Logo
image

চতিয়াত ড৹ অশোক কুমাৰ বৰাক সম্বৰ্ধনাঃ 'শংকৰ গুৰুৰ অমৃত বাণী, মানৱ জীৱনৰ সঞ্জীৱনী' শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ চলিত বৰ্ষৰ ৩১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰা বিশিষ্ট ভূগোল বিজ্ঞানী, গৱেষক আৰু কৃতী শিক্ষক-অধ্যাপক ড৹ অশোক কুমাৰ বৰাক তেখেতৰ জন্মস্থান চতিয়াৰ বাৰভূঞাত যোৱা ২৭ নৱেম্বৰ তাৰিখে বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শিক্ষাবিদজনক তেখেতৰ গুণমুগ্ধ গৱেষক ছাত্ৰ-ছাত্ৰীসকলে বাৰভূঞা গাঁও সংগঠন আৰু অৰুণ পুথিভঁৰালৰ সহযোগত তেখেতৰ জন্ম গাঁৱতে বিশাল আয়োজনৰে সম্বৰ্ধনা জনায়। 

এই উপলক্ষে গৱেষকবৃন্দৰ দ্বাৰা প্ৰকাশ কৰা 'গাঁৱলৈ মনত পৰে' শীৰ্ষক এখনি অভিনন্দন গ্ৰন্থ উন্মোচন কৰে টি.এইচ.বি. মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অজিত হাজৰিকাদেৱে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড৹ অশোক কুমাৰ বৰা চতিয়াৰ সম্পদ বুলি মন্তব্য কৰে চতিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাই। এই সভাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড৹ ধ্ৰুৱজ্যোতি চহৰীয়াদেৱেও ভাষণ প্ৰদান কৰি সম্বৰ্দ্ধিত ব্যক্তি ড৹ বৰাৰ কৰ্ত্তব্যনিষ্ঠাৰ শলাগলৈ অৱসৰ জীৱনৰ মংগল কামনা কৰে।

সভাত অৱসৰপাপ্ত অধ্যাপক ড৹ অশোক কুমাৰ বৰাৰ 'শংকৰ গুৰুৰ অমৃত বাণী, মানৱ জীৱনৰ সঞ্জীৱনী' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰা হয়। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে ড৹ বৰাৰ শিক্ষা আৰু সমাজ-সাংস্কৃতিক জগতলৈ আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বিষয়ে আলোকপাত কৰি তেখেতক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ব্যতিক্ৰমী সম্বৰ্দ্ধনা সভাখন ড৹ লক্ষ্মী ৰয়, ড৹ ধ্ৰুৱজ্যোতি ৰাজবংশী আৰু অৰূপ জ্যোতি বৰাৰ আহ্বানত সুকলমে অনুষ্ঠিত হয়।