানীয় ৰাইজ আচৰিত হৈ পৰে৷

আৰ্নল্ড ডিক্স হৈছে ‘ইণ্টাৰনেশ্বনেল টানেলিং এণ্ড আণ্ডাৰগ্ৰাউণ্ড স্পেচ এছ’চিয়েশ্বন’ৰ অধ্যক্ষ৷ এই সংস্থাটো হৈছে ছুইজাৰলেণ্ডৰ জেনেভাৰ৷ অষ্টে˜লিয়াৰ নাগৰিক ডিক্স ভূতত্ববিদ, অভিযন্তা আৰু অধিবক্তাও৷ তেওঁ মেলব’ৰ্নৰ মনাছ বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু আইন বিষয়ৰো স্নাতক৷ জাপানকে ধৰি বিশ্বৰ কেইবাখনো বিশ্ববিদ্যালয়ত দুৰ্যোগ প্ৰশমন বিষয়ত শিক্ষাদানো কৰা আৰ্নল্ড ডিক্স উত্তৰকাশীৰ দুৰ্যোগৰ উদ্ধাৰকাৰ্যত প্ৰথমৰে পৰা নিয়োজিত আছিল৷