Logo
image

পুনৰ হাজাৰ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ ডিচেম্বৰঃ ন ন আঁচনিৰ জৰিয়তে হিতাধিকাৰীক চৰকাৰী সা-সুবিধা প্ৰদানেৰে চমক সৃষ্টি কৰা চৰকাৰৰ এতিয়া যেন ৰাজকোষ খালী হৈ পৰিছে৷ তলি উদং হোৱা ৰাজকোষ চহকী কৰাৰ বাবে পুনৰ ঋণ ল’বলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে৷ অৰ্থনীতিবিদ তথা বিশেষজ্ঞসকলে অনুৎপাদনশীল আঁচনিৰ নামত ৰাজকোষৰ ধন ব্যয় নকৰিবলৈ চৰকাৰক বাৰম্বাৰ সকীয়াই অহাৰ পাছতো একমাত্ৰ ভোটবেংকৰ ৰাজনীতিৰ স্বাৰ্থতে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে হিতাধিকাৰী আঁচনিৰ নামতেই হাজাৰ হাজাৰ কোটি  টকা ব্যয় কৰিছে৷ ইফালে কেন্দ্ৰীয় চৰকাৰে জি এছ টি ক্ষতিপূৰণ বন্ধ কৰি দিয়াৰ পাছৰে পৰা ৰাজ্যৰ বিত্তীয় অৱস্থা যেন অধিক সূচনীয় হোৱাৰ দিশে গতি কৰিছে৷ যাৰ বাবে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ঋণ লোৱাৰ বাহিৰে চৰকাৰৰ হাতত বিকল্প পথ নোহোৱা হৈ পৰিছে৷ ফলত ৰাজ্যত নতুন দিগন্তৰ সূচনা হোৱা বুলি ঢাক-ঢোল বজোৱা অসম চৰকাৰে পুনৰবাৰ এক হাজাৰ কোটি টকা ঋণ লোৱাৰ বাবে সাজু হৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ষ্টক নিলাম কৰি ১২ ডিচেম্বৰত অসম চৰকাৰে ১০০০ কোটি টকা ঋণৰ বাবে ইতিমধ্যে নিবিদা আহ্বান কৰিছে৷ লক্ষণীয়ভাৱে চলিত ডিচেম্বৰত নতুনকৈ ১০০০ কোটি টকা ঋণ লোৱাৰ বাবে সাজু হোৱা অসম চৰকাৰৰ ধাৰৰ বোজা সম্প্ৰতি ডেৰ লাখ কোটি টকাৰ অতিক্ৰম কৰিলে৷ তাৎপৰ্যপূৰ্ণভাৱে অসম চৰকাৰৰ বাৰ্ষিক বাজেট ১ লাখ ৪০ হাজাৰ কোটি টকা যদিও এতিয়া ঋণৰ পৰিমাণে বাৰ্ষিক বাজেট অতিক্ৰম কৰিলে৷ কিন্তু ইয়াৰ পাছতো বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ২০২৬ৰ কাৰ্যকালৰ ভিতৰত দুই লাখ কোটি টকা ঋণ লোৱাৰ পৰিকল্পনা কৰিছে৷ উল্লেখ্য, পূৰ্বে চৰকাৰে বিগত ৭ নৱেম্বৰত ১০০০ কোটি টকা ঋণ লৈছিল৷ একেদৰে ছেপ্টেম্বৰত ১৫০০ কোটি টকা আৰু অক্টোবৰত ২০০০ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে৷