Logo
image

ভৰলু থানাৰ উপ-পৰিদৰ্শক অনুৰাগ বৰাক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ হাৱালাৰ ধন আত্মসাৎ কৰি পুনৰ গ্ৰেপ্তাৰ হ'ল আন এজন আৰক্ষী বিষয়া। ভৰলুমুখ আৰক্ষী চকীৰ  উপ-পৰিদৰ্শক অনুৰাগ বৰাক গ্ৰেপ্তাৰ। হাৱালা চক্ৰৰ ধন লোটৰ ঘটনাৰে জড়িত আছিল অনুৰাগ বৰা। উপ-পৰিদৰ্শক মোবাৰক আলিৰ সৈতে ঘটনাস্থলীত উপস্থিত আছিল অনুৰাগ। জানিব পৰা মতে, বৃহস্পতিবাৰে অনুৰাগ বৰাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ৰাতিয়ে তেওঁৰ দেৰগাঁওস্থিত বাসগৃহলৈ লৈ যায় আৰু ৫ লাখ টকা নগদ ধন জব্দ কৰে । 

বৃহস্পতিবাৰে হাৱালা চক্ৰৰ পৰা ধন আত্মসাৎ কৰি গ্ৰেপ্তাৰ হৈছিল আৰক্ষী-সাংবাদিক৷ এইপৰ্যন্ত ঘটনাৰ সৈতে জড়িত ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে। দুজন উপ-পৰিদৰ্শক মোবাৰক আলী আৰু অনুৰাগ বৰা, সাংবাদিক তফিকউদ্দিন আহমেদ আৰু এজন আৰক্ষীৰ ইনফৰ্মাৰ খাইৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে ভৰলু আৰক্ষীয়ে।

উল্লেখ্য যে মহানগৰ আৰক্ষীয়ে ২১ নৱেম্বৰত আঠগাঁৱত এক অভিযান চলাইছিল, য'ত দুজন ব্যক্তিক ১,৬৯,৭০,০০০ টকাৰ নগদ ধনসহ আটক কৰিছিল। দুয়োজন আছিল হাৱালা চক্রৰ সদস্য। আঠগাঁৱৰ ভাৰাঘৰৰ পৰা জব্দ হৈছিল নগদ কোটি টকা। অভিযানকালতে আৰক্ষী আৰু সাংবাদিকে মিলি আত্মসাৎ কৰিছিল বৃহৎ ধন।