Logo
image

পান্নুন-হত্যাৰ ছুপাৰি দি বিদেশত গ্ৰেপ্তাৰ ভাৰতৰ ‘জেম্‌ছ বণ্ড’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ডিচেম্বৰঃ কানাডাৰ খালিস্তানপন্থী নেতা হৰদীপ সিং নিজ্জৰৰ দৰে কানাডা আৰু মাৰ্কিন দ্বৈত নাগৰিকত্ব থকা খালিস্তানপন্থী আৰু তীব্ৰ ভাৰতবিদ্বেষী শিখ নেতা গুৰপতৱন্ত সিং পান্নুনক মোদী চৰকাৰে আমেৰিকাৰ মাটিত হত্যা কৰিবলৈ চলোৱা প্ৰচেষ্টা আমেৰিকাই ধৰা পেলাইছে আৰু ব্যৰ্থ কৰিছে৷ এজন শীৰ্ষস্থানীয় ভাৰতীয় চৰকাৰী বিষয়াই হত্যাকাৰী নিয়োগৰ বাবে যিজন ভাৰতীয় অপৰাধী ব্যক্তিক দায়িত্ব দিছিল, সেই নিখিল গুপ্তা নামৰ ব্যক্তিজনক চেক গণৰাজ্যত  আমেৰিকাৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰা হৈছে আৰু যোৱা বুধবাৰে তেওঁক আমেৰিকাৰ আদালতে আমেৰিকাৰ নাগৰিকক আমেৰিকাৰ মাটিত হত্যা কৰাৰ বাবে ঠিকা দিয়াৰ অপৰাধত দোষী সাব্যস্ত কৰিছে৷ মানহাট্টানৰ শীৰ্ষ ফেডাৰেল প্ৰচিকিউটৰ [ন্যায়াধীশ] ডেমিয়েন উইলিয়ামছে কয়– ‘মূল আচামীয়ে ভাৰতত বহি নিখিল গুপ্তাক নিউয়ৰ্কত বসবাস কৰা ভাৰতীয় বংশোদ্ভৱ মাৰ্কিন নাগৰিকক হত্যা কৰাৰ বাবে নিৰ্দেশ দিছিল৷ যাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছিল তেওঁ শিখসকলৰ বাবে এখন সাৰ্বভৌম ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম চলাই আছে৷’ উল্লেখ্য গুৰপতৱন্ত সিং পান্নুন ‘শিখ ফৰ জাষ্টিচ’ [এছ এফ জে] সংগঠনৰ মুৰব্বী৷ এই সংগঠনটোক ভাৰতে নিষিদ্ধ ঘোষণা কৰি পান্নুনক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰি থৈছে৷ পিছে গুৰপতৱন্ত সিং আমেৰিকা আৰু কানাডাৰ বৈধ নাগৰিক৷ দুয়োখন দেশতে তেওঁৰ বিৰুদ্ধে কোনো অপৰাধৰ গোচৰ নাই আৰু তেওঁৰ সংগঠনো নিষিদ্ধ ঘোষিত নহয়৷ 

যোৱা বুধবাৰে মাৰ্কিন সংবাদপত্ৰ ‘দ্য ফাইনেন্সিয়েল টাইমছ’ত এই ঘটনা সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে নতুন দিল্লী গভীৰ অস্বস্তিৰ সন্মুখীন হয়৷ অৱশ্যে যোৱা সপ্তাহত জো বাইডেন প্ৰশাসনৰ এজন শীৰ্ষ বিষয়াই এই বিষয়ে ইংগিত দি নতুন দিল্লীক সতৰ্ক কৰি দিছিল৷ তেওঁ জনাইছিল, আমেৰিকাৰ প্ৰশাসনে আমেৰিকাত বসবাস কৰা এজন শিখ নেতাক হত্যা কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ কৰিছে আৰু এই ষড়যন্ত্ৰত ভাৰত চৰকাৰ জড়িত হৈ আছে৷ তেতিয়া মোদী চৰকাৰে মাৰ্কিন বিষয়াজনৰ বক্তব্যত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল৷ কিন্তু ‘ফাইনেন্সিয়েল টাইমছ’ত এই সন্দৰ্ভত সবিস্তাৰে প্ৰকাশ পোৱাত আৰু মাৰ্কিন আদালতে এই ষড়যন্ত্ৰকাৰীক দোষী সাব্যস্ত কৰাত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে এই অভিযোগ অত্যন্ত গুৰুতৰ বিষয় বুলি কৈ ষড়যন্ত্ৰত ভাৰত জড়িত থকাৰ অভিযোগ অস্বীকাৰ কৰিছে৷ ভাৰতে এই অভিযোগ অস্বীকাৰ কৰিলেও মাৰ্কিন প্ৰশাসনে আদালতত চেক গণৰাজ্যত গ্ৰেপ্তাৰ হোৱা নিখিল গুপ্তা সন্দৰ্ভত অপৰ্যাপ্ত প্ৰমাণ দাখিল কৰিছে৷ এই অকাট্য প্ৰমাণ দাখিলৰ বাবেই মানহাট্টানৰ ফেডাৰেল আদালতে নিখিল গুপ্তাক দোষী সাব্যস্ত কৰিব পাৰিছে৷ আমেৰিকাৰ আদালতে নিখিল গুপ্তাক দোষী সাব্যস্ত কৰাত এতিয়া মোদী চৰকাৰে এই ষড়যন্ত্ৰত জড়িত নথকা বুলি কৰা দাবী অৰ্থহীন প্ৰতিপন্ন হৈছে৷ নিখিল গুপ্তাই যিজন মাৰ্কিন ‘হিটমেন’ বা হত্যাকাৰীক গুৰপতৱন্ত সিঙক হত্যাৰ ঠিকা দিছিল, তেওঁ কোনো ‘প্ৰফেচনেল কিলাৰ’ বা পেছাদাৰী হত্যাকাৰী নাছিল, তেওঁ আছিল ‘আণ্ডাৰকাভাৰ’ বা ছদ্মবেশী ফেডাৰেল এজেণ্ট, অৰ্থাৎ চোৰাংচোৱা৷ নিখিল গুপ্তাই তেওঁক এক নিযুত মাৰ্কিন ডলাৰত গুৰপতৱন্ত সিঙক হত্যাৰ ঠিকা দিছিল আৰু পোন্ধৰ হাজাৰ ডলাৰ আগধন দিছিল৷ এই আগধন দিয়াৰ ফটো, ভিডিঅ’ আৰু কথোপকথনৰ অডিঅ’ মাৰ্কিন প্ৰশাসনে আদালতত জমা দিয়াৰ অভিযুক্তৰ বিৰুদ্ধে সহজেই অপৰাধৰ প্ৰমাণ প্ৰতিপন্ন হয়৷ নিখিল গুপ্তাই নিজকে জেমছ বণ্ড সজাবলৈ গৈ হত্যাৰ ঠিকা দিলেও তেওঁ বহু তথ্য-প্ৰমাণ আমেৰিকাৰ ছদ্মৱেশী ফেডাৰেল এজেণ্টৰ আগত দাঙি ধৰে৷ ঘাইকৈ নিজৰ ক্ষমতাৰ ঢোল বজাবলৈ গৈ তেওঁ সেই ছদ্মৱেশী এজেণ্টৰ সন্মুখত এনে কিছুমান কথা কৈ দিয়ে, যাৰ ফলত তেওঁক কোনে নিয়োগ কৰিছে সেই বিষয়ে মাৰ্কিন প্ৰশাসনে সমস্ত তথ্য লাভ কৰে৷ অসমৰ্থিত সূত্ৰ অনুসৰি নিখিল গুপ্তাক নিয়োগ কৰা ভাৰতীয় চৰকাৰী শীৰ্ষবিষয়াজন নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ আৰু তেওঁ হকে-বিহকে ভাৰতীয় বৈদেশিক বিষয়ত হস্তক্ষেপ কৰি থাকে৷ নিখিল গুপ্তাক যি নিয়োগ কৰিছিল, তেওঁনো কোন সেয়া মাৰ্কিন প্ৰশাসনে পূৰ্ণ তথ্য লাভ কৰিছে আৰু আদালতত সেই তথ্য দাখিল কৰিছে৷ মাৰ্কিন ফেডাৰেল প্ৰচিকিউটৰে ৰাজহুৱাভাৱে ‘মাষ্টাৰমাইণ্ড’ৰ নাম প্ৰকাশ কৰা নাই৷ ফেডাৰেল প্ৰচিকিউটৰে মূল ষড়যন্ত্ৰকাৰীক ‘চি চি-ৰ’ বুলি উল্লেখ কৰিছে আৰু তেওঁ শীৰ্ষস্থানীয় ভাৰতীয় চৰকাৰী বিষয়া বুলি প্ৰকাশ কৰিছে, যি কূটনীতিকৰ দৰে কামত নিয়োজিত যদিও প্ৰকৃত অৰ্থত কূটনীতিবিদ নহয়৷ মাৰ্কিন আদালতে দাবী কৰা মতে নিখিল গুপ্তা এজন অপৰাধী আৰু তেওঁৰ বিৰুদ্ধে ভাৰতত থকা অপৰাধমূলক গোচৰ প্ৰত্যাহাৰ কৰাৰ টোপ দি গুৰপতৱন্ত সিং হত্যাৰ ষড়যন্ত্ৰত ব্যৱহাৰ কৰা হৈছিল৷ নিখিল গুপ্তাই ‘চি চি-ৰ’ক নতুন দিল্লীত সাক্ষাতো কৰা বুলি মাৰ্কিন আদালতে উল্লেখ কৰিছে৷ ‘চি চি-ৰ’য়ে নিখিল গুপ্তালৈ দিয়া টেক্সট মেচেজো আদালতে প্ৰকাশ কৰিছে৷

এই সমস্ত ঘটনা বিগত মে’-জুনৰ আৰু নিখিল গুপ্তাক বিগত জুনত আমেৰিকাৰ নিৰ্দেশত চেক গণৰাজ্যত গ্ৰেপ্তাৰ কৰাৰ লগে লগে মাৰ্কিন প্ৰশাসনে ষড়যন্ত্ৰৰ বিষয়ে জানিব পাৰে৷ পিছে তেতিয়াই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মাৰ্কিন প্ৰশাসনে তদন্ত সম্পূৰ্ণ কৰি নিখিল গুপ্তাক আদালতত অভিযুক্ত হিচাপে হাজিৰ কৰে৷ আদালতত তেওঁ দোষী সাব্যস্ত হোৱাৰ পাছতহে বাইডেন চৰকাৰে এই ঘটনাৰ বিষয়ে মোদী চৰকাৰক জনাইছে আৰু মাৰ্কিন নাগৰিকক আমেৰিকাৰ মাটিত হত্যাৰ ষড়যন্ত্ৰ কৰাৰ বাবে ভাৰতৰ প্ৰতি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ প্ৰায় অনুৰূপ ঘটনা কানাডাত সংঘটিত হৈছিল, য’ত খালিস্তানপন্থী নেতা হৰদীপ সিং নিজ্জৰক ভাৰতৰ ষড়যন্ত্ৰত হত্যা কৰা হৈছিল৷ কানাডা, আমেৰিকা, ব্ৰিটেইনকে ধৰি পাঁচখন দেশৰ চোৰাংচোৱাই বিচাৰি উলিওৱা তথ্যৰ দ্বাৰা ভাৰত সেই হত্যাত জড়িত থকাৰ কথা কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডোৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পোনপটীয়াকৈ জনোৱাত মোদী অসন্তুষ্ট হৈ কানাডাৰ সৈতে কূটনৈতিক সম্পৰ্ক প্ৰায় ছিন্ন কৰি পেলাইছে৷ পিছে প্ৰায় একে ঘটনা আমেৰিকাৰ আদালতত ভাৰতীয় ষড়যন্ত্ৰ হিচাপে প্ৰমাণিত হোৱাৰ পাছত মোদী চৰকাৰে কিমানজন মাৰ্কিন কূটনীতিবিদক বহিষ্কাৰ কৰে সেয়া লক্ষণীয় হ’ব৷ আমেৰিকাৰ ক্ষেত্ৰত মোদীৰ স্থিতি ‘বলে নোৱাৰা শিলক পৰি নমস্কাৰ’ৰ দৰে হ’ব বুলি ধাৰণা কৰা হৈছে৷