Logo
image

কামৰূপ মেট্ৰ’ত নতুন আয়ুক্ত, কৰ আয়ুক্ত হ’ল পল্লৱ ঝা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ডিচেম্বৰঃ ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশ যোগে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত পল্লব গোপাল ঝাক ৰাজ্যৰ কৰ আয়ুক্তৰ পদলৈ বদলি কৰে৷ অৱশ্যে জাইকাৰ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ প্ৰকল্প সঞ্চালক পদত কাৰ্য নিৰ্বাহ কৰি যাব ঝাই৷ ৰাজ্যৰ কৰ আৰু আবকাৰী বিভাগৰ আয়ুক্তৰ দায়িত্বত থকা ৰাকেশ আগৰৱালাক চৰকাৰে একেটা নিৰ্দেশ যোগে কৰ আয়ুক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়ে৷ পূৰ্বৰ দৰে তেওঁ অসম চাহ নিগমৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি যাব৷ লখিমপুৰ জিলাৰ আয়ুক্ত সুমিত ছাত্তাৱানক চৰকাৰে কামৰূপ মহানগৰ জিলাৰ নতুন আয়ুক্তৰ দায়িত্বভাৰ অৰ্পন কৰিছে৷ বিত্ত বিভাগৰ যুটীয়া সচিব গায়ত্ৰী দেবীদাস হ্যাইলিঙগেক লখিমপুৰ জিলাৰ আয়ুক্ত পদলৈ বদলি কৰা হৈছে নিৰ্দেশটো যোগে৷ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নীধি দাহালক অসম নগৰ আন্তঃগাথনি বিনিয়োগ কাৰ্যসূচীৰ প্ৰকল্প সঞ্চালক পদৰ পৰা অব্যাহতি দিয়া হৈছে৷