Logo
image

মুখ্যমন্ত্ৰীৰ গাদীত ইন্দিৰাৰ পূৰ্বৰ দেহৰক্ষী, মন্ত্ৰী হ’ব মডেল-কন্যাও

আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ ডিচেম্বৰঃ  দুজন বিধায়ক লৈ এমএনএফ-ৰ (২৬বিধায়ক) সৈতে এনডিএ-ৰ চৰকাৰ চলোৱা বিজেপিৰ মিজোৰাম-ৰাজৰ অন্ত পেলাই জোৰাম পিপ’লছ মুভমেণ্টে উত্তৰ পুনৰ ৰাজ্যখনৰ ক্ষমতা অৰ্জন কৰিছে৷ দেশৰ মুঠ ৫ৰাজ্যৰ নিৰ্বাচনৰ ৪ খনৰ ফলাফল দেওবাৰে প্ৰকাশ হ’লেও মিজোৰামৰ ভোট গণনা এদিন পিছুৱাই দিয়া হৈছিল৷ সোমবাৰৰ ভোটগণনাত জোৰাম পিপ’লছ মুভমেণ্টে (জেডপিএম)  শাসনাধিষ্ঠিত এমএনএফক শোচনীয়ভাৱে পৰাজিত কৰি মিজোৰামৰ ক্ষমতা দখল কৰিছে৷ ৪০খন আসনৰ মিজোৰাম বিধানসভাত জেডপিএমে ২৭খন, এমএনএফে ১০খন, বিজেপিয়ে ২খন আৰু কংগ্ৰেছে ৰখন আসন লাভ কৰে৷ ২০১৮চনত ক্ষমতাচ্যুত হোৱা কংগ্ৰেছে ৫ খন আসন লাভ কৰিছিল৷ এইবাৰ কংগ্ৰেছ মিজোৰামত প্ৰায় উৎখাত হ’ল, যিদৰে দেওবাৰে উৎখাত হৈছিল ৰাজস্থান, ছত্তীশগড়ৰ পৰা আৰু পৰাজিত হৈছিল মধ্যপ্ৰদেশত৷ 

মিজোৰামে এইবাৰ যিজন ৰাজনীতিকক নতুন মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিব, তেওঁ আছিল ’৮০ৰ দশকত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নিৰাপত্তা বিষয়া, অন্যাৰ্থত দেহৰক্ষী৷ তেতিয়াৰ আইপিএছ বিষয়া লালডুহোমাই ইন্দিৰা গান্ধীৰ কাষত থাকি ৰাজনীতি শিকিছিল আৰু ইন্দিৰা গান্ধীৰ নিৰ্দেশতে আইপিএছ বিষয়াৰ পদ এৰি ১৯৮৪চনত মিজোৰামৰ পৰা কংগ্ৰেছ সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈছিল৷ মিজো শান্তি চুক্তি স্বাক্ষৰত বিদ্ৰোহী নেতা লালডেংগাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লালডুহোমাই পৰৱৰ্তীকালত কংগ্ৰেছ ত্যাগ কৰি মিজো নেচনেল ইউনিয়ন নামে ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ টি ছাইলোৰ পিপ’লছ কনফাৰেন্স আৰু এমএনএফতো যোগদান কৰিছিল৷ পুনৰ ২০০৩ চনত তেওঁ গঠন কৰিছিল জোৰাম নেচনেলিষ্ট পাৰ্টী আৰু ২০০৩, ২০০৮ত সেই দলৰ পৰাই বিধায়ক নিৰ্বাচিত হৈছিল৷ ২০১৮চনত আন কেইটামান আঞ্চলিক দলৰ সৈতে জেএনপিক একত্ৰিত কৰি তেওঁ জেডপিএম গঠন কৰে আৰু ৮খন আসনত জয়লাভ কৰে৷ ৫বছৰৰ পাছত সেই জেডএমপিয়েই ৰাজ্যত ক্ষমতাত অধিষ্ঠিত হয়৷ প্ৰসংগতঃ, গোৱাত আইপিএছ বিষয়া হিচাপে নিযুক্ত থাকোতে ড্ৰাগছৰ বৃহৎ ‘ৰেকেট’ ধৰি ৰাষ্ট˜ীয় সংবাদ শিৰোনাম দখল কৰা লালডুহোমা ১৯৮২ চনৰ দিল্লী এছিয়ান গেমছৰ সাংগঠনিক সম্পাদক আছিল, য’ৰ অধ্যক্ষ আছিল ৰাজীৱ গান্ধী৷ 

লালডুহোমাৰ মন্ত্ৰীসভা শুৱনি কৰিবলৈ আগবাঢ়িছে এগৰাকী ৰূপৱতী মিজো-ললনা বেৰিল ভানেইছাংগি৷ এসময়ৰ মডেল, টিভি এংকৰ বেৰিলক লৈ আজি দেশৰ ছ’চিয়েল মিডিয়া একপ্ৰকাৰ উত্তাল৷ মন্ত্ৰীৰ আসনত অধিষ্ঠিত নৌহওঁতেই নেটিজেনে সম্ভাৱ্য মন্ত্ৰী বুলি আদৰণি জনাইছে ৩২বছৰীয়া সুন্দৰী মডেল বেৰিলক৷ ছ’চিয়েল মিডিয়াত আজি বেৰিলৰ বিভিন্ন ভংগীৰ ফটো ভাইৰেল৷ অৱশ্যে আজি আইজল দক্ষিণ-৩ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বেৰিলে কেইবাবছৰ পূৰ্বেই ৰাজনীতিত প্ৰৱেশ কৰি জেডপিএম দলৰ পৰা আইজল মিউনিচিপেলিটিৰ কৰ্প’ৰেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ ইনষ্টাগ্ৰামৰ বায়’ত বেৰিলে নিজৰ চিনাকি দিছে– পাবলিক ফিগাৰ, টিভি প্ৰেজেণ্টাৰ, হষ্টেছ, এংকৰ, মডেল, ৰাজনীতিক হিচাপে, যাৰ ইনষ্টাগ্ৰামত ফল’ৱাৰৰ সংখ্যা আজি এদিনতে কেইবালাখ বাঢ়ি ২৫লাখ হৈছে আৰু সেই সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আছে৷ ৰাজ্যৰ সৰ্বকনিষ্ঠ মহিলা বিধায়কৰ অভিলেখ ৰচা বেৰিলক লালডুহোমা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাটো দলীয় সূত্ৰমতে খাটাং৷