Logo
image

এতিয়াও ঘোষণা হোৱা নাই ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম; সৰ্বানন্দ সোণোৱালক গুৰু দায়িত্ব অৰ্পণ

ডিজিটেল ডেস্কঃ ছত্তীশগড়ত বিজেপিয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৰ্যবেক্ষক হিচাপে সৰ্বানন্দ সোণোৱালক গুৰু দায়িত্বভাৰ অৰ্পণ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৰ্গই। ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বাবে ৩ জন কেন্দ্ৰীয় মন্ত্ৰীসহ ৯ জন পৰ্যবেক্ষকৰ নাম ঘোষণা কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই। 

ৰাজস্থানৰ পৰ্যবেক্ষক হিচাবে বাছনি কৰা হৈছে- কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱৰে আৰু ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডেক। 

মধ্যপ্ৰদেশৰ পৰ্যবেক্ষক হিচাবে বাছনি কৰা হৈছে- হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু দলটোৰ জ্যেষ্ঠ সদস্য তথা ৰাষ্ট্ৰীয় সভাপতি কে লক্ষ্মণ আৰু ৰাষ্ট্ৰীয় সম্পাদক আশা লাক্ৰাক। 

আনহাতে ছত্তীশগড়ৰ পৰ্যবেক্ষক হিচাপে বাছনি হৈছে- কৃষি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বন্দৰ আৰু জাহাজ পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্যন্ত  কুমাৰ গৌতমে ।