Logo
image

ৰাহুলক এদিনীয়া, সূৰ্যকুমাৰক টি-২০ দলৰ অধিনায়কৰ দায়িত্ব

ডিজিটেল ডেস্কঃ  বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত পৰাস্ত হোৱাৰ পাছত ভাৰতৰ এদিনীয়া দলৰ অধিনায়ক সলনি কৰা হৈছে৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণত ভাৰতীয় এদিনীয়া দলত নাথাকিব ৰোহিত শৰ্মা৷ তেওঁৰ স্থানত দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে লোকেশ ৰাহুলক৷ ৰোহিত শৰ্মাৰ লগতে বিৰাট কোহলিও নাথাকে এদিনীয়া শৃংখলাটোত৷  দক্ষিণ আফ্ৰিকা ভ্ৰমণত সীমিত অভাৰৰ শৃংখলাত খেলিব নিবিচাৰে বুলি কোহলিয়ে পূৰ্বেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক [বি চি চি আই]৷ সেইবাবে তেওঁক দলত ৰখা হোৱা নাই৷ ৰোহিত শৰ্মায়েও ব’ৰ্ডৰ ওচৰত অনুৰূপ আবেদন জনাইছিল৷ ভাৰতীয় এদিনীয়া দলটোত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাজনো যুৱ ক্ৰিকেটাৰক৷ সদ্যসমাপ্ত বিশ্বকাপত ভাৰতীয় দলত থকা মাত্ৰ তিনিজন ক্ৰিকেটাৰকহে ৰখা হৈছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাগ ল’বলগীয়া তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ দলটোত৷ অধিনায়ক ৰাহুলৰ উপৰি আন দুজন হৈছে শ্ৰেয়স আয়াৰ আৰু কুলদীপ যাদৱ৷ ১৩জনেই হৈছে নৱাগত৷ তেওঁলোকৰ কেইবাজনো এদিনীয়া দলটোতো আছে৷ এদিনীয়া দলটোত স্থান দিয়া হৈছে সঞ্জু ছেমছনৰ লগতে ছাই সুদৰ্শন, ৰিংকু সিং আৰু ৰজত পাটিদাৰক৷ তাৎপৰ্যপূৰ্ণভাৱে এদিনীয়া দলটোৰ পৰা বাদ দিয়া হৈছে সূৰ্যকুমাৰ যাদৱক৷

উল্লেখ্য, দক্ষিণ আফ্ৰিকা ভ্ৰমণত ভাৰতে তিনিখনকৈ টুৱেণ্টী২০ আৰু এদিনীয়াৰ লগতে দুখন টেষ্টৰ শৃংখলাত ভাগ ল’ব৷ ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব টুৱেণ্টী২০ শৃংখলা৷ বৃহস্পতিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হ’বলগীয়া এদিনীয়া, টুৱেণ্টী২০ আৰু টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰে৷ টুৱেণ্টী২০ শৃংখলাৰ বাবে টীম ইণ্ডিয়াৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে সূৰ্যকুমাৰ যাদৱক৷ সহঃ অধিনায়ক হিচাপে থাকিব ৰবীন্দ্ৰ জাদেজা৷ টুৱেণ্টী২০ শৃংখলাৰ পাছত ১৭ ডিচেম্বৰৰ পৰা এদিনীয়া আৰু ২৬ ডিচেম্বৰৰ পৰা দুখন টেষ্টৰ শৃংখলা আৰম্ভ হ’ব৷ টেষ্ট শৃংখলাটোত ৰোহিত শৰ্মা টীম ইণ্ডিয়াৰ অধিনায়ক আৰু যশপ্ৰীত বুমৰা সহঃ অধিনায়কৰ দায়িত্বত থাকিব৷

টুৱেণ্টী২০ শৃংখলাৰ দলটোঃ যশস্বী জয়ছোৱাল, শুভমন গীল, ঋতুৰাজ গায়কোৱাড়, তিলক বাৰ্মা, সূৰ্যকুমাৰ যাদৱ [অধিনায়ক], ৰিংকু সিং, শ্ৰেয়স আয়াৰ, ঈশান কিষাণ, জিতেশ শৰ্মা, ৰবীন্দ্ৰ জাদেজা, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, কুলদীপ যাদৱ, অৰ্শদীপ সিং, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ আৰু দীপক চাহৰ৷

এদিনীয়া শৃংখলাৰ দলটোঃ ঋতুৰাজ গায়কোৱাড়, ছাই সুদৰ্শন, তিলক বাৰ্মা, ৰজত পাটিদাৰ, ৰিংকু সিং, শ্ৰেয়স আয়াৰ, লোকেশ ৰাহুল [অধিনায়ক], সঞ্জু ছেমছন, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহল, মুকেশ কুমাৰ, অৱেশ খান, অৰ্শদীপ সিং আৰু দীপক চাহৰ৷

টেষ্ট শৃংখলাৰ দলটোঃ ৰোহিত শৰ্মা [অধিনায়ক], শুভমন গীল, যশস্বী জয়ছোৱাল, বিৰাট কোহলি, শ্ৰেয়স আয়াৰ, ঋতুৰাজ গায়কোৱাড়, ঈশান কিষাণ, লোকেশ ৰাহুল, ৰবিচন্দ্ৰন আশ্বিন, ৰবীন্দ্ৰ জাদেজা, শ্বাৰ্দুল ঠাকুৰ, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, মহম্মদ ছামি, যশপ্ৰীত বুমৰা, প্ৰসিদ্ধ কৃষ্ণ৷