Logo
image

শতাধিক টিকট-প্ৰত্যাশীৰ পৰা কোটি টকা তুলি বাজীমাৎ কৰাৰ চেষ্টা ৰাজীৱ ভৱনৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰঃ লোকসভা নিৰ্বাচনত শতাধিক টিকট প্ৰত্যাশীৰ পৰা কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে কংগ্ৰেছে৷ প্ৰতিজন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা টিকটৰ বাবে আবেদনৰ নামত এক লাখকৈ টকা সংগ্ৰহ কৰি বাজীমাৎ কৰাৰ চেষ্টা কৰিছে ৰাজীৱ ভৱনে৷ এক লাখ টকা জমা দিলেহে টিকটৰ বাবে আবেদন কৰিব পাৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে৷ নিৰ্বাচন খেলিবলৈ আগ্ৰহ থকা প্ৰাৰ্থীক ১৯ ডিচেম্বৰৰ ভিতৰত আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ জাননী জাৰি কৰা হৈছে৷ টিকট প্ৰদানক লৈ কংগ্ৰেছৰ নতুন ফৰ্মূলাক লৈ গৰম ৰাজ্যৰ ৰাজনীতি৷ লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ ৩ মাহ বাকী৷ আৰ্থিক সংকটত জুৰুলা দলটোৰ আৰ্থিক অৱস্থা টনকীয়াল কৰিবলৈ কংগ্ৰেছে নতুন ফৰ্মূলাক প্ৰয়োগৰ বিৰুদ্ধে সৰৱ শাসকীয় দলৰ নেতা-পালিনেতা৷ কংগ্ৰেছৰ নতুন ফৰ্মূলকা লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– আবেদন পত্ৰৰ লগত নগদ এক লাখ টকা বিচাৰি কংগ্ৰেছে আৰম্ভ কৰিছে নতুন দুৰ্নীতি৷ বিধায়ক মানৱ ডেকাই  প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–গান্ধী পৰিয়ালৰ জোলোঙা শক্তিশালী কৰাত নামিছে ভূপেন বৰা৷ বিধায়ক দিগন্ত কলিতাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–আবেদনৰ লগত এক লাখ টকা বিচাৰি কংগ্ৰেছে দুৰ্নীতি নহয়, মহা দুৰ্নীতি কৰিছে৷ এয়া কংগ্ৰেছৰ ‘টেণ্ডাৰ চেল’ নেকি? বিজেপিৰ সুৰতে সুৰ মিলাই ইউডিএফ বিধায়ক ৰফিকুল ইছলামেও কংগ্ৰেছক সমালোচনা কৰে৷ তেওঁ কয়–বিজেপিয়ে আদানিৰ পৰা লয়, আম্বানিৰ পৰা ধন লয়৷ কংগ্ৰেছে সাধাৰণ লোকৰ পৰা লৈছে৷ দলটো চলিবতো লাগিব৷ আমি আবেদনৰ সময়ৰ ৫-১০ হাজাৰ টকা ‘টকেন মানী’ হিচাপে দিব লাগে৷ বিজেপি-ইউডিএফ বিধায়কৰ এনে সমালোচনাৰ পাছত কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয়– মই কংগ্ৰেছৰ সাংগঠনিক দিশৰ এশটাৰো অধিক গ্ৰুপত আছো৷ এক লাখ টকা দিয়াক লৈ কোনেও আপত্তি কৰা দেখা নাই৷ বিজেপি-ইউডিএফৰহে আপত্তি কিয়? এয়া কংগ্ৰেছৰ আভ্যন্তৰীণ বিষয়৷ জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰীয়ে কংগ্ৰেছে আবেদনৰ নামত ডিমাণ্ড ড্ৰাট যোগে জমা দিবলৈ কৈছে৷ ইয়াক লৈ আপত্তি কৰাৰ থল নাই৷ এই বিষয়ক লৈ হৈ থকা বিতৰ্কৰ অৱমান ঘটাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়–বিজেপিয়ে টকা লয় আদানি-আম্বানিৰ পৰা৷ আমি লৈছোঁ দলৰ নেতা-কৰ্মীৰ পৰা৷ চাকৰিৰ নামত ৩ লাখ টকাৰ আঢ়ৈ লাখ নিজৰ নামত আৰু ৫০ হাজাৰ টকা দলৰ নামত লৈ আমাৰ কাৰ্যালয় সম্পাদক পলাই থাকিবলগীয়া হোৱা নাই৷ যি লৈছোঁ সেয়া সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট৷ আমি কয়লা চিণ্ডিকেট, ছুপাৰি চিণ্ডিকেটৰ পৰা ধন লোৱা নাই৷ আমি যোৱাবাৰ বিধানসভাত ৪০ হাজাৰকৈ টকা লৈছিলোঁ৷ এইবাৰ এক লাখকৈ লৈছোঁ৷ যিকেইখন আসন মিত্ৰ জোঁটক এৰি দিয়া হ’ব সেইকেইখন আসনৰ বিপৰীতে আবেদনৰ সময়ত দিয়া ধন ওভোটাই দিম৷ ইফালে, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ দাবী–ভূপেন বৰাৰ ঘৰত অভিযান চলালে টকাৰ লাইব্ৰেৰী ওলাব৷