Logo
image

৩ ডিচেম্বৰত কংগ্ৰেছৰ ভাগ্যোদয়

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৩০ নৱেম্বৰঃ অসমতো বাদেই ভাৰতৰ ৰাইজে বিজেপি দলৰ চৰকাৰক বিদায় দিবলৈ অধীৰ আগ্ৰহৰে বাট চাই আছে৷ তাৰ প্ৰতিফলন ঘটিব অহা ৩ ডিচেম্বৰত৷ সিদিনা কংগ্ৰেছৰ ভাগ্য উদয় হ’ব আৰু পাঁচখন ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব আৰু পাঁচোখন ৰাজ্যতে কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ’ব৷ –এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰৰ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ৰমেন বৰঠাকুৰে কয়– ৩ ডিচেম্বৰৰ দিনা ভাৰতৰ ৰাইজে পৰিৱৰ্তনৰ হকে জনাদেশ দিব৷ ৪ ডিচেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ বিৰুদ্ধে ই ডি, চি বি আইক লগাই দিয়ে তাক চাবলগীয়া হ’ব৷ সিদিনাৰ পাছত দেশজুৰি বিজেপিৰ বেলিমাৰ হ’ব৷ অসমৰ বিজেপি দলৰ চৰকাৰখনকো ৰাইজে ওফৰাবলৈ বাট চাই আছে৷ তিনিটা ‘হি’ ক্ৰমে হিমন্ত বিশ্ব শৰ্মা, হিতাধিকাৰী আৰু হিন্দু-মুছলমানৰ ৰাজনীতি এই তিনিটাক আতৰ কৰিব পাৰিলেহে অসমৰ উন্নতি হ’ব৷ মহম্মদ বিন তোঘলকৰ দৰে ৰাজ্যত শাসন চলোৱা হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দান-বৰঙণিৰে কৰি অহা পূজা, ৰাস, বিহু সমিতিক দহ হাজাৰ টকা আৰ্থিক অনুদান দিয়া কাৰ্য মুঠেই গ্ৰহণযোগ্য নহয়৷ একোখন পূজা বা বিহু উদ্‌যাপন কৰোতে উদযাপন সমিতি সমূহে লাখ লাখ টকা খৰচ কৰে৷ গতিকে লাখ লাখ খৰচ কৰা বিহু বা পূজা উদযাপন সমিতিক মাত্ৰ দহ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা কাৰ্য তেনেই অৰ্থহীন৷ চৰকাৰখনে কৰৰ বোজাৰে ৰাইজক সকলো ফালৰ পৰা টেটু ফালিছে৷ হয়তো ৰাইজে মৃত্যুৰ সময়তো কৰ দিব লগা হ’ব পাৰে৷ অসমত ১২৬ টা বিধানসভা সমষ্টি আছে৷ কিন্তু জালুকবাৰী সমষ্টিত হোৱা উন্নয়ন মানেই অসমৰ উন্নতি হোৱাটো নুবুজায়৷ অসম আৰক্ষীয়ে দেখাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই আহিলেও আৰক্ষী বাহিনীয়ে প্ৰকৃতাৰ্থত চৰকাৰৰহে সেৱা কৰিছে৷ ৰাইজৰ সেৱা কৰা নাই৷ এতিয়াও সাধাৰণ মানুহে থানা বা আৰক্ষী চকীত অভিযোগ দিব গ’লেও প্ৰকৃততে ন্যায় পোৱা নাই৷ অথচ ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰীয়ে আছে৷ চৰকাৰে শেহতীয়াভাৱে ফাচীবজাৰখন উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰা হ’ব বুলি কৰা ঘোষণা তেনেই অমুলক৷ ফাচীবজাৰ, ফাচীবজাৰেই৷ ই সদায় বজাৰ হৈয়ে থাকিব৷ উত্তৰ গুৱাহাটীলৈ বজাৰখনৰ স্থানান্তৰ কৰা ঘোষণাও এটা মহম্মদ বিন তোঘলকৰ শাসনৰ দৰে কৰা ঘোষণাহে৷ মুঠৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পাঁচখন ৰাজ্যত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হ’ব বুলি যি ঘোষণা কৰিছে এক অপেক্ষা কৰিবলৈ ৰাইজে ৩ ডিচেম্বৰলৈ বাট চাব লাগিব৷