Logo
image

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আজি অন্তিম টি-২০

বেংগালুৰু, ৩ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া মেচৰ টি-টুৱেণ্টী শৃংখলাটো ইতিমধ্যেই হস্তগত কৰিছে ভাৰতীয় ক্ৰিকেট দলে৷ চাৰিখন মেচৰ অন্তত শৃংখলাত ভাৰতৰ অগ্ৰগতি ৩-১ ব্যৱধানৰ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ পঞ্চম তথা অন্তিম টি-টুৱেণ্টী দেওবাৰে অনুষ্ঠিত হ’ব বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণত অংশ লোৱাৰ পূৰ্বে মেচখনত নিশ্চয় দলীয় সংহতি আৰু খেলুৱৈক এবাৰ পৰীক্ষা কৰি চাব ভাৰতীয় দলে৷ দেওবাৰৰ মেচখনত শ্ৰেয়স আয়াৰ আৰু দীপক চাহৰৰ প্ৰদৰ্শনৰ ওপৰত চকু থাকিব৷ আয়াৰে ৫০ অভাৰৰ বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিছিল৷ কিন্তু শুকুৰবাৰে ৰায়পুৰৰ চতুৰ্থ টি-টুৱেণ্টীত তেওঁ সাতটা বলৰ সন্মুখীন হৈ মাত্ৰ আঠ ৰান কৰি ক্ৰিজ এৰে৷ প্ৰায় এবছৰৰো অধিক সময়ৰ পাছত টি-টুৱেণ্টী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিছে আয়াৰৰ৷ দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে দেওবাৰে আয়াৰে এটা ডাঙৰ ইনিংছ খেলাৰ প্ৰয়াস চলাব বুলি ভবা হৈছে৷ চিন্নাস্বামী ষ্টেডিয়ামতে বিশ্বকাপত নেডাৰলেণ্ডছৰ বিৰুদ্ধে তেওঁ শতক অৰ্জন কৰিছিল৷ একেদৰে আঘাতৰ বাবে দীঘলীয়া সময় টি-টুৱেণ্টী দলৰ পৰা বাহিৰত থকাৰ অন্তত প্ৰত্যাৱৰ্তন ঘটিছে দীপক চাহৰৰ৷ প্ৰায় এবছৰৰ  অন্তত চতুৰ্থ টি-টুৱেণ্টীত তেওঁৰ ক্ৰিকেটৰ এই সংস্কৰণলৈ প্ৰত্যাৱৰ্তন ঘটিছিল৷ খেলখনত দুটাকৈ উইকেট ল’লেও তেওঁ যথেষ্ট ৰান দিছিল৷ বেংগালুৰুত তেওঁ প্ৰদৰ্শনৰ  অধিক উত্তৰণৰ প্ৰয়াস চলাব৷ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে  ৱাশ্বিংটন সুন্দৰকো টীম মেনেজমেণ্টে  মেচখনত সুযোগ দিয়াৰ সম্ভানা আছে৷ ভাৰতৰ সূৰ্যকুমাৰ যাদৱ, ঋতুৰাজ গাইকোৱাড়, ৰিংকু সিং, যশস্বী জয়ছোৱাল আৰু ঈশান কিষাণ সুন্দৰ ফৰ্মত আছে৷ বলাৰৰ ভিতৰত এতিয়ালৈকে  সাতটাকৈ উইকেট লৈ  লেগ স্পিনাৰ ৰবি বিষ্ণয়ে সুন্দৰ প্ৰদৰ্শন কৰিছে৷  আনহাতে, অষ্ট্ৰেলিয়া দলৰ প্ৰদৰ্শন গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰি৷ দলটোৱে দেওবাৰে জয়েৰে শৃংখলাৰ অন্ত পোলোৱাৰ প্ৰয়াস কৰিব৷